--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত বতৰত বহু লোক এলাৰ্জীত আক্ৰান্ত হয়। এলাৰ্জী হোৱাটো আজিকালি অতি সাধাৰণ সমস্যা। যেতিয়া শৰীৰে কোনো বিশেষ পদাৰ্থৰ প্ৰতি অতিমাত্ৰা প্ৰতিক্ৰিয়া সৃষ্টি কৰে, তেতিয়া ইয়াক এলাৰ্জী বোলা হয়। যিকোনো খাদ্যসামগ্ৰী, পোহনীয়া জন্তু, চৰাই, বতৰৰ পৰিৱৰ্তন, সুগন্ধি, গোন্ধ আদিৰ বাবেও এলাৰ্জী হ’ব পাৰে। এনে অৱস্থাত শৰীৰত ৰঙা ফোহা হ’ব পাৰে। এই ফোহাবোৰ অত্যন্ত খজুৱতি হ’ব পাৰে। ঋতুভিত্তিক এলাৰ্জীৰ বাবে উশাহ-নিশাহৰ কষ্ট, বমি, জ্বৰ আদি সমস্যাও হ’ব পাৰে।

এলাৰ্জী প্ৰতিৰোধৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব-

১. নহৰুঃ-নহৰুত প্ৰচুৰ পৰিমাণে এন্টিবায়টিক, প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰাত ই অতি সহায়ক। এই ধৰণৰ সমস্যা এলাৰ্জীয়ে দেখা দিয়ে। খালী পেটত দুই-চাৰি ফুটা নহৰু সেৱন কৰিলে উপকাৰী পাব।

২. হালধিঃ-হালধিক আয়ুৰ্বেদত এন্টিবায়টিক বুলি কোৱা হয়। ইয়াত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টিইনফ্লেমেটৰী গুণ পোৱা যায়। ই এলাৰ্জী কমোৱাত সহায় কৰে। মৌৰ লগত সেৱন কৰা অতি উপকাৰী। এচামুচ হালধি গাখীৰত মিহলাই খালেও উপকাৰ পাব।

৩. মৌঃ-এলাৰ্জীৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈও মৌ ঔষধ হিচাপে কাম কৰে। ইয়াৰ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল আৰু এন্টিচেপ্টিক গুণ আছে। এলাৰ্জীৰ সৈতে মোকাবিলা কৰাত ই অতি ফলপ্ৰসূ। খালী পেটত খাব পাৰি বা গৰম পানীত মিহলাই মৌ সেৱন কৰিলে সুফল পাব।

৪. আপেল চাইডাৰ ভিনেগাৰঃ-আপেল এটা উপকাৰী ফল। দৈনিক এটা আপেল খালে বহু বেমাৰৰ হাত সাৰিব পাৰি। একে সময়তে আপেলৰ ভিনেগাৰ এলাৰ্জী দূৰ কৰাত উপযোগী। এইবোৰত এন্টিইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়। ধূলিৰ ফলত হোৱা এলাৰ্জী ক্ষেত্ৰত ই অতি উপকাৰী। এগিলাচ কুহুমীয়া পানীত ২ চামুচ ভিনেগাৰ পুৱা-গধূলি বা দুয়োটা সময়তে খাব পাৰে।

৫. গৰম পানীৰ গাৰ্গলঃ-এলাৰ্জীৰ আটাইতকৈ বেছি প্ৰভাৱ ওপৰৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত দেখা যায়। ২০০৮ চনত এই সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছিল। বিশেষজ্ঞসকলে কয় যে চেলাইনেৰে নাক পৰিষ্কাৰ কৰিলে ওপৰৰ শ্বাসনলীৰ এলাৰ্জীৰ পৰা মুক্তি পোৱা যায়। নিমখ মিহলি কৰা গৰম পানীৰে গাৰ্গল কৰিলেও সুফল পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক