--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰীৰ সময়ত কোনো নিযুক্তি হোৱা নাছিল এইবাৰ গতিকে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আগ্ৰহী ৰে’লৱে বিভাগ। ৰেলৱে’ মন্ত্ৰী অশ্বিন বৈষ্ণবে কয় যে এপ্ৰিল মাহৰ ভিতৰত ৰেলৱেই ১ লাখ ৩৫ হাজাৰ খালী পদৰ নিযুক্তি সম্পূৰ্ণ কৰিব। কিন্তু ইয়াৰ বাবে নতুকৈ কোনো পৰীক্ষা অনুষ্ঠিত নহ’ব।

ইংৰাজী সংবাদ মাধ্যম "দ্য হিন্দু"ক দিয়া এক সাক্ষাৎকাৰত ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে ৰে’ল পৰীক্ষাৰ বাবে আৱেদন কৰাসকলৰ মাজৰ পৰাই নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে ভাৰতীয় ৰেলৱেৰ মুঠ পদ ১৪ লাখ ৯৩ হাজাৰ। ইয়াৰে ৩ লাখ ১৪ হাজাৰ পদ খালী। ইতিমধ্যে ২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত এই পদসমূহৰ বাবে ৩ কোটি ৬৫ লাখ চাকৰি আকাংক্ষীয়ে আবেদন কৰিছিল। কিন্তু কৰ’নাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ গ’ল। এইবাৰ এপ্ৰিলৰ পূৰ্বে মুঠ খালী পদৰ ৪৩ শতাংশ পূৰণৰ লক্ষ্য।

যিবোৰ পদ পূৰণ হ’ব লগা বেছিভাগেই লেভেল ৱান। এই পৰ্যায়ত পইণ্টমেন, চিগনেল আৰু টেলিকম সহায়ক, ট্ৰেকস্পাৰ্ছন নিয়োগ কৰা হয়। এই স্থানসমূহ ৰেলপথৰ স্বাভাৱিক চলাচলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই পদৰ বাবে প্ৰায় ১ কোটি ১ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল।

১৭ আগষ্টৰ পৰা ১১ অক্টোবৰ ২০২২লৈ পৰ্যায়ক্ৰমে পৰীক্ষাও অনুষ্ঠিত কৰে ৰে’লৱে। লিখিত পৰীক্ষাৰ ফলাফল অহা ২৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব। ৰে’লৱে এইবাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ৩৩ দিনত ৯৯টা শ্বিফটত সম্পন্ন হয় এই পৰীক্ষা৷

ৰে’লৱেৰ সূত্ৰ অনুসৰি এই পৰীক্ষাৰ ব্যয় ১২০০ কোটি টকাতকৈও অধিক। ৰেলৱেই প্ৰতিজন প্ৰাৰ্থীৰ ৩০০ৰ পৰা ৪০০ টকা খৰচ কৰিব লাগিব। কাৰণ, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত কেইবাটাও ব্যক্তিগত সংস্থাক কম্পিউটাৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছিল। কৰ’না ভাইৰাছৰ বাবে ৰে’লৰ খৰচো বৃদ্ধি পাইছে। ক'ৰ'না কালৰ পূৰ্বে ১০০০ লোক বহিব পৰা হলটোত ২০০ৰ পৰা ৩০০ পৰীক্ষাৰ্থীক ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement