--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদ  নিৰামিষভোজী  নে আমিষভোজী আছিল? এই বিষয়কলৈ বহুতেই মাজে সময়তে চৰ্চা কৰি আহিছে। এনে সময়তে হজৰত মহম্মদ যে  নিৰামিষভোজী সেই বিষয়ে মন্তব্য কৰিছে বিজেপিৰ সাংসদ মানেকা গান্ধীয়ে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ  সাংসদ মানেকা গান্ধীয়েতেওঁৰ সংসদীয় সমষ্টি চুলতানপুৰলৈ চাৰিদিনীয়া ভ্ৰমণসূচীলৈ অহাৰ সময়তে হজৰত মহম্মদ নিৰামিষভোজী আছিল বুলি মন্তব্য কৰে। 

বুধবাৰে তেওঁৰ ভ্ৰমণৰ তৃতীয় দিনা সাংসদ মানেকা গান্ধীয়ে বিদ্যালয়ৰ  শিশুসকলকো কোৰাণ, বাইবেল আৰু গীতাৰ দৰে ধৰ্মীয় গ্ৰন্থ শিকাবলৈ শিক্ষকসকলক পৰামৰ্শ দিয়ে। তেওঁ কয় যে তেওঁ কোৰাণ  বহু বাৰ পঢ়িছে, কোৰাণে  কোনো ধৰ্ম বা সম্প্ৰদায়ক  হিংসাত লিপ্ত হ’বলৈ কোৱা নাই।   সকলোৱে নিজৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধ বৃদ্ধি কৰাৰ কথাহে কোৰাণে কৈছে।  তেওঁ কয় যে হজৰত  মহম্মদ নিজেই নিৰামিষভোজী আছিল।মানেকা মানেকা গান্ধীয়ে কয়  যে চুলতানপুৰত প্ৰতিভাৰ কোনো অভাৱ নাই।

 চুলতানপুৰৰ সন্তানে দেশ আৰু বিদেশত তেওঁলোকৰ প্ৰতিভাৰ বলত বিশেষ  প্ৰভাৱ পেলাইছে। তেওঁ কয়  যে শিশুসকলে সকলো ধৰ্মৰ বিষয়ে জনা  উচিত।

ভ্ৰমণৰ তৃতীয় দিনা মানেকা গান্ধীয়ে চুলতানপুৰ, দোষ্টপুৰ আৰু কাদিপুৰৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এক ডজনৰো অধিক নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে নগৰ আৰু গ্ৰাম্য অঞ্চলত শৌচালয়, বাসস্থান, গেছ সংযোগ, বিনামূলীয়া খাদ্যশস্য আদি প্ৰদান কৰি দৰিদ্ৰ লোকসকলৰ জীৱন সলনি কৰাৰ বাবে কাম কৰিছে। 

তেওঁ কয়  যে এইবাৰ দোষ্টপুৰ আৰু কাদিপুৰ নগৰ পঞ্চায়তত পৰৱৰ্তী সভাপতি  জন হ’ব বিজেপিৰ ।মানেকা গান্ধীয়ে কয় যে তেওঁ বীৰসিংপুৰত চিকিৎসক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে। অতি সোনকালেই ১০ জন চিকিৎসক চিকিৎসালয়খনত  উপলব্ধ হ'ব। সাংসদগৰাকীয়ে  কয়  যে চুলতানপুৰ জিলাত অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন কেন্দ্ৰৰ সুবিধাও সোনকালেই আৰম্ভ কৰা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ