--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুই বছৰত সম্পূর্ণ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ ডকুমেণ্টৰী। ৰাষ্ট্ৰীয় উদ্যানখনত উপলব্ধ ঢেঁকীয়াপতীয়া আৰু নাহৰফুটুকী বাঘৰ লগতে চলিছে ব্লেক পেন্থাৰৰ ভিডিঅ' সংগ্ৰহৰ কাম।

ডিজিটেল ডেস্ক: বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানক লৈ নিৰ্মাণ হ'ব ৱাইল্ডলাইফ ডকুমেণ্টৰী। সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুক লৈ চলিছে ডকুমেণ্টৰীৰ কাম।


ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলৰ ভিতৰত বিগত এমাহ ধৰি ডকুমেণ্টৰীখনৰ কাম চলিছে। ৱাইল্ডলাইফ ফিল্মমেকাৰ আলী আচিফ শ্বেখৰ নেতৃত্বত মানসত চলিছে ডকুমেণ্টৰীৰ কাম।


দুই বছৰত সম্পূর্ণ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ ডকুমেণ্টৰী। ৰাষ্ট্ৰীয় উদ্যানখনত উপলব্ধ ঢেঁকীয়াপতীয়া আৰু নাহৰফুটুকী বাঘৰ লগতে চলিছে ব্লেক পেন্থাৰৰ ভিডিঅ' সংগ্ৰহৰ কাম।


কলকতাৰ ৱাইল্ডলাইফ ফিল্মমেকাৰ আলী আচিফ শ্বেখে জানিব দিয়া অনুসৰি বিগত সময়ত দহটা বাঘৰ ভিডিঅ' সংগ্ৰহ কৰিছে তেওঁলোকে।


উল্লেখ্য যে মানসত আছে ১১৫টাৰো অধিক বাঘৰ লগতে বহু অধুনালুপ্ত জীৱ-জন্তু। বাঘৰ বিচৰণথলী হিচাপে বিবেচিত মানস ৰাষ্ট্ৰীয় উদ্যানক নিৰ্বাচিত কৰিছে আলী আচিফ শ্বেখে।


দুই বছৰৰ ভিতৰত সম্পূর্ণ হ'বলগীয়া মানসৰ ওপৰত কৰা ডকুমেণ্টৰীখনৰ বাবে হেঁপাহেৰে বাট চাইছে অসমবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ