--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰে নিজৰ ৰাজনৈতিক জীৱনৰ কঠিনতম যুদ্ধত অৱতীৰ্ণ হৈছে।গত ২৪ বছৰত যিটো দল গঢ়ি তুলিছিল, আজি তেওঁ ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। এসময়ত আটাইতকৈ স্নেহৰ ভতিজা অজিত পাৱাৰৰ বিদ্ৰোহৰ পাছত দলৰ বহু প্ৰবীণ নেতাই তেওঁক এৰি থৈ গৈছে। আনকি অজিত পাৱাৰে তেওঁৰ বয়সক লৈ প্ৰশ্ন উত্থাপন কৰি অৱসৰ ল’বলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উত্তৰত জ্যেষ্ঠ পাৱাৰে কয় যে তেওঁ ৮২ বছৰ বয়সতো কাম কৰিবলৈ সাজু। তেওঁ লগতে প্ৰকাশ কৰে যে চৰকাৰত যোগদানৰ বাবে বিজেপিৰ সৈতে তিনিবাৰকৈ আলোচনা হৈছিল, কিন্তু সেই আলোচনা আগবাঢ়িব পৰা নাছিল।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা কথা-বতৰাত এন চি পিৰ নেতাগৰাকীয়ে তেওঁও বুঢ়া হোৱা নাই বুলি উল্লেখ কৰি অটল বিহাৰীৰ বিখ্যাত বাক্যাংশ ‘Nither tired, nor retired' আওৰায়। তেওঁ কয়, যেতিয়ালৈকে দলীয় কৰ্মীয়ে তেওঁক মাৰ্গদৰ্শন বিচাৰি থাকিব, তেওঁ কাম কৰি থাকিব পাৰিব।


উল্লেখ্য যে,অজিত পাৱাৰে ৫ জুলাইত মুম্বাইৰ বান্দ্ৰাত দলৰ নেতাৰ সৈতে শক্তি প্ৰদৰ্শন কৰিছিল। এই বৈঠকত এন চি পিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৩২ গৰাকী বিধায়ক উপস্থিত থাকে। এই সভাত ভাষণ দি থাকোঁতে অজিত পাৱাৰে  শাৰদ পাৱাৰক অৱসৰ ল’বলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, "চৰকাৰী বিষয়াসকলে ৬২ বছৰ বয়সত অৱসৰ লয়। নেতাই ৭৫ বছৰ বয়সত ৰাজনীতিত অৱসৰ লয়, আপোনাৰ ৮৩ বছৰ, আপুনিটো ক'ৰবাত থাকিব লাগিব।"


অজিতৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই জ্যেষ্ঠ পাৱাৰে কয় যে তেওঁ কোনো মন্ত্ৰী পদত অধিষ্ঠিত নোহোৱাকৈও দলৰ হৈ কাম কৰি আছে। তেওঁ ক’লে, মোক অৱসৰ ল’বলৈ ক’বলৈ তেওঁলোক কোন। মই এতিয়াও কাম কৰিব পৰাকৈ সক্ষম৷


একেটা কথা-বতৰাত শাৰদ পাৱাৰে প্ৰকাশ কৰে যে তেওঁ বিজেপিৰ নেতৃত্বত চৰকাৰত যোগদান কৰিবলৈ নিজৰ দলৰ সৈতে কথা পাতিছিল। ২০১৪, ২০১৭ আৰু ২০১৯ চনত তেওঁ বিজেপিৰ সৈতে মিত্ৰতাৰ কথা কৈছিল যদিও ভিন্ন মতাদৰ্শৰ বাবে তেওঁলোক আগবাঢ়িব পৰা নাছিল৷


অজিত পাৱাৰ ফৈদৰ নেতা প্ৰফুল্ল পেটেলে ৬ জুলাইত দিল্লীত আহ্বান কৰা শাৰদ পাৱাৰ ফৈদৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকক অকৰ্তৃত্বশীল বুলি অভিহিত কৰে। প্ৰফুল্ল পেটেলে কৈছিল, কাৰ্যকৰী সমিতিত নেতা নিযুক্তি দলৰ সংবিধান উলংঘা কৰি কৰা হৈছে। প্ৰফুল্ল পেটেলৰ এই দাবীক প্ৰতিহত কৰি শাৰদ পাৱাৰে কয়, যদি তেনে হয় দলৰ সকলো নেতাৰ নিযুক্তি, আনকি প্ৰফুল্ল পেটেলৰ নিযুক্তিও অবৈধ।স্মৰ্তব্য যে,যোৱা মাহত এনচিপিয়ে দলটোত এক বৃহৎ পৰিৱৰ্তন কৰি প্ৰফুল্ল পেটেল আৰু সুপ্ৰিয়া চুলেক দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে। জ্যেষ্ঠ পাৱাৰেও কয় যে প্ৰফুল্ল পেটেলেই দলৰ সভাপতিৰ বাবে তেওঁৰ নাম প্ৰস্তাৱ কৰিছিল, তাৰ পাছত তেওঁ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু