--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত বতৰত বহু লোক এলাৰ্জীত আক্ৰান্ত হয়। এলাৰ্জী হোৱাটো আজিকালি অতি সাধাৰণ সমস্যা। যেতিয়া শৰীৰে কোনো বিশেষ পদাৰ্থৰ প্ৰতি অতিমাত্ৰা প্ৰতিক্ৰিয়া সৃষ্টি কৰে, তেতিয়া ইয়াক এলাৰ্জী বোলা হয়। যিকোনো খাদ্যসামগ্ৰী, পোহনীয়া জন্তু, চৰাই, বতৰৰ পৰিৱৰ্তন, সুগন্ধি, গোন্ধ আদিৰ বাবেও এলাৰ্জী হ’ব পাৰে। এনে অৱস্থাত শৰীৰত ৰঙা ফোহা হ’ব পাৰে। এই ফোহাবোৰ অত্যন্ত খজুৱতি হ’ব পাৰে। ঋতুভিত্তিক এলাৰ্জীৰ বাবে উশাহ-নিশাহৰ কষ্ট, বমি, জ্বৰ আদি সমস্যাও হ’ব পাৰে।

এলাৰ্জী প্ৰতিৰোধৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব-

১. নহৰুঃ-নহৰুত প্ৰচুৰ পৰিমাণে এন্টিবায়টিক, প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰাত ই অতি সহায়ক। এই ধৰণৰ সমস্যা এলাৰ্জীয়ে দেখা দিয়ে। খালী পেটত দুই-চাৰি ফুটা নহৰু সেৱন কৰিলে উপকাৰী পাব।

২. হালধিঃ-হালধিক আয়ুৰ্বেদত এন্টিবায়টিক বুলি কোৱা হয়। ইয়াত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টিইনফ্লেমেটৰী গুণ পোৱা যায়। ই এলাৰ্জী কমোৱাত সহায় কৰে। মৌৰ লগত সেৱন কৰা অতি উপকাৰী। এচামুচ হালধি গাখীৰত মিহলাই খালেও উপকাৰ পাব।

৩. মৌঃ-এলাৰ্জীৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈও মৌ ঔষধ হিচাপে কাম কৰে। ইয়াৰ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল আৰু এন্টিচেপ্টিক গুণ আছে। এলাৰ্জীৰ সৈতে মোকাবিলা কৰাত ই অতি ফলপ্ৰসূ। খালী পেটত খাব পাৰি বা গৰম পানীত মিহলাই মৌ সেৱন কৰিলে সুফল পাব।

৪. আপেল চাইডাৰ ভিনেগাৰঃ-আপেল এটা উপকাৰী ফল। দৈনিক এটা আপেল খালে বহু বেমাৰৰ হাত সাৰিব পাৰি। একে সময়তে আপেলৰ ভিনেগাৰ এলাৰ্জী দূৰ কৰাত উপযোগী। এইবোৰত এন্টিইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়। ধূলিৰ ফলত হোৱা এলাৰ্জী ক্ষেত্ৰত ই অতি উপকাৰী। এগিলাচ কুহুমীয়া পানীত ২ চামুচ ভিনেগাৰ পুৱা-গধূলি বা দুয়োটা সময়তে খাব পাৰে।

৫. গৰম পানীৰ গাৰ্গলঃ-এলাৰ্জীৰ আটাইতকৈ বেছি প্ৰভাৱ ওপৰৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত দেখা যায়। ২০০৮ চনত এই সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছিল। বিশেষজ্ঞসকলে কয় যে চেলাইনেৰে নাক পৰিষ্কাৰ কৰিলে ওপৰৰ শ্বাসনলীৰ এলাৰ্জীৰ পৰা মুক্তি পোৱা যায়। নিমখ মিহলি কৰা গৰম পানীৰে গাৰ্গল কৰিলেও সুফল পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু