--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা বিক্ৰান্ত মেছিয়ে ৭ ফেব্ৰুৱাৰীত পিতৃত্বৰ গৌৰৱ লাভ কৰে। শিশুটিৰ জন্মৰ প্ৰায় দুসপ্তাহৰ পাছত বিক্ৰান্তে পুত্ৰৰ ছবিখন মুকলি কৰি দিয়ে। একে সময়তে পুত্ৰৰ নাম কি সেই কথাও সদৰী কৰে। শুকুৰবাৰে নিশা বিক্ৰান্তে দুখন ছবিৰ কোলাজ পোষ্ট কৰে। এখন ছবিত বিক্ৰান্তই তেওঁৰ পত্নী শীতল ঠাকুৰ আৰু তেওঁলোকৰ একমাত্ৰ সন্তানক ধৰি আছে। আনখন ছবিত পুত্ৰৰ নাম উল্লেখ কৰা পৰিলক্ষিত হৈছে৷

নৱজাতকৰ মুখখন ছবিখনত স্পষ্ট নহয়। মাকৰ বুকুত পুতি থোৱা আছে একৰাটী। দুয়োজন পিতৃ-মাতৃয়ে পুত্ৰৰ ফালে চাই আছে। পুত্ৰৰ নাম ৰখা হৈছে ‘বৰদান’। ই মূলতঃ হিন্দী শব্দ। যাৰ অৰ্থ আশীৰ্বাদ। '12th ফেইল'ত বিক্ৰান্তৰ অভিনয়ৰ ইতিমধ্যে শলাগ লোৱা হৈছে। বিক্ৰান্তৰ কেৰিয়াৰৰ অন্যতম সফল চিনেমাৰ নাম '12th ফেইল'। দৰ্শকৰ মৰম, উৎসাহ, কামনা আৰু আশীৰ্বাদেৰে বছৰটোৰ আৰম্ভণি কৰিছিল বিক্ৰান্তে। ‘12th ফেইল’ৰ সফলতাৰ ধাৰা এতিয়াও ম্লান হোৱা নাই।

'12th ফেইল'ৰ বিপুল সফলতাৰ পাছত বিক্ৰান্তে এক সাক্ষাৎকাৰত কয়, "ভগৱানৰ আশীৰ্বাদ অবিহনে এইটো সম্ভৱ নহ'লহেঁতেন।মই প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী