--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ওপৰত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নামো আছে চৰ্চাত। সৰ্বশক্তিমান ভ্লাদিমিৰ পুটিনৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাছিয়াৰ স্থানীয় সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে যে যৌনশক্তি বৃদ্ধি কৰিবলৈ পুটিনে হৰিণৰ শিঙৰ পৰা ওলোৱা তেজেৰে গা ধুৱে। ৬৯ বছৰীয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ যৌৱন ধৰি ৰাখিবলৈ আৰু যৌনশক্তি বৃদ্ধি কৰিবলৈ চাইবেৰিয়াৰ হৰিণৰ শিঙৰ তেজ ব্যৱহাৰ কৰে। তেওঁ বছৰত তিনিৰ পৰা চাৰিবাৰ এই কামটো কৰে। পুটিনৰ বিষয়ে এই বাতৰি প্ৰকাশ পোৱাৰ পাছত সকলো লোক স্তম্ভিত হৈ পৰিছে। এই তেজক 'ভায়াগ্ৰা ব্লাড' বুলি কোৱা হয়। উল্লেখ্য যে পুটিনৰ বাবে প্ৰতি বছৰে প্ৰায় ৭০ কিলোগ্ৰাম হৰিণৰ শিং কটা হয়। তেওঁ এই শিংবোৰৰ পৰা ওলাই অহা তেজৰে গা ধুৱে। হৰিণৰ শিঙৰ তেজ প্ৰথমে উতলাই লোৱা হয়। তাৰপাছত ইয়াক পানীত মিহলি কৰা হয় আৰু গা ধোৱা হয়। এনেকুৱা কৰাৰ ফলত যৌনশক্তি আৰু পুৰুষত্ব বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। চাইবেৰিয়াত পোৱা হৰিণৰ শিং কাটি ইয়াৰ তেজ উলিয়াই কেৱল গা ধুৱাই নহয় সেই কটা শিং পিহি, গুড়ি কৰি ইয়াৰ পৰা যৌনশক্তি বৃদ্ধি কৰাৰ ঔষধো তৈয়াৰ কৰা হয়। এই তেজে মানুহৰ যৌনশক্তি বৃদ্ধি কৰাৰ উপৰিও এই তেজৰে গা ধুলে বহু প্ৰকাৰৰ শাৰীৰিক ৰোগৰ পৰা আৰোগ্য লভিব পাৰি। যৌনশক্তি বৃদ্ধি আৰু শাৰীৰিক ৰোগৰ চিকিৎসাত ব্যৱহৃত হৰিণৰ শিঙৰ তেজ উলিয়াবৰ বাবে হৰিণৰ শিং বোৰ নিৰ্মমভাৱে কাটি পেলোৱা হয়। হৰিণৰ শিং কাটিবলৈ এটা চেম্বাৰ নিৰ্মাণ কৰা হয়, য'ত হৰিণে চলাচল কৰিব নোৱাৰে। তাত হৰিণৰ শিংবোৰ কটা হয়। হৰিণৰ শিঙৰ তেজ বটলত ভৰাই বিক্ৰী কৰা হয়। মানুহে লাখ লাখ টকা খৰচ কৰি এই তেজ ক্ৰয় কৰে। এই তেজ ব্যৱহাৰ কৰিলে মহিলাসকলৰ দেহতো বয়সৰ চাপ নপৰে বুলি বিশ্বাস কৰা হয়। বেছিভাগ মানুহে বটলত বিক্ৰী হোৱা হৰিণৰ শিঙৰ তেজ পান কৰে। দক্ষিণ কোৰিয়া আৰু অন্যান্য এছিয়ান দেশত হৰিণৰ তেজৰ সৰ্বাধিক যোগান ধৰা হয়। উল্লেখ্য যে হৰিণৰ শিং কটাৰ আগত হৰিণটোক এনাস্থেচিয়া দিয়া নহয়। হৰিণটো সম্পূৰ্ণ জ্ঞানত থাকে আৰু এই অসহনীয় বেদনা সহ্য কৰে। ইয়াৰ পাছত হৰিণটোক বেণ্ডেজ বান্ধি দিয়া হয়। কেইদিনমানৰ পাছত হৰিণৰ শিংবোৰ পুনৰ বাঢ়িবলৈ আৰম্ভ কৰে। আৰু পঢ়কঃ বিয়া পাতিবলৈ মন মেলিছে মিকা সিঙে! কৰিছে স্বয়ম্বৰৰ আয়োজন,লাগিছে যুৱতীৰ ভিৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ