--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰে নিজৰ ৰাজনৈতিক জীৱনৰ কঠিনতম যুদ্ধত অৱতীৰ্ণ হৈছে।গত ২৪ বছৰত যিটো দল গঢ়ি তুলিছিল, আজি তেওঁ ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। এসময়ত আটাইতকৈ স্নেহৰ ভতিজা অজিত পাৱাৰৰ বিদ্ৰোহৰ পাছত দলৰ বহু প্ৰবীণ নেতাই তেওঁক এৰি থৈ গৈছে। আনকি অজিত পাৱাৰে তেওঁৰ বয়সক লৈ প্ৰশ্ন উত্থাপন কৰি অৱসৰ ল’বলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উত্তৰত জ্যেষ্ঠ পাৱাৰে কয় যে তেওঁ ৮২ বছৰ বয়সতো কাম কৰিবলৈ সাজু। তেওঁ লগতে প্ৰকাশ কৰে যে চৰকাৰত যোগদানৰ বাবে বিজেপিৰ সৈতে তিনিবাৰকৈ আলোচনা হৈছিল, কিন্তু সেই আলোচনা আগবাঢ়িব পৰা নাছিল।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা কথা-বতৰাত এন চি পিৰ নেতাগৰাকীয়ে তেওঁও বুঢ়া হোৱা নাই বুলি উল্লেখ কৰি অটল বিহাৰীৰ বিখ্যাত বাক্যাংশ ‘Nither tired, nor retired' আওৰায়। তেওঁ কয়, যেতিয়ালৈকে দলীয় কৰ্মীয়ে তেওঁক মাৰ্গদৰ্শন বিচাৰি থাকিব, তেওঁ কাম কৰি থাকিব পাৰিব।


উল্লেখ্য যে,অজিত পাৱাৰে ৫ জুলাইত মুম্বাইৰ বান্দ্ৰাত দলৰ নেতাৰ সৈতে শক্তি প্ৰদৰ্শন কৰিছিল। এই বৈঠকত এন চি পিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৩২ গৰাকী বিধায়ক উপস্থিত থাকে। এই সভাত ভাষণ দি থাকোঁতে অজিত পাৱাৰে  শাৰদ পাৱাৰক অৱসৰ ল’বলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, "চৰকাৰী বিষয়াসকলে ৬২ বছৰ বয়সত অৱসৰ লয়। নেতাই ৭৫ বছৰ বয়সত ৰাজনীতিত অৱসৰ লয়, আপোনাৰ ৮৩ বছৰ, আপুনিটো ক'ৰবাত থাকিব লাগিব।"


অজিতৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই জ্যেষ্ঠ পাৱাৰে কয় যে তেওঁ কোনো মন্ত্ৰী পদত অধিষ্ঠিত নোহোৱাকৈও দলৰ হৈ কাম কৰি আছে। তেওঁ ক’লে, মোক অৱসৰ ল’বলৈ ক’বলৈ তেওঁলোক কোন। মই এতিয়াও কাম কৰিব পৰাকৈ সক্ষম৷


একেটা কথা-বতৰাত শাৰদ পাৱাৰে প্ৰকাশ কৰে যে তেওঁ বিজেপিৰ নেতৃত্বত চৰকাৰত যোগদান কৰিবলৈ নিজৰ দলৰ সৈতে কথা পাতিছিল। ২০১৪, ২০১৭ আৰু ২০১৯ চনত তেওঁ বিজেপিৰ সৈতে মিত্ৰতাৰ কথা কৈছিল যদিও ভিন্ন মতাদৰ্শৰ বাবে তেওঁলোক আগবাঢ়িব পৰা নাছিল৷


অজিত পাৱাৰ ফৈদৰ নেতা প্ৰফুল্ল পেটেলে ৬ জুলাইত দিল্লীত আহ্বান কৰা শাৰদ পাৱাৰ ফৈদৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকক অকৰ্তৃত্বশীল বুলি অভিহিত কৰে। প্ৰফুল্ল পেটেলে কৈছিল, কাৰ্যকৰী সমিতিত নেতা নিযুক্তি দলৰ সংবিধান উলংঘা কৰি কৰা হৈছে। প্ৰফুল্ল পেটেলৰ এই দাবীক প্ৰতিহত কৰি শাৰদ পাৱাৰে কয়, যদি তেনে হয় দলৰ সকলো নেতাৰ নিযুক্তি, আনকি প্ৰফুল্ল পেটেলৰ নিযুক্তিও অবৈধ।স্মৰ্তব্য যে,যোৱা মাহত এনচিপিয়ে দলটোত এক বৃহৎ পৰিৱৰ্তন কৰি প্ৰফুল্ল পেটেল আৰু সুপ্ৰিয়া চুলেক দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে। জ্যেষ্ঠ পাৱাৰেও কয় যে প্ৰফুল্ল পেটেলেই দলৰ সভাপতিৰ বাবে তেওঁৰ নাম প্ৰস্তাৱ কৰিছিল, তাৰ পাছত তেওঁ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?