--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কেৱল দেশতে নহয় বিদেশৰ মানুহকো জোকাৰি গ’ল।

ডিজিটেল ডেস্ক : গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কেৱল দেশতে নহয় বিদেশৰ মানুহকো জোকাৰি গ’ল। তীব্ৰ বেগত উৰা মাৰিবলৈ গৈ থকা অৱস্থাত পোনে পোনে এখন চিকিৎসালয়ৰ হোষ্টেল ভৱনত প্ৰৱেশ কৰে বিমানখন।


তীব্ৰ বিস্ফোৰণ, জুই, ধোঁৱা আৰু চিঞৰ-বাখৰৰ মাজত সকলোৱে স্তম্ভিত হৈ পৰিল। এই দুৰ্ঘটনাত ২৬৫ জন লোকে প্ৰাণ হেৰুৱায় কিন্তু বিমানত যাত্ৰা কৰি থকা এজন যাত্ৰীৰ অলৌকিকভাৱে জীৱন ৰক্ষা পৰিল। এই ভাগ্যৱান যাত্ৰীগৰাকীৰ নাম ৰমেশ বিশ্বাস কুমাৰ। বৰ্তমান তেওঁৰ অৱস্থাৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।


হস্পিতালৰ বিচনাত পৰি থকা ৰমেশ বিশ্বাস কুমাৰে কয় যে ৰাণৱেত বিমানখনে গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁৰ কিবা এটা অদ্ভুত অনুভৱ হৈছিল। হঠাৎ ৫-১০ ছেকেণ্ডৰ বাবে সকলো বন্ধ হৈ গ’ল। মৌনতা, তাৰ পিছত হঠাতে সেউজীয়া আৰু বগা লাইট জ্বলি উঠিল। এনে লাগিল যেন পাইলটে টেক অফৰ বাবে কলো কষ্ট কৰিলে। তাৰ পিছত হঠাতে বিমানখন পোনে পোনে হোষ্টেল বিল্ডিঙৰ ভিতৰত সোমাই গ’ল।


বিশ্বাসে লগতে ক’লে যে বিমানখনৰ যি অংশত মোৰ আসন আছিল, সেই অংশটোৱে নিশ্চয় বিল্ডিঙৰ তলৰ অংশত খুন্দা মাৰিছে। ওপৰৰ অংশত জুই লাগিল, বহুত মানুহ তাত আবদ্ধ হৈ পৰিল। চিটৰ লগতে মই তললৈ সৰি পৰিলোঁ। মই কেনেবাকৈ ওলাই আহিবলৈ সক্ষম হ’লোঁ৷ তেওঁ কয় যে সিটো পাৰে বেৰ আছিল, চাগে কোনেও তাৰ পৰা ওলাই আহিব পৰা নাছিল। ৰমেশ বিশ্বাসে ক’লে যে তেওঁৰ চকুৰ সন্মুখত দুগৰাকী এয়াৰ হোষ্টেছ, আৰু সকলো যাত্ৰী জ্বলি আছিল। এই দুৰ্ঘটনাত বিশ্বাসৰ বাওঁহাতখন বেয়াকৈ জ্বলি গ’ল যদিও তেওঁৰ জীৱন ৰক্ষা পৰিল। তেওঁ কয় যে তেওঁ ওলাই অহাৰ লগে লগে জুই বিয়পি পৰিছিল। যদি আৰু কেইছেকেণ্ডমান দেৰি হ'লহেঁতেন তেন্তে হয়তো তেঁৱো বাচি নাথাকিলেহেঁতেন...


ব্ৰিটেইনৰ লেষ্টাৰৰ বাসিন্দা ৰমেশ বিশ্বাস আৰু অজয় ​​দুজন ভাতৃ আছিল। দুয়ো একেলগে যাত্ৰা কৰি আছিল। ৰমেশৰ আনজন ভায়েক নয়নে ক’লে, আমি ৰমেশৰ লগত কথা পাতিলোঁ, তেওঁ হস্পিতালত আছে আৰু এই মুহূৰ্তত ভালেই আছে। কিন্তু আনজন ভাতৃ অজয়ৰ বিষয়ে একো গম পোৱা নাই। আমি অহৰহ তথ্যৰ বাবে অপেক্ষা কৰি আছোঁ। আমি পৰৱৰ্তী বিমানত ভাৰতলৈ ৰাওনা হ’ম। আমি মাত্ৰ আশা কৰোঁ যে ৰমেশ যেনেকৈ সুৰক্ষিত, অজয়ৰ বিষয়েও কিছু ভাল খবৰ পাম।


ৰমেশক দুৰ্ঘটনাটোৰ বিষয়ে সোধাত তেওঁ কয় যে বিমানখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল সেয়াও তেওঁ নাজানে। তেওঁ মাত্ৰ ক’লে যে মই কেনেকৈ বাচিলোঁ নাজানো। ৰমেশৰ প্ৰাণ ৰক্ষা পৰাত সন্তুষ্ট পৰিয়ালটো, কিন্তু অজয়ৰ বিষয়ে একো জানিব নোৱাৰাৰ বাবে তেওঁলোক বিচলিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক