--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰফে শুকুলা চাদৰ মেলি দিছে ছিমলাত। হিমাচল প্ৰদেশৰ প্ৰধান চহৰ ছিমলাত আৰম্ভ হৈছে তুষাৰপাত। বছৰৰ প্ৰথমটো তুষাৰপাতৰ সময়তে ছিমলাত দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰিছে। এনে সময়তে প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাবে ছিমলাৰ ২০০ টা পথ বন্ধ কৰি দিছে। ফলত বহু পৰ্যটকে অসিবিধাত পৰা বুলিও জানিব পৰা গৈছে। 

পাতল তুষাৰপাতে  ছিমলাত পৰ্যটকসকলৰ বাবে উল্লাস কঢ়িয়াই আনিছে।  তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বাকী অংশৰ পৰা ছিমলা জিলাৰ দূৰৱৰ্তী ডোদ্ৰা কোৱাৰ মহকুমা বিচ্ছিন্ন হৈ পৰিছে।  ১৭৭ জন পৰ্টক  লাহৌল আৰু স্পিতিত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।  চম্বাত পাঁচজন, আৰু কাংৰা তথা  কুল্লুত দুটাকৈ পথ  যান-বাহনৰ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে। 

চিমলা, কাংৰা, কুল্লু, চম্বা আৰু লাহৌল আৰু স্পিতি জিলাৰ কিছু অংশত পাতল তুষাৰপাত আৰম্ভ হৈছে। কুল্লুৰ কোঠীত ১৪ চেমি বৰফ পৰিছে । একেদৰে খাদ্ৰালা আৰু শিলাৰোত ১০ আৰু ৭.৫ চেমি বৰফ পৰা পৰিলক্ষিত হৈছে। কুফৰী আৰু গণ্ডলাপ্ৰত্যেকেই ৪ চেমি বৰফ পৰিছে। কল্পাত  ৩ চেমি তুষাৰপাত ৰেকৰ্ড কৰা হৈছে। লাহৌল আৰু স্পিতি জিলাৰ কীলঙত ৰাজ্যখনৰ সৰ্বনিম্ন তাপমাত্ৰা -৬.৩ হৈছে। একেদৰে নাৰকান্দা -২.৮ডিগ্ৰী চেলচিয়াছ, কল্পাত -২.৬ডিগ্ৰী চেলচিয়াছ, কুফৰী -১.২  ডিগ্ৰী চেলচিয়াছ, ডালহৌচিত  -০.১ ডিগ্ৰী চেলচিয়াছ আৰু চিমলা -০.৪ ডিগ্ৰী চেলচিয়াছ  হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস