--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রী শর্মাই বিহু বিনন্দিয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে সকলো প্রস্তুতি সময়মতে আৰু সুচাৰুৰূপে সম্পূৰ্ণ কৰাৰ দিশত বিষয়াসকলক প্রয়োজনীয় নির্দেশনা প্রদান কৰে।

ডিজিটেল ডেস্ক: বিহু, ঝুমইৰ বিনন্দিনীৰ পাছত এইবাৰ বাগৰুম্বাৰ মহা আয়োজন কৰিছে অসম চৰকাৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী অর্থাৎ অহা ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১০ সহস্রাধিক শিল্পীয়ে সৰুসজাইত সমূহীয়াভাৱে বড়ো জনগোষ্ঠীৰ লোক-নৃত্য বাগৰুম্বা পৰিৱেশন কৰিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত অনুষ্ঠিত হ'ব এই সমূহীয়া বাগৰুম্বা নৃত্য।


বিহুৰ পাছতেই অনুষ্ঠিত হ'ব লগীয়া এই সমূহীয়া নৃত্য যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াক লগত লৈ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ মূল ষ্টেডিয়ামখন পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ প্ৰস্তুতি সন্দর্ভত বিষয়াসকলৰে এক পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে।


মুখ্যমন্ত্রী শর্মাই বিহু বিনন্দিয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে সকলো প্রস্তুতি সময়মতে আৰু সুচাৰুৰূপে সম্পূৰ্ণ কৰাৰ দিশত বিষয়াসকলক প্রয়োজনীয় নির্দেশনা প্রদান কৰে। পাছত সাংবাদিকসকলৰ আগত বাগৰুম্বা নৃত্য প্রদর্শন সন্দর্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াই প্রকাশ কৰে যে এই নৃত্য চূড়ান্তভাৱে প্ৰদৰ্শনৰ পূৰ্বে অহা ৪, ৫ আৰু ৬ জানুৱাৰীত ওজা প্রশিক্ষকসকলক প্রশিক্ষণ প্ৰদান কৰা হ'ব।


ইয়াৰ পাছত এটা ভিডিঅ' ট্ৰেকৰ সহায়ত এই ওজা প্রশিক্ষকসকলে ৰাজ্যৰ ২৩খন জিলালৈ গৈ ৮, ৯ আৰু ১০ জানুৱাৰীত মূল অনুষ্ঠানত অংশগ্রহণ কৰিব লগা শিল্পীসকলক প্রশিক্ষণ প্রদান কৰিব। উপযুক্ত প্রশিক্ষণ প্রদানৰ পাছত শিল্পীসকলক সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত পর্যায়ত নৃত্য প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ১১ জানুৱাৰীত লৈ অহা হ'ব।


সৰুসজাই ষ্টেডিয়ামত ১২,১৩,১৪ আৰু ১৫ জানুৱাৰীত শিল্পীসকলে চূড়ান্ত অনুশীলনত অংশগ্ৰহণ কৰিব। ইয়াত কিবা আসোঁৱাহ থাকিলে সেয়া ১৬ জানুৱাৰীত আঁতৰোৱা হ'ব। খাম, চিফুং, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে বড়ো গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ইতিহাস সৃষ্টি কৰিব লগা সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। কালিৰ পৰ্যালোচনা বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্রবর্তী, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি ভালে সংখ্যক বিষয়া উপস্থিত আছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন