--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰক বিচলিত কৰি তুলিছে চৰকাৰী কৰ্মচাৰীয়ে।  পুৰণি পেঞ্চনৰ নীতি পুনৰ প্ৰৱৰ্তনৰ  দাবীত দিল্লীৰ ৰামলীলা ময়দানত চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিবাদ সাৱস্ত্য কৰিছে। সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি  পেঞ্চন নীতিৰ দাবীত নতুন দিল্লীত   প্ৰতিবাদ কৰিছে।  নেচনেল মুভমেণ্ট ফৰ অল্ড পেঞ্চন আঁচনিৰ (এনএমওপিএছ) নেতা বিজয় কুমাৰ বন্ধুৱে কয়, "কেন্দ্ৰই ইয়াক অনুমোদন দিলেই সকলো সমস্যাৰ সমাধান হ’ব। ৰাজ্য চৰকাৰৰ ইয়াত বিশেষ   কোনো দায়বদ্ধতা নাই। অৱশ্যে, মোদী চৰকাৰে সেয়া কৰা নাই।’’

এনএমঅ'পিএছে এক বিবৃতিত সতৰ্ক কৰি দিছে যে যদি কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন আঁচনি (অ'পিএছ)প্ৰৱৰ্তন নকৰে, তেন্তে সংগঠনটোৱে  আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে "অ'পিএছৰ বাবে ভোট" শীৰ্ষক  প্ৰচাৰ আৰম্ভ কৰিব। এনএমঅ'পিএছ প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে  কংগ্ৰেছ নেতা তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও। বহুজন সমাজ পাৰ্টিৰ এজন সাংসদকো ৰামলীলা ময়দানত দেখা যায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিবাদক সমৰ্থন কৰিছে। কেজৰিৱালে  লিখিছে, "অ'পিএছ ঘূৰাই আনিব লাগে।আমি নৈতিকভাৱে এই আন্দোলনক সমৰ্থন কৰি আছো।"  কংগ্ৰেছে কয়, "পুৰণি পেঞ্চন নীতি হৈছে কৰ্মচাৰীসকলৰ অধিকাৰ’’। তেওঁলোকে মোদী চৰকাৰক দেশৰ সেৱা কৰি থকা লাখ লাখ চৰকাৰী কৰ্মচাৰীক যথোপযুক্ত সন্মান দিবলৈও পৰামৰ্শ দিয়ে । 
উল্লেখ্য মহাৰাষ্ট্ৰকে দৰি দেশৰ বহু কেইখন ৰাজ্যত  ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ এটা অংশ পেঞ্চন পুঁজিত জমা কৰিব লাগিব। চৰকাৰে কৰ্মচাৰীৰ পেঞ্চন আঁচনিতো একে পৰিমাণৰ ধন জমা দিয়ে। অৱসৰৰ পিছত, সেই জমাৰ পৰা চৰকাৰী কৰ্মচাৰীসকলক সামান্য পৰিমাণৰ পেঞ্চন দিয়া হয়। বিশেষ কথাটো হ’ল কেৱল চৰকাৰী কৰ্মচাৰীয়েই নহয়, সাধাৰণ নাগৰিকেও এই প্ৰণালীত পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰে। সেই অৰ্থত, চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চন হিচাপে কোনো অতিৰিক্ত লাভালাভ লাভ কৰা নাই বুলি অভিযোগ উঠিছে।

স্বাভাৱিকতে, চৰকাৰী কৰ্মচাৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা দেখা গৈছে।   কংগ্ৰেছ শাসিত ৰাজ্যসমূহত পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে।  মধ্যপ্ৰদেশ , ৰাজস্থান, ছত্তীশগড় আৰু হিমাচল প্ৰদেশত পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে। আঁচনি অনুসৰি চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত মাহিলী পেঞ্চন হিচাপে তেওঁলোকৰ অন্তিম  দৰমহাৰ ৫০  শতাংশ লাভ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক