--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু সনাতন ধৰ্মত পূজাৰ বিশেষ গুৰুত্ব আছে। সনাতন পৰম্পৰাত পূজাৰ সময়ত ঘণ্টা বজোৱাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। শাস্ত্ৰ অনুযায়ী ঈশ্বৰক পূজা কৰা সময়ত ঘণ্টা বজোৱা হয়। কিন্তু পূজাৰ সময়ত ঘণ্টা ব্যৱহাৰৰ কিছুমান নিয়ম আছে, যিবোৰ পূজাৰ সময়ত মানি চলিব লাগে। তেতিয়াহে পূজা সফল বুলি গণ্য কৰা হয় আৰু দেৱ-দেৱীয়ে আপোনাৰ পূজা গ্ৰহণ কৰে। পূজাৰ ঘণ্টা আৰু ইয়াৰ লগত জড়িত নিয়মৰ বিষয়ে জানি লওক।

 পূজাৰ সময়ত কিয় ঘণ্টা বাজি উঠে?

মন্দিৰৰ প্ৰৱেশদ্বাৰত সদায় ঘণ্টা ৰখা হয়। যাতে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত সকলোৱে ঘণ্টা বজাইহে প্ৰৱেশ কৰে। বিশ্বাস অনুসৰি ঘণ্টা বজালে ধনাত্মক শক্তি সঞ্চাৰ হয়। কিন্তু বহু লোকে ঘণ্টা বজাইহে মন্দিৰৰ পৰা ওলাই আহে। মন্দিৰত ঘণ্টা বজোৱাৰ আঁৰত লুকাই আছে এক গভীৰ ৰহস্য। ঘণ্টাৰ পৰা নিৰ্গত সুৰীয়া শব্দই মনত পূজাৰ প্ৰতি ইতিবাচক চিন্তা জগাই তোলে। ঘণ্টা বজাই পূজা কৰিলে আত্মসন্তুষ্টি পোৱা যায় আৰু  শান্তি অনুভৱ হয়। 

ঘণ্টা বজোৱাৰ নিয়ম-

মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ঘণ্টা বজাব লাগে। মন্দিৰত প্ৰৱেশৰ সময়ত ঘণ্টা বজালে দেৱ-দেৱী জাগ্ৰত হয় আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়।বিশ্বাস অনুসৰি পূজা কৰি বাহিৰলৈ ওলাই যোৱাৰ সময়ত কেতিয়াও ঘণ্টা বজাব নালাগে। শাস্ত্ৰৰ মতে পূজা কৰি উভতি অহাৰ সময়ত ঘণ্টা বাজিলে ঘণ্টাৰ নিয়ম বিৰোধী হয়।

 ঘণ্টা বজোৱাৰ আছে কেইবাটাও নিয়ম। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হ’ল ঘণ্টা কেতিয়াও জোৰেৰে বজাব নালাগে। যদি আপুনি পূজাৰ উদ্দেশ্যেৰে মন্দিৰত প্ৰৱেশ কৰি ঘণ্টা বজাইছে তেন্তে জোৰেৰে ঘণ্টা বাজিলে আপোনাৰ মাজত থকা ভক্তিৰ অনুভূতি ধ্বংস নোহোৱা হ’ব পাৰে। ঘণ্টা অবিৰতভাৱে বজাব নালাগে, এবাৰৰ পৰা তিনিবাৰহে ঘণ্টা বজাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
কানাডাত ভূমিকম্পৰ আশংকা! ১২ হাজাৰ বছৰৰ পিছত জাগ্ৰত হোৱাৰ লক্ষণ ইউকন ফল্ট
বিশ্বনাথত নৱ বিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ৰাতিপুৱা স্কুললৈ গৈছিল... কিন্তু ঘূৰি নাহিল বিট্টু ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পিতৃৰ
মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি!  এগৰাকী মহিলাক চুলিত ধৰি টানি চোঁচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ আত্মীয়ৰ
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা