--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল অশোক গেহলট-শচীন পাইলটৰ সংঘাত। প্ৰায় ছমাহ পাছত ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সমান্তৰালকৈ সক্ৰিয় হৈছে শাসনাধিষ্ঠিত কংগ্ৰেছ। কিন্তু শেহতীয়াভাৱে শাসনাধিষ্ঠিত কংগ্ৰেছ বিধ্বস্ত অন্তৰ্কন্দলত। 

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ মতানৈক্যই বাধাৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ বাটত। বৰ্তমান দুই নেতাৰ মতানৈক্য দূৰ কৰাৰ সমাধান সূত্ৰৰ সন্ধানত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব। বৃহস্পতিবাৰে ৰাজধানী জয়পুৰত অনুষ্ঠিত হয় দলৰ এক বিশেষ বৈঠক। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত আলোচনা কৰা হয় আগন্তুক নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত। তাৰোপৰি অশোক গেহলট আৰু শচীন পাইলটৰ সংঘাত দূৰ কৰাৰ চেষ্টা এই বৈঠকৰ জৰিয়তে। কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ চেষ্টাৰ পাছতো সৈমান কৰাব পৰা নাছিল দুই নেতাক। বৃহস্পতিবাৰৰ বৈঠকত শচীন পাইলটে স্পষ্ট কৰিলে নিজৰ স্থিতি। 

নিৰ্বাচনত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে পাইলটে বিচাৰিলে দলৰ এক সন্মানীয় পদ। অৰ্থাৎ নিৰ্বাচনত দলক নেতৃত্ব দিব বিচাৰে শচীন পাইলটে। পাইলটে এই কথা স্পষ্টভাৱে জনালে দলীয় নেতৃত্বক। ইয়াৰ বিপৰীতে আঁকোৰগোজ স্থিতি মুখ্যমন্ত্ৰী অশোক গেহলটৰ। বৰ্তমান ভৰিৰ আঘাতৰ বাবে বিশ্ৰাম লৈ থকা অশোক গেহলটে কোনো পধ্যেই নিবিচাৰে পাইলটৰ নেতৃত্ব। দলক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ক্ষমতাৰ ভাগবটোৱাৰা কৰিব নোখোজে অশোক গেহলটে। নিজৰ ভাৱমূৰ্তি আগত ৰাখিয়েই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য অশোক গেহলটৰ। 

বৃহস্পতিবাৰে জয়পুৰত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল বৈঠকখন। এই বৈঠকত উপস্থিত আছিল AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, কে চি বেণুগোপাল আৰু ৰাজ্যিক সমন্বয়ক সুখজিন্দাৰ ৰন্ধাৱা। ৰাজস্থানৰ বহু কেইগৰাক জ্যেষ্ঠ নেতায়ো ভাগ লৈছিল বৈঠকত। অৱশ্যে ৰাহুল গান্ধীয়ে ভাৰ্চুৱেলযোগে ভাগ লৈছিল বৈঠকখনত। ভৰিত আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী অশোক গেহলটে ভাগ লৈছিল ভাৰ্চুৱেলযোগে। 

তাৎপৰ্যপূৰ্ণভাৱে ভাৰ্চুৱেলযোগে বৈঠকত ভাগলোৱা ৰাহুল গান্ধীৰ ওচৰতে দেখা গৈছিল শচীন পাইলটক। উল্লেখ্য যে গান্ধী পৰিয়ালৰ পুৰণি বিশ্বস্ত নেতা হিচাপে জনজাত অশোক গেহলট। বৈঠকৰ পাছতে সভাপতি মল্লিকাৰ্জুন খৰ্গেই টুইটযোগে জনাই যে আগন্তুক বিধানসভা নিৰ্বাচনত দলে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ’ব কংগ্ৰেছ দলে। উল্লেখ্য যে কংগ্ৰেছৰ বাবে আগন্তুক দিনত ৰাজস্থান নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। বিশেষকৈ কৰ্ণাটক নিৰ্বাচনৰ পাছত বিশেষভাৱে উজ্জীৱিত হৈছে দলটো। বিভিন্ন ৰাজ্যত বিজেপিৰ শেহতীয়া অৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত কংগ্ৰেছ। এই পৰিপ্ৰেক্ষিতত ৰাজস্থানত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ। 

কংগ্ৰেছৰ হাইকমাণ্ডৰ আশংকা অশোক গেহলট- শচীন পাইলটৰ সংঘাতে ক্ষতি কৰিব দলটোক। ইফালে, ৰাজস্থানত কংগ্ৰেছৰ অন্তৰ্কন্দলৰ সুবিধা লোৱাৰ বাবে সাজু বিজেপি। বিগত কেইবাটা মাহত শচীন পাইলটে ৰাজ্যখনত চলাই গৈছে অশোক গেহলট বিৰোধী অভিযান। মুখ্যমন্ত্ৰীয়ে ভ্ৰষ্টাচাৰৰ বিৰদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ শচীন পাইলটৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ নেতৃত্বাধীন চৰকাৰখনে সংঘতিত কৰা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই অশোক গেহলটে। ৰাজস্থান লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰিৰো তদন্তৰ দাবী কৰি আহিছে শচীন পাইলটে। 

সমগ্ৰ ৰাজস্থানত ভ্ৰষ্টচাৰ-কেলেংকাৰিৰ বিৰুদ্ধে ৰেলীও আয়োজন কৰিছিল শচীন পাইলটে। ৰাজ্যত চলি থকা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অনশনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে পাইলটে। দুই নেতাৰ মাজত সংঘাত স্পষ্ট হৈছিল বিগত এটা বছৰত। অৱশ্যে ইয়াৰ মাজতে বিভিন্ন সভাত দেখা গৈছিল দুই নেতাক একেখন মঞ্চতে। মে’ মাহত  পাইলট-গেহলটৰ সংঘাত দূৰ কৰাৰ বাবে বৈঠকত মিলিত হৈছিল মল্লিকাৰ্জুক খৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে। 

এক দীঘলীয়া বৈঠকত মিলিত হৈছিল চাৰি নেতা। কিন্তু ইমানৰ পাছতো দলৰ হাইকমাণ্ডে সক্ষম হোৱা নাছিল সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত। কিন্তু বৃহস্পতিবাৰৰ বৈঠকৰ পাছত সমাধান সূত্ৰ বিচাৰি পালে কংগ্ৰেছ নেতৃত্বই। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজস্থান কংগ্ৰেছ একগোট হৈ যুঁজাৰ অংগীকাৰ গেহলট-পাইলটৰ। কেন্দ্ৰীয় নেতৃত্বৰ আশ্বাসত সন্তুষ্ট হয় শচীন পাইলট। তাৰোপৰি শচীন পাইলটক সহযোগী হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অংগীকাৰ অশোক গেহলটৰ। এই ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বে স্বস্তিত কংগ্ৰেছৰ হাইকমাণ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু