--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদ  নিৰামিষভোজী  নে আমিষভোজী আছিল? এই বিষয়কলৈ বহুতেই মাজে সময়তে চৰ্চা কৰি আহিছে। এনে সময়তে হজৰত মহম্মদ যে  নিৰামিষভোজী সেই বিষয়ে মন্তব্য কৰিছে বিজেপিৰ সাংসদ মানেকা গান্ধীয়ে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ  সাংসদ মানেকা গান্ধীয়েতেওঁৰ সংসদীয় সমষ্টি চুলতানপুৰলৈ চাৰিদিনীয়া ভ্ৰমণসূচীলৈ অহাৰ সময়তে হজৰত মহম্মদ নিৰামিষভোজী আছিল বুলি মন্তব্য কৰে। 

বুধবাৰে তেওঁৰ ভ্ৰমণৰ তৃতীয় দিনা সাংসদ মানেকা গান্ধীয়ে বিদ্যালয়ৰ  শিশুসকলকো কোৰাণ, বাইবেল আৰু গীতাৰ দৰে ধৰ্মীয় গ্ৰন্থ শিকাবলৈ শিক্ষকসকলক পৰামৰ্শ দিয়ে। তেওঁ কয় যে তেওঁ কোৰাণ  বহু বাৰ পঢ়িছে, কোৰাণে  কোনো ধৰ্ম বা সম্প্ৰদায়ক  হিংসাত লিপ্ত হ’বলৈ কোৱা নাই।   সকলোৱে নিজৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধ বৃদ্ধি কৰাৰ কথাহে কোৰাণে কৈছে।  তেওঁ কয় যে হজৰত  মহম্মদ নিজেই নিৰামিষভোজী আছিল।মানেকা মানেকা গান্ধীয়ে কয়  যে চুলতানপুৰত প্ৰতিভাৰ কোনো অভাৱ নাই।

 চুলতানপুৰৰ সন্তানে দেশ আৰু বিদেশত তেওঁলোকৰ প্ৰতিভাৰ বলত বিশেষ  প্ৰভাৱ পেলাইছে। তেওঁ কয়  যে শিশুসকলে সকলো ধৰ্মৰ বিষয়ে জনা  উচিত।

ভ্ৰমণৰ তৃতীয় দিনা মানেকা গান্ধীয়ে চুলতানপুৰ, দোষ্টপুৰ আৰু কাদিপুৰৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এক ডজনৰো অধিক নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে নগৰ আৰু গ্ৰাম্য অঞ্চলত শৌচালয়, বাসস্থান, গেছ সংযোগ, বিনামূলীয়া খাদ্যশস্য আদি প্ৰদান কৰি দৰিদ্ৰ লোকসকলৰ জীৱন সলনি কৰাৰ বাবে কাম কৰিছে। 

তেওঁ কয়  যে এইবাৰ দোষ্টপুৰ আৰু কাদিপুৰ নগৰ পঞ্চায়তত পৰৱৰ্তী সভাপতি  জন হ’ব বিজেপিৰ ।মানেকা গান্ধীয়ে কয় যে তেওঁ বীৰসিংপুৰত চিকিৎসক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে। অতি সোনকালেই ১০ জন চিকিৎসক চিকিৎসালয়খনত  উপলব্ধ হ'ব। সাংসদগৰাকীয়ে  কয়  যে চুলতানপুৰ জিলাত অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন কেন্দ্ৰৰ সুবিধাও সোনকালেই আৰম্ভ কৰা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস