--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে আনিছে প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৷ জনপ্ৰিয় বাংলা চলচ্চিত্ৰৰ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে তেওঁৰ আগন্তুক ছবি ‘শিবপুৰ’ৰ সহ-প্ৰযোজক আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে তেওঁক ভাবুকি ভৰা মেইল প্ৰেৰণ কৰাৰ অভিযোগত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ কথা পোহৰলৈ আহিছে

অভিযোগৰ উদ্ধৃতি দি তেওঁ কয় যে সহ-প্ৰযোজকগৰাকী আৰু তেওঁৰ সহযোগীসকলে তেওঁলোকৰ কথিত “ভাবুকি মেইল”ত তেওঁক তেওঁলোকৰ সৈতে “সহযোগিতা” কৰিবলৈ কোৱা হৈছে, অন্যথা তেওঁৰ মৰ্ফ কৰা “নগ্ন ছবি” পৰ্ণগ্ৰাফী ৱেবছাইটত ফাদিল হ’ব।এ ঘটনাৰ বিৰুদ্ধে কলকাতাৰ গ’ল্ফ গ্ৰীণ আৰক্ষী থানাত দাখিল কৰিছে এই এজাহাৰ।

পিছত এক বিবৃতিত স্বস্তিকাই অভিযোগ কৰে যে প্ৰডাকচন হাউছৰ এজন অংশীদাৰে বিগত এমাহ ধৰি তেওঁক আৰু তেওঁৰ মেনেজাৰক ভাবুকি দি আহিছে, মৃত্যুৰ ভাবুকিৰ লগতে “অপমানজনক আৰু যৌন নিৰ্যাতনমূলক মেইল”ৰ জৰিয়তেও ভাবুকি প্ৰদান কৰি অহা হৈছে৷


গ’ল্ফ গ্ৰীণ আৰক্ষী থানাৰ এজন বিষয়াই কয় যে তেওঁলোকে এই বিষয়টোৰ ওপৰত চকু ৰাখিছে। বৰ্তমান আমেৰিকাত থকা অভিযুক্ত সহ-প্ৰযোজকগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলাইছে বুলিও তেওঁ লগতে কয়। স্বস্তিকাৰ নাম উল্লেখ কৰা সহ-প্ৰযোজকগৰাকীয়ে নিজৰ ফেচবুক পেজত বিষয়টোৰ ওপৰত একো নক’লেও ছবিখনৰ বিষয়ে বহু প্ৰচাৰমূলক পোষ্ট শ্বেয়াৰ কৰে।

ইফালে স্বস্তিকাই শেহতীয়াকৈ পংকজ ত্ৰিপাঠী আৰু পূৰব কোহলীৰ সৈতে অভিনয় কৰা ক্রিমিনেল জাষ্টিচ: আধুৰা সাচত কৰা কামৰ বাবে প্রশংসা লাভ কৰে৷ স্বস্তিকাক শেষবাৰৰ বাবে দেখা গৈছিল কালা ছবিত, য’ত সহ অভিনয় কৰিছিল তৃপ্তী ডিমৰি আৰু বাবিল খানে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ