--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপুনিও দৈনন্দিন কামবোৰ কৰোতে অসুবিধা অনুভৱ কৰিছে নেকি? যদি হয়, তেন্তে এনে পৰিৱৰ্তনবোৰক গুৰুত্বসহকাৰে মনোযোগ দিয়াৰ প্ৰয়োজন। এনে কিছুমান পৰিৱৰ্তন শৰীৰত বাঢ়ি অহাটো  মাৰাত্মক ৰোগৰ লক্ষণো হ’ব পাৰে। হাতৰ গ্ৰিপ দুৰ্বল হোৱাটো এনেকুৱা এটা সমস্যা ই গুৰুতৰ ৰোগৰ লক্ষণৰ সংকেত বুলিব পাৰি।

 হাতৰ গ্ৰিপ দুৰ্বল হ’লে কেনেকৈ শৰীৰ বাবে গুৰুতৰ সমস্যাৰ লক্ষণ বুলি জানিবলৈ বিজ্ঞানীসকলে ইয়াৰ ওপৰত অধ্যয়ন কৰিছিল। অধ্যয়নত দেখা গ’ল যে যিসকল লোকে টান কোনো টেমা খুলিবলৈ, পানীৰে ভৰা পাত্ৰ এটা ধৰিবলৈ অথবা শ্বপিং বেগ একেলগে কঢ়িয়াই নিবলৈ অসুবিধা পাইছে, আগৰ তুলনাত এনে লোকৰ হৃদৰোগ, কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায় আৰু গুৰুতৰ হোৱাৰ আশংকা আছে এলঝাইমাৰৰ দৰে স্বাস্থ্যজনিত সমস্যা বেছি হ’ব পাৰে।

১. অধ্যয়ন কি কয়?

অষ্ট্ৰিয়াস্থিত ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ এপ্লাইড চিষ্টেমছ এনালাইছিছৰ বিজ্ঞানীসকলে হাতৰ গ্ৰিপটোৰ শক্তি আৰু ইয়াৰ ভিত্তিত শৰীৰত ৰোগ সৃষ্টি হোৱাৰ আশংকা জানিবলৈ চেষ্টা কৰিছিল। বিজ্ঞানীসকলে কয় যে হাতৰ গ্ৰিপ দুৰ্বল হোৱাটো বয়স, লিংগ আৰু দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে যদিও যদি আপুনি এনে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে।

 ২. গ্ৰিপিং ক্ষমতা বয়স আৰু লিংগৰ ওপৰত নিৰ্ভৰ কৰে-

বি এম জে জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত গৱেষকসকলে কয় যে সাধাৰণতে ২০ বছৰ বয়সত মহিলাৰ হাতৰ গড় ধৰিব পৰা শক্তি ২৯ কিলোগ্ৰাম আৰু পুৰুষৰ ৪৬ কিলোগ্ৰাম। ৬০ বছৰ বয়সত ইয়াৰ ওজন ক্ৰমে ২৩.৫ কিলোগ্ৰাম আৰু ৩৯ কেজিলৈ হ্ৰাস পায়। যদি আপোনাৰ বয়সৰ মানতকৈ আপোনাৰ গ্ৰিপ দুৰ্বল হয়, তেন্তে ইয়াক গুৰুত্বসহকাৰে লোৱাটো প্ৰয়োজন।

 ৩. হাতৰ গ্ৰিপ দুৰ্বলতা আৰু ৰোগৰ আশংকা-

একে বয়স আৰু একে লিংগৰ লোকৰ তুলনাত যদি আপোনাৰ গ্ৰিপ দুৰ্বল হয়, তেন্তে ইয়াক হৃদৰোগৰ লক্ষণ বুলি ধৰিব পাৰি। ইয়াক হৃদযন্ত্ৰৰ বিকলতা আৰু হৃদযন্ত্ৰৰ স্বাভাৱিক কাম-কাজৰ সমস্যাৰ লক্ষণ বুলিও ধৰিব পাৰি। অধ্যয়নত দেখা গৈছে যে দুৰ্বল গ্ৰিপ থকা লোকসকলৰ প্ৰষ্টেট, হাওঁফাওঁ, স্তন আৰু কলেৰেষ্টল কেন্সাৰ হোৱাৰ সম্ভাৱনাও আন লোকতকৈ বেছি। ইয়াৰ পূৰ্বে ব্রিষ্টল বিশ্ববিদ্যালয়ে কৰা এক অধ্যয়নত দেখা গৈছিল যে যিসকল লোকৰ হাতত অধিক শক্তিশালী হয়, তেওঁলোকৰ এলঝাইমাৰ ৰোগ আৰু ডিমেনচিয়াৰ সম্ভাৱনা কম হয়।

৪. গৱেষকসকলে কি কয়?

বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এক অধ্যয়নত দেখা গৈছে যে টাইপ-২ ডায়েবেটিছ বা মেদবহুলতা থকা লোকসকলৰ সময়ৰ লগে লগে তেওঁলোকৰ হাতৰ গ্ৰিপ দুৰ্বল হৈ পৰে। স্নায়ুৰ কাৰ্যক্ষমতাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। দুৰ্বল গ্ৰিপ হাতৰ সমস্যা বা আঘাতৰ দৰে কাৰণতো হ’ব পাৰে, গতিকে প্ৰত্যেকে ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু নিজেই হাতৰ গ্ৰিপটো পৰীক্ষা কৰি নিশ্চিতভাৱে শৰীৰৰ সমস্যাবোৰৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী