--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সম্পূর্ণ একক প্রচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্থানীয় যুৱকসকলৰ সহায়ত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আকৰ্ষণৰ কেন্দ্ৰ।

ডিজিটেল ডেস্ক : ৰহাৰ বিশিষ্ট ভাস্কর্য শিল্পী ভগৱান সেনাপতিৰ একক প্রচেষ্টাত ৰহাৰ আমনিশালীত প্রাণ পাই উঠিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্রতিবছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে তেওঁ নির্মাণ কৰি আহিছে ভিন্নৰূপী ভেলাঘৰ। বিগত ২০১১ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি আহিছে ভেলাঘৰ। এই বৰ্ষটো শিল্পীগৰাকীয়ে নৰা, খেৰ, বাঁহেৰে নিৰ্মাণ কৰিছে ব্যতিক্রমধর্মী ভেলাঘৰ।


শিল্পী ভগৱান সেনাপতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, প্রায় ৮০ ফুট দৈৰ্ঘ্যৰ আৰু ৪০ ফুট উচ্চতাৰে নৰা, খেৰ, বাঁহেৰে নিৰ্মাণ কৰিছে এখন য়ট (পানী জাহাজ)। ছিংগাপুৰত যিখন য়টত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সাগৰলৈ নিছিল। শিল্পীগৰাকীৰ ভাষ্য অনুসৰি এই অভিশপ্ত য়টখনক প্রতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। য়টখনৰ ওপৰত শোকস্তব্ধ হৈ বহি আছে জুবিন গাৰ্গৰ প্ৰিয় চৰাই উদাসীন গার্গ (বগলী), কাকু গাৰ্গ (কাউৰী) আৰু মায়াবিনী (কুকুৰ)। লগতে নিৰ্মাণ কৰিছে এখন গীটাৰ। য'ত চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অমিয়া ঝংকাৰ। এই নৰাৰে নিৰ্মাণ কৰা য়টখনৰ ভিতৰতে ভোগালীৰ নিশা উৰুকা পালন কৰিব গাঁওবাসীয়ে। কিন্তু পুৱাতে অগ্নিদেৱতাক পূজা কৰি প্রতীকীভাৱে জ্বলাই দিয়া হ'ব ভেলাঘৰ। এফালেদি পৰম্পৰা আৰু এফালেদি প্রতীকী প্রতিবাদ প্রকাশ কৰিছে শিল্পীগৰাকীয়ে। শিল্পী ভগৱান সেনাপতিয়ে নৰা, খেৰ, বাঁহ আৰু গাঁঠিৰ ধন ভাঙি এনেদৰে সমাজক দি আহিছে নতুন নতুন চিন্তাৰ খোৰাক আৰু বাৰ্তা।


শিল্পীগৰাকীয়ে ২০১১ চনত প্ৰথমবাৰৰ বাবে নৰা-খেৰ-বাঁহেৰে নিৰ্মাণ কৰিছিল এটা বৃহৎ আকাৰৰ 'ৰংঘৰ' আকৃতিৰ ভেলাঘৰ। ২০১২ চনত টাইটানিক আকৃতিৰে নিৰ্মাণ কৰে ভেলাঘৰ। তাৰ পাছত ধাৰাবাহিকভাৱে ২০১৩ চনত বীণা-সদৃশ ভেলাঘৰ, ২০১৪ত 'ঈগল পৃথিৱী', ২০১৫ বৰ্ষত শান্তিৰ কপৌ, ২০১৬ বর্ষত 'গঁড় বচাওক, অসমৰ মান ৰাখক, ২০১৭ত গঁড় আৰু প্রকৃতি, ২০১৮ গঁড়, গছ আৰু নাও, ২০১৯ চনত বৃহৎ আকাৰৰ গছ (গছ ৰোৱক প্রকৃতি বচাওক), ২০২০ 'কৰ'না ভাইৰাছৰ পৰা পৃথিৱীক বচাওক, ২০২১ চনত 'ভেকচিন লওক ধৰাক মুক্ত কৰক' ২০২২ চনত 'হাতী মানুহৰ সংঘাত' আৰু ২০২৩ চনত 'পৃথিৱীক প্ৰদূষণৰ পৰা মুক্ত কৰক আৰু হাতীৰ বাবে কলগছ ৰোৱক। হাতী-মানুহৰ সংঘাত ৰোধ কৰক' আদি বাৰ্তাৰে প্রতীকী ৰূপত ভেলাঘৰ সাজি উলিয়াইছে।


সেনাপতিৰ এনে কৰ্ম বহুজনৰ হৃদয় জয় কৰিছে। সম্পূর্ণ একক প্রচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্থানীয় যুৱকসকলৰ সহায়ত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আকৰ্ষণৰ কেন্দ্ৰ। কেৱল খেৰ, বাঁহেৰে নিৰ্মাণ কৰা ভেলাঘৰটি নির্মাণত এইবৰ্ষত খৰচ হৈছে প্রায় ৮০ হাজাৰ টকা। কেতিয়াবা যদি পুখুৰীৰ মাছ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ ফাৰ্মৰ হাঁহ বিক্ৰী কৰিছে।


কেতিয়াবা আকৌ বন্ধন বেংক অথবা মাইক্ৰ'ফাইনেন্সৰ পৰা ঋণ লৈ সাজিছে ভেলাঘৰ। এবাৰ মাত্ৰ চৰকাৰৰ পৰা ৫০ হাজাৰ টকা এককালীন সাহায্য লাভকৰে শিল্পীগৰাকীয়ে। অতি পৰিতাপৰ বিষয় যে তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন শিল্পীগৰাকীক স্বায়ত্ত পৰিষদৰ পৰা কেইবাবাৰো সহায় কৰাৰ আশ্বাস দিছিল যদিও আজিও নাপালে আর্থিক সহায়। আর্থিক নাটনি সত্ত্বেও শিল্পী ভগৱান সেনাপতিয়ে অব্যাহত ৰাখিছে সৃষ্টি কর্ম। এনে সময়তে শিল্পীগৰাকীক প্রয়োজন চৰকাৰৰ সহায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন