--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা সন্ধিয়া তিনিওজন একে লগে ঘৰৰ পৰা ওলাই গৈছিল ৰূপহীলৈ। ৰূপহীৰ পৰা ঘৰমুৱা হোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় দুই ভাতৃয়ে।

ডিজিটেল ডেস্ক: দুই ভাতৃৰ কৰুণ মৃত্যু। ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিশা ৰূপহীহাটৰ ফাঁকলি জ্ঞান বিকাশৰ সন্মুখত ভয়াবহ পথ দুৰ্ঘটনাত দুজন যুৱকৰ অকাল মৃত্যুত ভাগি পৰিল সমগ্ৰ অঞ্চল।


শ্বাকিল আহমেদ আৰু মেহেদি আলম নামৰ দুই ভাতৃৰ মৃত্যুত কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলতে।


আনফালে বন্ধু ৰাজদুল হক নামৰ যুৱকজনৰ অৱস্থা অতি সংকটজনক হোৱাত গুৱাহাটী ICUত তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।


শ্বাকিল আহমেদ আৰু মেহেদি আলম দুই ভাতৃ শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল।


যোৱা সন্ধিয়া তিনিওজন একে লগে ঘৰৰ পৰা ওলাই গৈছিল ৰূপহীলৈ। ৰূপহীৰ পৰা ঘৰমুৱা হোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় দুই ভাতৃয়ে।


অচিনাক্ত বাহনৰ সৈতে AS02AD4034 নম্বৰৰ মটৰ চাইকেলৰ সংঘৰ্ষত দুৰ্ঘটনাত মৃত্যু হয় দুই ভাতৃৰ।


এই দিনটো কাঞ্চনপুৰৰ বাবে এক অভিশপ্ত দিন হিচাপে বিবেচিত হৈছে। শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ