--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে আনিছে প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৷ জনপ্ৰিয় বাংলা চলচ্চিত্ৰৰ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে তেওঁৰ আগন্তুক ছবি ‘শিবপুৰ’ৰ সহ-প্ৰযোজক আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে তেওঁক ভাবুকি ভৰা মেইল প্ৰেৰণ কৰাৰ অভিযোগত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ কথা পোহৰলৈ আহিছে৷

অভিযোগৰ উদ্ধৃতি দি তেওঁ কয় যে সহ-প্ৰযোজকগৰাকী আৰু তেওঁৰ সহযোগীসকলে তেওঁলোকৰ কথিত “ভাবুকি মেইল”ত তেওঁক তেওঁলোকৰ সৈতে “সহযোগিতা” কৰিবলৈ কোৱা হৈছে, অন্যথা তেওঁৰ মৰ্ফ কৰা “নগ্ন ছবি” পৰ্ণগ্ৰাফী ৱেবছাইটত ফাদিল হ’ব।এই ঘটনাৰ বিৰুদ্ধে কলকাতাৰ গ’ল্ফ গ্ৰীণ আৰক্ষী থানাত দাখিল কৰিছে এই এজাহাৰ।

পিছত এক বিবৃতিত স্বস্তিকাই অভিযোগ কৰে যে প্ৰডাকচন হাউছৰ এজন অংশীদাৰে বিগত এমাহ ধৰি তেওঁক আৰু তেওঁৰ মেনেজাৰক ভাবুকি দি আহিছে, মৃত্যুৰ ভাবুকিৰ লগতে “অপমানজনক আৰু যৌন নিৰ্যাতনমূলক মেইল”ৰ জৰিয়তেও ভাবুকি প্ৰদান কৰি অহা হৈছে৷


গ’ল্ফ গ্ৰীণ আৰক্ষী থানাৰ এজন বিষয়াই কয় যে তেওঁলোকে এই বিষয়টোৰ ওপৰত চকু ৰাখিছে। বৰ্তমান আমেৰিকাত থকা অভিযুক্ত সহ-প্ৰযোজকগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলাইছে বুলিও তেওঁ লগতে কয়। স্বস্তিকাৰ নাম উল্লেখ কৰা সহ-প্ৰযোজকগৰাকীয়ে নিজৰ ফেচবুক পেজত বিষয়টোৰ ওপৰত একো নক’লেও ছবিখনৰ বিষয়ে বহু প্ৰচাৰমূলক পোষ্ট শ্বেয়াৰ কৰে।

ইফালে স্বস্তিকাই শেহতীয়াকৈ পংকজ ত্ৰিপাঠী আৰু পূৰব কোহলীৰ সৈতে অভিনয় কৰা ক্রিমিনেল জাষ্টিচ: আধুৰা সাচত কৰা কামৰ বাবে প্রশংসা লাভ কৰে৷ স্বস্তিকাক শেষবাৰৰ বাবে দেখা গৈছিল কালা ছবিত, য’ত সহ অভিনয় কৰিছিল তৃপ্তী ডিমৰি আৰু বাবিল খানে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু