--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত পানীৰ অভাৱ হ’লে মৃত্যুৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পায়। কেৱল সেয়াই নহয়, দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বাঢ়ি যায়। যাৰ ফলত অকাল মৃত্যুপৰ্যন্ত হ’ব পাৰে। আমেৰিকাত ৪৫ৰ পৰা ৬৬ বছৰ বয়সৰ এঘাৰ হাজাৰ লোকৰ ওপৰত কৰা পঁচিশ বছৰীয়া অধ্যয়নৰ শেষত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছে। অধ্যয়নটোৰ মুখ্য লেখিকা নাটালিয়া ডিমিট্ৰিয়েভাই কয় যে পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেচনে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিব পাৰে বুলি অস্বীকাৰ কৰিব নোৱাৰি।

 অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনাত দেখা গৈছে যে তেওঁলোকৰ তেজত ছ’ডিয়ামৰ মাত্ৰা স্বাভাৱিকতকৈ বহু বেছি। শৰীৰত ছ’ডিয়ামৰ পৰিমাণ বেছি হোৱা মানে পানীৰ যোগান কম হোৱাষ অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ তেজত ছ’ডিয়ামৰ মাত্ৰা প্ৰতি লিটাৰত ১৩৫ৰ পৰা ১৪৬ মিলিমোলৰ ভিতৰত আছিল। তেজত কলেষ্টেৰলৰ মাত্ৰা অধিক হোৱাৰ লগতে ছালৰ শুকান সমস্যা, দৃষ্টিশক্তিৰ সমস্যাই দেখা দিয়ে।

 নাটালিয়াই কয় যে বয়সৰ লগে লগে শৰীৰৰ ক্ষতিগ্ৰস্ত কলাৰ সংখ্যা বৃদ্ধি পায়। গতিকে শৰীৰত পানীৰ অভাৱ হ’লে হৃদৰোগ, ডায়েবেটিছ, ডিমেনচিয়া আৰু জটিল হাওঁফাওঁৰ ৰোগৰ বাবে অকাল মৃত্যুৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি পাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক