--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুত্ৰৰ সফলতাতেই জীৱনৰ সাৰ্থকতা বিচাৰি লয় পিতৃয়ে৷ পৰিশ্ৰম, অধ্যৱসায় আৰু সাধনাৰে সফলতাৰ মণি-মুকুতা বোটলা পুত্ৰৰ সফলতাত গৰ্বিত নহৈ পাৰেনে পিতৃ! বিগ বি অমিতাভ ব্যতিক্ৰম হ’ব কিদৰে? গৌৰৱান্বিত পিতৃ তথা মেগাষ্টাৰ অমিতাভ বচ্চনে তেওঁৰ অভিনেতাপুত্ৰ অভিষেকৰ বাবে লিখিছে এটা আৱেগভৰা পোষ্ট৷ 

অভিষেকৰ শেহতীয়া চিনেমা ‘ঘুমৰ’এ আঁজুৰিছে কেইবাটাও সন্মান৷ আৰু পুত্ৰৰ চিনেমাৰ সফলতাৰ বাবে বিগ বিয়ে ইনষ্টাগ্ৰামত ‘ঘুমৰ’ৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে— মোৰ প্ৰাৰ্থনা, মোৰ প্ৰশংসা আৰু মোৰ ভালপোৱা তোমাৰ বাবেই অভিষেক। তুমি মোক বহুত গৌৰৱান্বিত কৰিছা...৷

ইনষ্টাগ্ৰামত অমিতাভে কৰা এই পোষ্টটোৰ কমেণ্ট চেকশ্যনত অভিষেকে নমস্কাৰ আৰু হাঁহি থকা ইমোজী এটা ব্যৱহাৰ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, এইখন এখন অসাধাৰণ চিনেমা, চাব লাগিব।

আৰ বাল্কিৰ দ্বাৰা পৰিচালিত এই চিনেমাখনত অভিষেক, চৈয়ামী খেৰ, অংগদ বেদী আৰু চাবানা আজমীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ১৮ আগষ্টত মুক্তি লাভ কৰিছিল৷

চিনেমাখনত অভিষেকে এজন প্ৰশিক্ষকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যাৰ জীৱনে কাহিনীটোত এক অপ্ৰত্যাশিত ৰূপ লয়৷ এগৰাকী পক্ষাঘাতগ্ৰস্ত খেলুৱৈৰ ঘাত-প্ৰতিঘাত আৰু সংগ্ৰামী গাথাৰে আগবাঢ়ে চিনেমাখনৰ কাহিনী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য