--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্ববৃহৎ বিমানখন৷ সকলোৰেই বাবে এই বিমানখন আছিল এটি সপোন৷ যাৰ বাবে বহুতেই বিমানখন 'ড্ৰীম' বুলি অবিহিত কৰিছিল৷ বিমানখন নামাকৰণ কৰা হৈছিল 'ম্ৰিৰা' নামেৰে৷ খবৰ অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিমানখন ৰাছিয়াৰ সৈন্যই ধ্বংস কৰিছে৷ ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰৰ এটা বিমানবন্দৰত ধ্বংসস্তূপলৈ পৰিণত হৈছে বিমানখন। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্রি কুলেবায়ে দেওবাৰে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল। তেওঁ কৈছিল যে মস্কোৱে চতুৰ্থদিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছিল আৰু গুৰুত্বপূৰ্ণ ক্ষতি সাধন কৰিছিল। ইউক্ৰেইনত 'ড্ৰীম' বুলি কোৱা এএন-225 'ম্ৰিয়া' ইউক্ৰেইনৰ এৰোনটিক্স কোম্পানী এণ্টনভে নিৰ্মাণ কৰিছিল আৰু ইয়াক বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো বিমান হিচাপে গণ্য কৰা হৈছিল। খবৰ অনুসৰি ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত কিয়েভৰ বাহিৰৰ হোষ্টমেল বিমানবন্দৰত বিমানখন অগ্নিকুণ্ডত পৰিণত হয়৷ 'আমাৰ সপোনবোৰ ধ্বংস হ'বলৈ নিদিও' ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীয়ে টুইট কৰি কয়, 'বিশ্বৰ সৰ্ববৃহৎ বিমান ম্ৰিয়া (দ্য ড্ৰীম) কিয়েভৰ ওচৰৰ এখন বিমানবন্দৰত ৰাছিয়াৰ সৈন্যই ধ্বংস কৰিছিল। আমি বিমানখন পুনৰ নিৰ্মাণ কৰিম, আমি এক শক্তিশালী, মুক্ত আৰু গণতান্ত্ৰিক ইউক্ৰেইন গঢ়ি তুলিম। আপোনাৰ সপোন পূৰণ কৰোঁ আহক।' বৈদেশিক মন্ত্ৰীৰ উপৰিও ইউক্ৰেইনৰ টুইটাৰ হেণ্ডেলেও এই সন্দৰ্ভত এটা টুইট কৰে আৰু বিমানখনৰ এখন ফটো টুইট কৰি বাৰ্তাটোত লিখিছিল, 'তেওঁলোকে আমাৰ আটাইতকৈ ডাঙৰ বিমানখন জ্বলাই দিছিল কিন্তু আমাৰ 'ম্ৰিয়া' (ড্ৰীম)ক কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ।' একে সময়তে, এই বিমানখন নিৰ্মাণ কৰা কোম্পানী এণ্টনভে কয় যে বিমানখনৰ বৰ্তমানৰ অৱস্থা কি সেয়া তেওঁ ক'ব নোৱাৰে। বিশেষজ্ঞৰ দ্বাৰা এএন-225 পৰীক্ষা নকৰালৈকে, আমি বিমানখনৰ কাৰিকৰী অৱস্থাৰ বিষয়ে একো ক'ব নোৱাৰো। সোনকালেই আমি ইয়াৰ বিষয়ে ঘোষণা কৰিম। বৃহস্পতিবাৰে আৰম্ভ হোৱা যুদ্ধৰ পাছৰে পৰা ৰাছিয়াই ক্ৰুজ মিছাইলেৰে ইউক্ৰেইনৰ মুখ্য চহৰসমূহত নিৰন্তৰ আক্ৰমণ কৰি আহিছে। দেওবাৰে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভ দখল কৰিছিল। শনিবাৰৰলৈকে ইউক্ৰেইনৰ সংঘৰ্ষত তিনিটা শিশুসহ মুঠ ১৯৮জন সাধাৰণ লোক নিহত হৈছে। আনহাতে, এতিয়ালৈকে ১,১১৫জন লোক আহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু