--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।

ডিজিটেল ডেস্ক : ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰ অভিযান আৰম্ভ কৰিছিল ।


ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।


অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।


আৰক্ষীৰ বিৰামহীন অভিযান অব্যাহত আছে যদিও ৰাজ্যত ড্ৰাগছৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে ।


সৰবৰাহকাৰীসকলে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে । তাৰ মাজতে কিছুমান ধৰা পৰি আহিছে । শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে ড্ৰাগছৰ সৈতে জড়িত এক খবৰ।


এইবাৰ শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক। শিৱসাগৰৰ নগৰৰ কে পি চাৰিআলিত বিশাল হাজৰিকা নামৰ যুৱকজনক আটক। শিৱসাগৰ আৰক্ষীৰ নগৰ পৰিদৰ্শকে চলোৱা অভিযানত বিশাল হাজৰিকাৰ লগত প্ৰায় ৬৬গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে।


আটকাধীন বিশাল হাজৰিকাক বৰ্তমান শিৱসাগৰ সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ