--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত পানীৰ অভাৱ হ’লে মৃত্যুৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পায়। কেৱল সেয়াই নহয়, দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বাঢ়ি যায়। যাৰ ফলত অকাল মৃত্যুপৰ্যন্ত হ’ব পাৰে। আমেৰিকাত ৪৫ৰ পৰা ৬৬ বছৰ বয়সৰ এঘাৰ হাজাৰ লোকৰ ওপৰত কৰা পঁচিশ বছৰীয়া অধ্যয়নৰ শেষত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছে। অধ্যয়নটোৰ মুখ্য লেখিকা নাটালিয়া ডিমিট্ৰিয়েভাই কয় যে পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেচনে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিব পাৰে বুলি অস্বীকাৰ কৰিব নোৱাৰি।

 অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনাত দেখা গৈছে যে তেওঁলোকৰ তেজত ছ’ডিয়ামৰ মাত্ৰা স্বাভাৱিকতকৈ বহু বেছি। শৰীৰত ছ’ডিয়ামৰ পৰিমাণ বেছি হোৱা মানে পানীৰ যোগান কম হোৱাষ অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ তেজত ছ’ডিয়ামৰ মাত্ৰা প্ৰতি লিটাৰত ১৩৫ৰ পৰা ১৪৬ মিলিমোলৰ ভিতৰত আছিল। তেজত কলেষ্টেৰলৰ মাত্ৰা অধিক হোৱাৰ লগতে ছালৰ শুকান সমস্যা, দৃষ্টিশক্তিৰ সমস্যাই দেখা দিয়ে।

 নাটালিয়াই কয় যে বয়সৰ লগে লগে শৰীৰৰ ক্ষতিগ্ৰস্ত কলাৰ সংখ্যা বৃদ্ধি পায়। গতিকে শৰীৰত পানীৰ অভাৱ হ’লে হৃদৰোগ, ডায়েবেটিছ, ডিমেনচিয়া আৰু জটিল হাওঁফাওঁৰ ৰোগৰ বাবে অকাল মৃত্যুৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি পাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি