--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামাৰীৰ সময়ত কোনো নিযুক্তি হোৱা নাছিল এইবাৰ গতিকে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আগ্ৰহী ৰে’লৱে বিভাগ। ৰেলৱে’ মন্ত্ৰী অশ্বিন বৈষ্ণবে কয় যে এপ্ৰিল মাহৰ ভিতৰত ৰেলৱেই ১ লাখ ৩৫ হাজাৰ খালী পদৰ নিযুক্তি সম্পূৰ্ণ কৰিব। কিন্তু ইয়াৰ বাবে নতুকৈ কোনো পৰীক্ষা অনুষ্ঠিত নহ’ব।

ইংৰাজী সংবাদ মাধ্যম "দ্য হিন্দু"ক দিয়া এক সাক্ষাৎকাৰত ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে ৰে’ল পৰীক্ষাৰ বাবে আৱেদন কৰাসকলৰ মাজৰ পৰাই নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে ভাৰতীয় ৰেলৱেৰ মুঠ পদ ১৪ লাখ ৯৩ হাজাৰ। ইয়াৰে ৩ লাখ ১৪ হাজাৰ পদ খালী। ইতিমধ্যে ২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত এই পদসমূহৰ বাবে ৩ কোটি ৬৫ লাখ চাকৰি আকাংক্ষীয়ে আবেদন কৰিছিল। কিন্তু কৰ’নাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ গ’ল। এইবাৰ এপ্ৰিলৰ পূৰ্বে মুঠ খালী পদৰ ৪৩ শতাংশ পূৰণৰ লক্ষ্য।

যিবোৰ পদ পূৰণ হ’ব লগা বেছিভাগেই লেভেল ৱান। এই পৰ্যায়ত পইণ্টমেন, চিগনেল আৰু টেলিকম সহায়ক, ট্ৰেকস্পাৰ্ছন নিয়োগ কৰা হয়। এই স্থানসমূহ ৰেলপথৰ স্বাভাৱিক চলাচলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই পদৰ বাবে প্ৰায় ১ কোটি ১ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল।

১৭ আগষ্টৰ পৰা ১১ অক্টোবৰ ২০২২লৈ পৰ্যায়ক্ৰমে পৰীক্ষাও অনুষ্ঠিত কৰে ৰে’লৱে। লিখিত পৰীক্ষাৰ ফলাফল অহা ২৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব। ৰে’লৱে এইবাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ৩৩ দিনত ৯৯টা শ্বিফটত সম্পন্ন হয় এই পৰীক্ষা৷

ৰে’লৱেৰ সূত্ৰ অনুসৰি এই পৰীক্ষাৰ ব্যয় ১২০০ কোটি টকাতকৈও অধিক। ৰেলৱেই প্ৰতিজন প্ৰাৰ্থীৰ ৩০০ৰ পৰা ৪০০ টকা খৰচ কৰিব লাগিব। কাৰণ, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত কেইবাটাও ব্যক্তিগত সংস্থাক কম্পিউটাৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছিল। কৰ’না ভাইৰাছৰ বাবে ৰে’লৰ খৰচো বৃদ্ধি পাইছে। ক'ৰ'না কালৰ পূৰ্বে ১০০০ লোক বহিব পৰা হলটোত ২০০ৰ পৰা ৩০০ পৰীক্ষাৰ্থীক ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন