--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুৰণি পেঞ্চন আঁচনি দাবী কৰা ৰাজ্যসমূহক সতৰ্ক কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুৰণি পেঞ্চন আঁচনিলৈ ঘূৰি অহা ৰাজ্যসমূহক এক স্পষ্ট সতৰ্কবাণী প্ৰদান কৰি চুবুৰীয়া দেশসমূহৰ বিত্তীয় সংকটৰ উদাহৰণ দাঙি ধৰিছে সংসদৰ মজিয়াত৷ 

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, চুবুৰীয়া দেশবোৰৰ দুৰ্দশা চাওক। চাওক কিমান ঋণৰ বোজাত দেশবোৰ ভুগি আছে। যদি আমি একেটা উদাহৰণ অনুসৰণ কৰোঁ আৰু কিছুমান ৰাজ্যৰ দৰে বেপৰোৱাভাৱে ব্যয় কৰোঁ, এই বোজা আগন্তুক প্ৰজন্মলৈ প্ৰবাহিত হ'ব৷ আৰু আমাৰ দেশ ধ্বংস হ'ব৷

বিত্ত মন্ত্ৰালয়ে এই সপ্তাহৰ আৰম্ভণিতে কৈছিল যে পাঁচখন ৰাজ্য ৰাজস্থান, ছত্তীশগড়, ঝাৰখণ্ড, পঞ্জাব আৰু হিমাচল প্ৰদেশে কৈছিল যে তেওঁলোকে পুৰণি পেঞ্চন নীতিলৈ ঘূৰি যাব। কেন্দ্ৰই ৰাজ্যসমূহক বাৰে বাৰে সতৰ্ক কৰি দিছে যে যদি তেওঁলোকে অ'পিএছলৈ ঘূৰি যায় তেন্তে ভয়াৱহ হ'ব বিত্তীয় ফলাফল৷

অ'পিএছ পুনৰুদ্ধাৰৰ চাহিদা নতুন নহয়। কিন্তু শেহতীয়াকৈ ৰাজনৈতিক দলসমূহে, মুখ্যতঃ বিজেপিৰ বিৰোধীসকলে ইয়াৰ বাবে এটা প্ৰচাৰ আৰম্ভ কৰিছে।

চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজনৈতিক দলসমূহে দেশৰ সন্তানৰ ভৱিষ্যতৰ সৈতে খেলিব নালাগে। তেওঁ ৰাজ্যসমূহৰ দ্বাৰা বিত্তীয় অনুশাসন বিচাৰিছিল। মোদীয়ে লগতে কয়, আপোনালোকে এনে পাপ কৰা উচিত নহয়। যদিও আমি আমাৰ জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ম, আমাৰ সন্তানৰ ভৱিষ্যত ধ্বংস হ'ব৷

স্বাধীনতাৰ পাছত কাৰ্যকৰী কৰা অ'পিএছ-ৰ অধীনত, ২০ বছৰৰ চাকৰি থকা কৰ্মচাৰীসকলে তেওঁলোকৰ অন্তিম অংকিত দৰমহাৰ ৫০ শতাংশ পেঞ্চন হিচাপে পাইছিল। অ.পি.এছ.ৰ বাবে কোনো পুঁজি ৰখাৰ পৰিকল্পনা বা পুঁজি নাই, আৰু চৰকাৰৰ দায়বদ্ধতা বাঢ়ি গৈ আছে।

নতুন পেঞ্চন আঁচনি (এনপিএছ) এক দীৰ্ঘম্যাদী পৰিৱৰ্তন আছিল। ২০০৪ চনত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বৰ্ধিত পেঞ্চন বিল হ্ৰাস কৰিবলৈ ইয়াক কাৰ্যকৰী কৰিছিল। এন.পি.এছ.-ৰ অধীনত, চৰকাৰ আৰু কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ক্ৰমান্বয়ে ১০ আৰু ১৪ শতাংশ পেঞ্চন পুঁজিলৈ অৰিহণা যোগায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু