--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰক বিচলিত কৰি তুলিছে চৰকাৰী কৰ্মচাৰীয়ে।  পুৰণি পেঞ্চনৰ নীতি পুনৰ প্ৰৱৰ্তনৰ  দাবীত দিল্লীৰ ৰামলীলা ময়দানত চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিবাদ সাৱস্ত্য কৰিছে। সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি  পেঞ্চন নীতিৰ দাবীত নতুন দিল্লীত   প্ৰতিবাদ কৰিছে।  নেচনেল মুভমেণ্ট ফৰ অল্ড পেঞ্চন আঁচনিৰ (এনএমওপিএছ) নেতা বিজয় কুমাৰ বন্ধুৱে কয়, "কেন্দ্ৰই ইয়াক অনুমোদন দিলেই সকলো সমস্যাৰ সমাধান হ’ব। ৰাজ্য চৰকাৰৰ ইয়াত বিশেষ   কোনো দায়বদ্ধতা নাই। অৱশ্যে, মোদী চৰকাৰে সেয়া কৰা নাই।’’

এনএমঅ'পিএছে এক বিবৃতিত সতৰ্ক কৰি দিছে যে যদি কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন আঁচনি (অ'পিএছ)প্ৰৱৰ্তন নকৰে, তেন্তে সংগঠনটোৱে  আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে "অ'পিএছৰ বাবে ভোট" শীৰ্ষক  প্ৰচাৰ আৰম্ভ কৰিব। এনএমঅ'পিএছ প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে  কংগ্ৰেছ নেতা তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও। বহুজন সমাজ পাৰ্টিৰ এজন সাংসদকো ৰামলীলা ময়দানত দেখা যায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিবাদক সমৰ্থন কৰিছে। কেজৰিৱালে  লিখিছে, "অ'পিএছ ঘূৰাই আনিব লাগে।আমি নৈতিকভাৱে এই আন্দোলনক সমৰ্থন কৰি আছো।"  কংগ্ৰেছে কয়, "পুৰণি পেঞ্চন নীতি হৈছে কৰ্মচাৰীসকলৰ অধিকাৰ’’। তেওঁলোকে মোদী চৰকাৰক দেশৰ সেৱা কৰি থকা লাখ লাখ চৰকাৰী কৰ্মচাৰীক যথোপযুক্ত সন্মান দিবলৈও পৰামৰ্শ দিয়ে । 
উল্লেখ্য মহাৰাষ্ট্ৰকে দৰি দেশৰ বহু কেইখন ৰাজ্যত  ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ এটা অংশ পেঞ্চন পুঁজিত জমা কৰিব লাগিব। চৰকাৰে কৰ্মচাৰীৰ পেঞ্চন আঁচনিতো একে পৰিমাণৰ ধন জমা দিয়ে। অৱসৰৰ পিছত, সেই জমাৰ পৰা চৰকাৰী কৰ্মচাৰীসকলক সামান্য পৰিমাণৰ পেঞ্চন দিয়া হয়। বিশেষ কথাটো হ’ল কেৱল চৰকাৰী কৰ্মচাৰীয়েই নহয়, সাধাৰণ নাগৰিকেও এই প্ৰণালীত পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰে। সেই অৰ্থত, চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চন হিচাপে কোনো অতিৰিক্ত লাভালাভ লাভ কৰা নাই বুলি অভিযোগ উঠিছে।

স্বাভাৱিকতে, চৰকাৰী কৰ্মচাৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা দেখা গৈছে।   কংগ্ৰেছ শাসিত ৰাজ্যসমূহত পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে।  মধ্যপ্ৰদেশ , ৰাজস্থান, ছত্তীশগড় আৰু হিমাচল প্ৰদেশত পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে। আঁচনি অনুসৰি চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত মাহিলী পেঞ্চন হিচাপে তেওঁলোকৰ অন্তিম  দৰমহাৰ ৫০  শতাংশ লাভ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু