--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত অলপতে দুৰ্ঘটনাত নিহত সেনা জোৱানৰ খবৰ ল’বলৈ আজি কাশ্মীৰলৈ যায় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।  কেন্দ্ৰীয় গৃহ মন্ত্ৰী  অমিত শ্বাহে  আজি জম্মুত এখন সংবাদমেল সম্বোধন কৰে । কাশ্মীৰৰ পৰাই তেওঁ সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদক উদগনি দি থকা বাবে পাকিস্তানক কঠোৰ সকিয়নী দিয়ে। 

তেওঁ কাশ্মীৰৰ নাগৰিকসকলক আশ্বাস দিয়ে যে সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত  অপৰাধীসকলককোনো পধ্যে সাৰি যাবলৈ দিয়া নহ’ব। কাশ্মীৰৰ জনসাধাৰণৰ নিৰাপত্তা অধিক সুৰক্ষিত কৰা হ'ব বুলিও তেওঁ কয়। জম্মু-কাশ্মীৰ ভ্ৰমণলৈ অহা  মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মোৰ ভ্ৰমণৰ উদ্দেশ্য হৈছে  দুৰ্ভাগ্যজনক ভাৱে নিহত ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলক লগ ধৰা আৰু তেওঁলোকৰ বেদনাৰ সমভাগী হোৱা।  " 

তেওঁ লগতে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ  ৰাজৌৰী অঞ্চলত উপস্থিত হ'ব নোৱাৰিলে । কিন্তু তেওঁ পীড়িত পৰিয়ালবোৰৰ সৈতে ফোনত  কথা পাতিছে। তেওঁ কয়  "মই দুৰ্ঘটনাত নিহত সেনাৰ সাতটা পৰিয়ালৰ প্ৰতিজন সদস্যৰ সৈতে কথা পাতিছো।  বেয়া বতৰৰ বাবে তেওঁলোকৰ ওচৰলৈ আহিব নোৱাৰাৰ বাবে ফোনত তেওঁলোকৰ খবৰ ল’বলৈ  চেষ্টা কৰিছো।

" আজি শ্বাহৰ সৈতে লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাও উপস্থিত আছিল । শ্বাহে কয়  "কাশ্মীৰীসকলে  সকলোৱে কৈছে  যে এই মাটিখিনি তেওঁলোকৰ আছিল আৰু তেওঁলোকে ইয়াক কেতিয়াও এৰি নিদিয়ে।" মন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ সকলো সংস্থাকে প্ৰশংসা কৰে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক