--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰফে শুকুলা চাদৰ মেলি দিছে ছিমলাত। হিমাচল প্ৰদেশৰ প্ৰধান চহৰ ছিমলাত আৰম্ভ হৈছে তুষাৰপাত। বছৰৰ প্ৰথমটো তুষাৰপাতৰ সময়তে ছিমলাত দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰিছে। এনে সময়তে প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাবে ছিমলাৰ ২০০ টা পথ বন্ধ কৰি দিছে। ফলত বহু পৰ্যটকে অসিবিধাত পৰা বুলিও জানিব পৰা গৈছে। 

পাতল তুষাৰপাতে  ছিমলাত পৰ্যটকসকলৰ বাবে উল্লাস কঢ়িয়াই আনিছে।  তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বাকী অংশৰ পৰা ছিমলা জিলাৰ দূৰৱৰ্তী ডোদ্ৰা কোৱাৰ মহকুমা বিচ্ছিন্ন হৈ পৰিছে।  ১৭৭ জন পৰ্টক  লাহৌল আৰু স্পিতিত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।  চম্বাত পাঁচজন, আৰু কাংৰা তথা  কুল্লুত দুটাকৈ পথ  যান-বাহনৰ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে। 

চিমলা, কাংৰা, কুল্লু, চম্বা আৰু লাহৌল আৰু স্পিতি জিলাৰ কিছু অংশত পাতল তুষাৰপাত আৰম্ভ হৈছে। কুল্লুৰ কোঠীত ১৪ চেমি বৰফ পৰিছে । একেদৰে খাদ্ৰালা আৰু শিলাৰোত ১০ আৰু ৭.৫ চেমি বৰফ পৰা পৰিলক্ষিত হৈছে। কুফৰী আৰু গণ্ডলাপ্ৰত্যেকেই ৪ চেমি বৰফ পৰিছে। কল্পাত  ৩ চেমি তুষাৰপাত ৰেকৰ্ড কৰা হৈছে। লাহৌল আৰু স্পিতি জিলাৰ কীলঙত ৰাজ্যখনৰ সৰ্বনিম্ন তাপমাত্ৰা -৬.৩ হৈছে। একেদৰে নাৰকান্দা -২.৮ডিগ্ৰী চেলচিয়াছ, কল্পাত -২.৬ডিগ্ৰী চেলচিয়াছ, কুফৰী -১.২  ডিগ্ৰী চেলচিয়াছ, ডালহৌচিত  -০.১ ডিগ্ৰী চেলচিয়াছ আৰু চিমলা -০.৪ ডিগ্ৰী চেলচিয়াছ  হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক