--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ওপৰত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নামো আছে চৰ্চাত। সৰ্বশক্তিমান ভ্লাদিমিৰ পুটিনৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাছিয়াৰ স্থানীয় সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে যে যৌনশক্তি বৃদ্ধি কৰিবলৈ পুটিনে হৰিণৰ শিঙৰ পৰা ওলোৱা তেজেৰে গা ধুৱে। ৬৯ বছৰীয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ যৌৱন ধৰি ৰাখিবলৈ আৰু যৌনশক্তি বৃদ্ধি কৰিবলৈ চাইবেৰিয়াৰ হৰিণৰ শিঙৰ তেজ ব্যৱহাৰ কৰে। তেওঁ বছৰত তিনিৰ পৰা চাৰিবাৰ এই কামটো কৰে। পুটিনৰ বিষয়ে এই বাতৰি প্ৰকাশ পোৱাৰ পাছত সকলো লোক স্তম্ভিত হৈ পৰিছে। এই তেজক 'ভায়াগ্ৰা ব্লাড' বুলি কোৱা হয়। উল্লেখ্য যে পুটিনৰ বাবে প্ৰতি বছৰে প্ৰায় ৭০ কিলোগ্ৰাম হৰিণৰ শিং কটা হয়। তেওঁ এই শিংবোৰৰ পৰা ওলাই অহা তেজৰে গা ধুৱে। হৰিণৰ শিঙৰ তেজ প্ৰথমে উতলাই লোৱা হয়। তাৰপাছত ইয়াক পানীত মিহলি কৰা হয় আৰু গা ধোৱা হয়। এনেকুৱা কৰাৰ ফলত যৌনশক্তি আৰু পুৰুষত্ব বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। চাইবেৰিয়াত পোৱা হৰিণৰ শিং কাটি ইয়াৰ তেজ উলিয়াই কেৱল গা ধুৱাই নহয় সেই কটা শিং পিহি, গুড়ি কৰি ইয়াৰ পৰা যৌনশক্তি বৃদ্ধি কৰাৰ ঔষধো তৈয়াৰ কৰা হয়। এই তেজে মানুহৰ যৌনশক্তি বৃদ্ধি কৰাৰ উপৰিও এই তেজৰে গা ধুলে বহু প্ৰকাৰৰ শাৰীৰিক ৰোগৰ পৰা আৰোগ্য লভিব পাৰি। যৌনশক্তি বৃদ্ধি আৰু শাৰীৰিক ৰোগৰ চিকিৎসাত ব্যৱহৃত হৰিণৰ শিঙৰ তেজ উলিয়াবৰ বাবে হৰিণৰ শিং বোৰ নিৰ্মমভাৱে কাটি পেলোৱা হয়। হৰিণৰ শিং কাটিবলৈ এটা চেম্বাৰ নিৰ্মাণ কৰা হয়, য'ত হৰিণে চলাচল কৰিব নোৱাৰে। তাত হৰিণৰ শিংবোৰ কটা হয়। হৰিণৰ শিঙৰ তেজ বটলত ভৰাই বিক্ৰী কৰা হয়। মানুহে লাখ লাখ টকা খৰচ কৰি এই তেজ ক্ৰয় কৰে। এই তেজ ব্যৱহাৰ কৰিলে মহিলাসকলৰ দেহতো বয়সৰ চাপ নপৰে বুলি বিশ্বাস কৰা হয়। বেছিভাগ মানুহে বটলত বিক্ৰী হোৱা হৰিণৰ শিঙৰ তেজ পান কৰে। দক্ষিণ কোৰিয়া আৰু অন্যান্য এছিয়ান দেশত হৰিণৰ তেজৰ সৰ্বাধিক যোগান ধৰা হয়। উল্লেখ্য যে হৰিণৰ শিং কটাৰ আগত হৰিণটোক এনাস্থেচিয়া দিয়া নহয়। হৰিণটো সম্পূৰ্ণ জ্ঞানত থাকে আৰু এই অসহনীয় বেদনা সহ্য কৰে। ইয়াৰ পাছত হৰিণটোক বেণ্ডেজ বান্ধি দিয়া হয়। কেইদিনমানৰ পাছত হৰিণৰ শিংবোৰ পুনৰ বাঢ়িবলৈ আৰম্ভ কৰে। আৰু পঢ়কঃ বিয়া পাতিবলৈ মন মেলিছে মিকা সিঙে! কৰিছে স্বয়ম্বৰৰ আয়োজন,লাগিছে যুৱতীৰ ভিৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু