--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • যুৱতীগৰাকী পেছাত এগৰাকী আই টি ইঞ্জিনিয়াৰ আছিল। মহাৰাষ্ট্ৰৰ পুনেৰ হিঞ্জেৱাডীত ঘটিছে এই ঘটনা।

ডিজিটেল ডেস্কঃ জীয়াই থকাৰ হেঁপাহ হেৰুৱাই এগৰাকী যুৱতীয়ে কৰিলে আত্মহত্যা। যুৱতীগৰাকী পেছাত এগৰাকী আই টি ইঞ্জিনিয়াৰ আছিল। মহাৰাষ্ট্ৰৰ পুনেৰ হিঞ্জেৱাডীত ঘটিছে এই ঘটনা। আৱাসগৃহৰ ২১ নং মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।আত্মহত্যা কৰা যুৱতীগৰাকীৰ নাম অভিলাষা ভৌচাহেব কোঠিম্বিৰে।


এগৰাকী আই টি ইঞ্জিনিয়াৰ হিচাপে সুন্দৰকৈ নিজৰ পৰিচয় গঢ়ি তুলিছিল অভিলাষাই। ২৫ বছৰীয়া অভিলাষাৰ চৰম সিদ্ধান্তত পৰিয়ালৰ লোক দুখত ভাগি পৰিছে।


আৰক্ষী বিষয়াসকলে জনোৱা মতে, ঘটনাৰ দিনটোত পুৱা প্ৰায় ৪:৩০ বজাত হিঞ্জেৱাডীৰ ক্রাউন গ্ৰীণছ ছ’চাইটিত উপস্থিত হয় অভিলাষা। চিচিটিভিৰ ফুটেজত দেখিবলৈ পোৱা গৈছে যে অভিলাষাই মুখত কাপোৰ বান্ধি ২১ নং মহলাৰ নিজৰ এপাৰ্টমেণ্টলৈ লিফটত উঠি যোৱা দেখা গৈছে আৰু পুৱা প্ৰায় ৪:৪২ বজাত অট্টালিকাৰ পৰা জপিয়াই দিয়ে।


তেওঁৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা এখন চুইচাইড নোটত লিখা আছে- ‘মোক ক্ষমা কৰিব। মই নিজৰ ইচ্ছামতে এই কাম কৰি আছো। মোৰ আৰু জীয়াই থকাৰ কোনো ইচ্ছা নাই।' প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁ হয়তো হতাশাত ভুগি আছিল।


মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নিশ্চিত কৰা হৈছে যে তেওঁৰ শৰীৰৰ অংগত গুৰুতৰভাৱে আঘাত পাইছে। হিঞ্জেৱাড়ী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক কানহাইয়া থোৰাটে নিশ্চিত কৰিছে যে এই গোচৰত আকস্মিক মৃত্যুৰ প্ৰতিবেদন দাখিল কৰা হৈছে। তেওঁ আৰু কয় যে প্ৰাৰম্ভিক তদন্তৰ সময়ত ফাউল প্লে বা সন্দেহজনক কাৰ্যকলাপৰ কোনো লক্ষণ দেখা পোৱা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক