--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কেৱল দেশতে নহয় বিদেশৰ মানুহকো জোকাৰি গ’ল।

ডিজিটেল ডেস্ক : গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কেৱল দেশতে নহয় বিদেশৰ মানুহকো জোকাৰি গ’ল। তীব্ৰ বেগত উৰা মাৰিবলৈ গৈ থকা অৱস্থাত পোনে পোনে এখন চিকিৎসালয়ৰ হোষ্টেল ভৱনত প্ৰৱেশ কৰে বিমানখন।


তীব্ৰ বিস্ফোৰণ, জুই, ধোঁৱা আৰু চিঞৰ-বাখৰৰ মাজত সকলোৱে স্তম্ভিত হৈ পৰিল। এই দুৰ্ঘটনাত ২৬৫ জন লোকে প্ৰাণ হেৰুৱায় কিন্তু বিমানত যাত্ৰা কৰি থকা এজন যাত্ৰীৰ অলৌকিকভাৱে জীৱন ৰক্ষা পৰিল। এই ভাগ্যৱান যাত্ৰীগৰাকীৰ নাম ৰমেশ বিশ্বাস কুমাৰ। বৰ্তমান তেওঁৰ অৱস্থাৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।


হস্পিতালৰ বিচনাত পৰি থকা ৰমেশ বিশ্বাস কুমাৰে কয় যে ৰাণৱেত বিমানখনে গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁৰ কিবা এটা অদ্ভুত অনুভৱ হৈছিল। হঠাৎ ৫-১০ ছেকেণ্ডৰ বাবে সকলো বন্ধ হৈ গ’ল। মৌনতা, তাৰ পিছত হঠাতে সেউজীয়া আৰু বগা লাইট জ্বলি উঠিল। এনে লাগিল যেন পাইলটে টেক অফৰ বাবে কলো কষ্ট কৰিলে। তাৰ পিছত হঠাতে বিমানখন পোনে পোনে হোষ্টেল বিল্ডিঙৰ ভিতৰত সোমাই গ’ল।


বিশ্বাসে লগতে ক’লে যে বিমানখনৰ যি অংশত মোৰ আসন আছিল, সেই অংশটোৱে নিশ্চয় বিল্ডিঙৰ তলৰ অংশত খুন্দা মাৰিছে। ওপৰৰ অংশত জুই লাগিল, বহুত মানুহ তাত আবদ্ধ হৈ পৰিল। চিটৰ লগতে মই তললৈ সৰি পৰিলোঁ। মই কেনেবাকৈ ওলাই আহিবলৈ সক্ষম হ’লোঁ৷ তেওঁ কয় যে সিটো পাৰে বেৰ আছিল, চাগে কোনেও তাৰ পৰা ওলাই আহিব পৰা নাছিল। ৰমেশ বিশ্বাসে ক’লে যে তেওঁৰ চকুৰ সন্মুখত দুগৰাকী এয়াৰ হোষ্টেছ, আৰু সকলো যাত্ৰী জ্বলি আছিল। এই দুৰ্ঘটনাত বিশ্বাসৰ বাওঁহাতখন বেয়াকৈ জ্বলি গ’ল যদিও তেওঁৰ জীৱন ৰক্ষা পৰিল। তেওঁ কয় যে তেওঁ ওলাই অহাৰ লগে লগে জুই বিয়পি পৰিছিল। যদি আৰু কেইছেকেণ্ডমান দেৰি হ'লহেঁতেন তেন্তে হয়তো তেঁৱো বাচি নাথাকিলেহেঁতেন...


ব্ৰিটেইনৰ লেষ্টাৰৰ বাসিন্দা ৰমেশ বিশ্বাস আৰু অজয় ​​দুজন ভাতৃ আছিল। দুয়ো একেলগে যাত্ৰা কৰি আছিল। ৰমেশৰ আনজন ভায়েক নয়নে ক’লে, আমি ৰমেশৰ লগত কথা পাতিলোঁ, তেওঁ হস্পিতালত আছে আৰু এই মুহূৰ্তত ভালেই আছে। কিন্তু আনজন ভাতৃ অজয়ৰ বিষয়ে একো গম পোৱা নাই। আমি অহৰহ তথ্যৰ বাবে অপেক্ষা কৰি আছোঁ। আমি পৰৱৰ্তী বিমানত ভাৰতলৈ ৰাওনা হ’ম। আমি মাত্ৰ আশা কৰোঁ যে ৰমেশ যেনেকৈ সুৰক্ষিত, অজয়ৰ বিষয়েও কিছু ভাল খবৰ পাম।


ৰমেশক দুৰ্ঘটনাটোৰ বিষয়ে সোধাত তেওঁ কয় যে বিমানখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল সেয়াও তেওঁ নাজানে। তেওঁ মাত্ৰ ক’লে যে মই কেনেকৈ বাচিলোঁ নাজানো। ৰমেশৰ প্ৰাণ ৰক্ষা পৰাত সন্তুষ্ট পৰিয়ালটো, কিন্তু অজয়ৰ বিষয়ে একো জানিব নোৱাৰাৰ বাবে তেওঁলোক বিচলিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক