ডিজিটেল ডেস্ক : ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰ অভিযান আৰম্ভ কৰিছিল ।
ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীৰ বিৰামহীন অভিযান অব্যাহত আছে যদিও ৰাজ্যত ড্ৰাগছৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে ।
সৰবৰাহকাৰীসকলে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে । তাৰ মাজতে কিছুমান ধৰা পৰি আহিছে । শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে ড্ৰাগছৰ সৈতে জড়িত এক খবৰ।
এইবাৰ শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক। শিৱসাগৰৰ নগৰৰ কে পি চাৰিআলিত বিশাল হাজৰিকা নামৰ যুৱকজনক আটক। শিৱসাগৰ আৰক্ষীৰ নগৰ পৰিদৰ্শকে চলোৱা অভিযানত বিশাল হাজৰিকাৰ লগত প্ৰায় ৬৬গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে।
আটকাধীন বিশাল হাজৰিকাক বৰ্তমান শিৱসাগৰ সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।