--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰকৃতিক চাবলৈ আৰু বুজিবলৈ যেনেকৈ চকুৰ প্ৰয়োজন। ঠিক একেদৰেই শুনিবলৈ কাণ দুখনৰো সমানে প্ৰয়োজন। এক কথাত ক’বলৈ গ’লে কাণ হৈছে শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। সাধাৰণতে মানুহে কয় যে য’ত চকুৱে কাম নকৰে তাত কাণে কাম কৰে। কিন্তু দুৰ্বল জীৱনশৈলীয়ে চকুৰ লগতে কাণ দুখনতো সমানে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। কাণৰ আটাইতকৈ ডাঙৰ ক্ষতিৰ আঁৰত আছে য়েৰফোনৰ ব্যৱহাৰ আৰু উচ্চস্বৰত সংগীত শুনা। ইয়াৰ বাবে কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বৰে কিশোৰ-কিশোৰীসকলৰ শ্ৰৱণ ক্ষমতাও ক্ষতিগ্ৰস্ত হৈছে।

 ১০০ কোটি নৱপ্ৰজন্ম ক্ষতিগ্ৰস্ত হ’ব পাৰে-

কাণৰ শ্ৰৱণ ক্ষমতা সম্পৰ্কে এক অধ্যয়ন কৰা হৈছিল। কোৱা হৈছিল যে ১০৫ ডেচিবেল (ডিবি) পৰ্যন্ত যুৱক-যুৱতীসকলে য়েৰলিড হিচাপে পছন্দ কৰে, আনহাতে মনোৰঞ্জন স্থানত লাউডস্পীকাৰৰ শব্দ ১০৪ৰ পৰা ১১২ ডিবিলৈকে। আনহাতে প্ৰাপ্তবয়স্কৰ বাবে ৮০ ডেচিবেল আৰু শিশুৰ বাবে ৭৫ ডেচিবেল হ’ব লাগে। মুঠ ৩৩টা অধ্যয়নক এই গৱেষণাত অন্তৰ্ভুক্ত কৰা হৈছিল, ইয়াৰে ১৭টা ৰেকৰ্ড ইয়াৰবাড আৰু হেডফোনৰ সৈতে জড়িত, আনহাতে ১৮টা প্ৰতিবেদন মনোৰঞ্জনৰ স্থান সম্পৰ্কে কৰা হৈছিল। গৱেষকসকলে অনুমান কৰিছে যে বিশ্বজুৰি শ্ৰৱণ ক্ষমতা হেৰুওৱা কিশোৰ-কিশোৰী আৰু যুৱ প্ৰাপ্তবয়স্কৰ সংখ্যা ০.৬৭ৰ পৰা ১.৩৫ বিলিয়নৰ ভিতৰত হ’ব পাৰে। অৰ্থাৎ এই সংখ্যাই ১০০ কোটি অতিক্ৰম কৰিব পাৰে।

 বিএমজে গ্ল’বেল হেল্থ আলোচনীত প্ৰকাশিত অধ্যয়ন-

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাণৰ শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ প্ৰভাৱ সন্দৰ্ভত বিএমজে গ্ল’বেল হেল্থ আলোচনীত এক অধ্যয়ন প্ৰকাশ পাইছে। এই অধ্যয়নৰ মতে, হেডফোন আৰু য়েৰবাড ব্যৱহাৰ কৰাৰ বাবে আৰু উচ্চস্বৰত সংগীত থকা ঠাইত উপস্থিত থকাৰ বাবে এক বিলিয়নতকৈও অধিক নৱপ্ৰজন্মৰ শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ আশংকাত ভুগিছে। আমেৰিকাৰ মেডিকেল ইউনিভাৰ্চিটি অব চাউথ কেৰ’লিনাৰ গৱেষককে ধৰি আন্তঃৰাষ্ট্ৰীয় দলটোৱে কয় যে সকলো দেশৰ চৰকাৰে কাণৰ সুৰক্ষাৰ নীতি নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ বাবেও মানুহক সজাগ কৰা উচিত।

 ১২ৰ পৰা ৩৪ বছৰ বয়সৰ শিশুৰ ওপৰত কৰা গৱেষণা-

বয়সৰ মাপকাঠী নিৰ্ধাৰণ কৰি গৱেষকসকলে এই গৱেষণা কৰিছিল। গৱেষকসকলে ২০২২ চনত ১২-৩৪ বছৰীয়া লোকৰ প্ৰকল্পিত বিশ্ব জনসংখ্যা বিশ্লেষণ কৰে। ইয়াৰ পাছত গড়ে দেখা গ’ল যে পিএলডি অৰ্থাৎ য়েৰবাড বা হেডফোন ব্যৱহাৰ কৰি শুনা ক্ষমতা অন্তৰ্ভুক্ত কৰা হৈছে। বহল পৰিসংখ্যা নিৰ্ধাৰণ কৰি সাম্ভাৱ্য ভুক্তভোগীৰ সংখ্যা অনুমান কৰা হৈছে। সময়মতে চিকিৎসা নকৰিলে দেশত বৃহৎসংখ্যক বধিৰ ৰোগীক দেখা পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু