--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুত্ৰৰ সফলতাতেই জীৱনৰ সাৰ্থকতা বিচাৰি লয় পিতৃয়ে৷ পৰিশ্ৰম, অধ্যৱসায় আৰু সাধনাৰে সফলতাৰ মণি-মুকুতা বোটলা পুত্ৰৰ সফলতাত গৰ্বিত নহৈ পাৰেনে পিতৃ! বিগ বি অমিতাভ ব্যতিক্ৰম হ’ব কিদৰে? গৌৰৱান্বিত পিতৃ তথা মেগাষ্টাৰ অমিতাভ বচ্চনে তেওঁৰ অভিনেতাপুত্ৰ অভিষেকৰ বাবে লিখিছে এটা আৱেগভৰা পোষ্ট৷ 

অভিষেকৰ শেহতীয়া চিনেমা ‘ঘুমৰ’এ আঁজুৰিছে কেইবাটাও সন্মান৷ আৰু পুত্ৰৰ চিনেমাৰ সফলতাৰ বাবে বিগ বিয়ে ইনষ্টাগ্ৰামত ‘ঘুমৰ’ৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে— মোৰ প্ৰাৰ্থনা, মোৰ প্ৰশংসা আৰু মোৰ ভালপোৱা তোমাৰ বাবেই অভিষেক। তুমি মোক বহুত গৌৰৱান্বিত কৰিছা...৷

ইনষ্টাগ্ৰামত অমিতাভে কৰা এই পোষ্টটোৰ কমেণ্ট চেকশ্যনত অভিষেকে নমস্কাৰ আৰু হাঁহি থকা ইমোজী এটা ব্যৱহাৰ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, এইখন এখন অসাধাৰণ চিনেমা, চাব লাগিব।

আৰ বাল্কিৰ দ্বাৰা পৰিচালিত এই চিনেমাখনত অভিষেক, চৈয়ামী খেৰ, অংগদ বেদী আৰু চাবানা আজমীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ১৮ আগষ্টত মুক্তি লাভ কৰিছিল৷

চিনেমাখনত অভিষেকে এজন প্ৰশিক্ষকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যাৰ জীৱনে কাহিনীটোত এক অপ্ৰত্যাশিত ৰূপ লয়৷ এগৰাকী পক্ষাঘাতগ্ৰস্ত খেলুৱৈৰ ঘাত-প্ৰতিঘাত আৰু সংগ্ৰামী গাথাৰে আগবাঢ়ে চিনেমাখনৰ কাহিনী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement