--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাত দেখা কাল্পনিক ৰোগে এতিয়া বাস্তৱত পৰিণত হোৱাৰ পথত।জম্বী চিনেমা আপুনি কেতিয়াবা নিশ্চয়কৈ চাইছে। যদি চোৱা নাই , জমবি হৈছে মানুহৰেই এটা কাল্পনিক পৰ্যায় , যিটো পৰ্যায়ত মানুহৰ মস্তিষ্কটো সম্পূৰ্ণ মৃত হৈ যায় যদিও শৰীৰটো চলি থাকে। অৰ্থাৎ এনে পৰ্যায়ত ব্যক্তিগৰাকীৰ চিন্তাশক্তি একেবাৰে ম্লান পৰি যায় কিন্তু শৰীৰটো জীয়াই থাকে। আৰু এনে সময়ত মানুহ কেৱল তেজৰ বাবে ভোকাতুৰ হৈ পৰে। এক বিশেষ ভাইৰাছৰ পৰা মানুহ এইবিধ বেমাৰত  সংক্ৰমিত হয় বুলি কোৱা হয়।  ইণ্টাৰনেটত এনে জম্বী চিনেমা কেইবাখনো উপলব্ধ। 

মানৱ সভ্যতাই যিকোনো মুহূৰ্তত এনে জম্বী  মহামাৰীৰ সমুখীন হোৱাৰ আশংকা কৰিছে বিজ্ঞানী সকলে। 

বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি মেৰুৰ পাৰমাফ্ৰষ্ট  এলেকাত  ৪৮,৫০০ বছৰ ধৰি সুপ্ত  হৈ থকা প্ৰাচীন ভাইৰাছবোৰ এদিন পৃথিৱীৰ উষ্ণ জলবায়ুৰ ফলত নিৰ্গত হৈ এক ভয়াবহ ৰোগৰ সৃষ্টি কৰিব পাৰে। 

ইতিমধ্যে বিজ্ঞানীসকলে এই ভাইৰাছবিধক মেথুচেলা অণুজীৱৰ প্ৰজাতি বা জম্বী ভাইৰাছ হিচাপে নামকৰণ কৰিছে। লগতে এই প্ৰাচীন ভাইৰাছবিধক পৃথকীকৰণ কৰি নিৰীক্ষণৰ পৰিকল্পনা কৰিছে ।যাৰ সহায়ত এই প্ৰাচীন অণুজীৱবিধৰ দ্বাৰা হব পৰা ৰোগক চিনাক্ত কৰিব পাৰি। 

লগতে এই ৰোগ সংক্ৰমিত হোৱা লোকসকলৰ বাবে পৃথকীকৰণৰ  ব্যৱস্থা তথা চিকিৎসাৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে। যাতে প্ৰাৰম্ভিকতেই এই ৰোগ ৰোধ কৰিব পাৰি। 

উল্লেখযোগ্য যে মেৰুৰ পাৰমাফ্ৰষ্ট উত্তৰ গোলাৰ্ধৰ পঞ্চমাংশ সামৰি আছে। আৰু এই দীঘলীয়া সময়ৰ পৰা শূন্যৰ তলৰ উষ্ণতাত আছে। ইয়াৰে কিছুমান তৰপ লাখ লাখ বছৰ ধৰি নিথৰ অৱস্থাত আছে বুলিও বিজ্ঞানীসকলে আবিষ্কাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক