--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত অলপতে দুৰ্ঘটনাত নিহত সেনা জোৱানৰ খবৰ ল’বলৈ আজি কাশ্মীৰলৈ যায় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।  কেন্দ্ৰীয় গৃহ মন্ত্ৰী  অমিত শ্বাহে  আজি জম্মুত এখন সংবাদমেল সম্বোধন কৰে । কাশ্মীৰৰ পৰাই তেওঁ সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদক উদগনি দি থকা বাবে পাকিস্তানক কঠোৰ সকিয়নী দিয়ে। 

তেওঁ কাশ্মীৰৰ নাগৰিকসকলক আশ্বাস দিয়ে যে সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত  অপৰাধীসকলককোনো পধ্যে সাৰি যাবলৈ দিয়া নহ’ব। কাশ্মীৰৰ জনসাধাৰণৰ নিৰাপত্তা অধিক সুৰক্ষিত কৰা হ'ব বুলিও তেওঁ কয়। জম্মু-কাশ্মীৰ ভ্ৰমণলৈ অহা  মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মোৰ ভ্ৰমণৰ উদ্দেশ্য হৈছে  দুৰ্ভাগ্যজনক ভাৱে নিহত ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলক লগ ধৰা আৰু তেওঁলোকৰ বেদনাৰ সমভাগী হোৱা।  " 

তেওঁ লগতে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ  ৰাজৌৰী অঞ্চলত উপস্থিত হ'ব নোৱাৰিলে । কিন্তু তেওঁ পীড়িত পৰিয়ালবোৰৰ সৈতে ফোনত  কথা পাতিছে। তেওঁ কয়  "মই দুৰ্ঘটনাত নিহত সেনাৰ সাতটা পৰিয়ালৰ প্ৰতিজন সদস্যৰ সৈতে কথা পাতিছো।  বেয়া বতৰৰ বাবে তেওঁলোকৰ ওচৰলৈ আহিব নোৱাৰাৰ বাবে ফোনত তেওঁলোকৰ খবৰ ল’বলৈ  চেষ্টা কৰিছো।

" আজি শ্বাহৰ সৈতে লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাও উপস্থিত আছিল । শ্বাহে কয়  "কাশ্মীৰীসকলে  সকলোৱে কৈছে  যে এই মাটিখিনি তেওঁলোকৰ আছিল আৰু তেওঁলোকে ইয়াক কেতিয়াও এৰি নিদিয়ে।" মন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ সকলো সংস্থাকে প্ৰশংসা কৰে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু