--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিশ্ব স্বাস্থ্য সংস্থাৰ চনৰ প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী প্ৰায় ২.২ বিলিয়ন লোক দৃষ্টিশক্তি সম্পৰ্কীয় সমস্যাত ভুগি আছে। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ আৰু বিশ্বৰ ২০ শতাংশতকৈও অধিক অন্ধ লোকৰ  বাসস্থান। দৃষ্টিশক্তিৰ দুৰ্বলতা সমাধান কৰাটো সমগ্ৰ বিশ্বতে এক মুখ্য স্বাস্থ্য সমস্যা৷  যদিও বয়স, আনুবংশিক আৰু পৰিৱেশ আদি কাৰক  দুৰ্বল দৃষ্টিশক্তিৰ বাবে দায়ী৷ তথাপিও দৈনন্দিন অভ্যাসবোৰো এইক্ষেত্ৰত সমানেই গুৰুত্বপূৰ্ণ। দৈনন্দিন অভ্যাসে ব্যক্তি এজনৰ দৃষ্টিশক্তিক  প্ৰভাৱিত কৰিব পাৰে আৰু সময়মতে সমাধান নকৰিলে সমস্যাবোৰ অধিক জটিল  হোৱাৰ সম্ভাৱনা আছে৷ 


এই অভ্যাসবোৰ কি কি ?

 দীঘলীয়া সময়ৰ বাবে কাম কৰা ফোনত  বিশেষকৈ কম্পিউটাৰত কাম কৰাটো বিশ্বৰ বহুলোকৰ বাবে অভ্যাসত পৰিণত হৈছে। মহামাৰীৰ সময়ত বা আন সময়ত  আৰু ঘৰৰ পৰা কাম কৰা সংস্কৃতিৰ অৰ্থ হৈছে যে মানুহে প্ৰতিদিনে প্ৰায় দীঘলীয়া সময়ৰ বাবে ফোন, কম্পিউটাৰত কাম কৰিব লাগিব। এনে জীৱনশৈলীয়ে নিশ্চিতভাৱে  আপোনাৰ চকুত গুৰুত্বপূৰ্ণ চাপ সৃষ্টি কৰে আৰু সঠিকভাৱে পৰীক্ষা নকৰিলে চকু সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ সৈতে প্ৰায়ে সম্পৰ্কিত এক স্থিতি হৈছে "পৰ্দা-দৃষ্টিশক্তি" বা কম্পিউটাৰ ভিজন চিণ্ড্ৰোম। ডিজিটেল ডিভাইচৰ বৰ্ধিত ব্যৱহাৰৰ বাবে আপোনাৰ চকুৰ ওপৰত পৰা  চাপ হ্ৰাস কৰিবলৈ সঘনাই বিৰতি লওঁক৷ প্ৰতি ২০ মিনিটত কমেও ২০ ছেকেণ্ডৰ বাবে  ২০ ফুট দূৰত থকা  কিবা এটা চাওঁক।

চকুৰ সু-স্বাস্থ্যৰ বাবে  খাব লগীয়া  আহাৰসমূহৰ  ভিতৰত আছে অমেগা-3 ফেটি এচিড, জিংক, ভিটামিন চি আৰু ই, আৰু ডাঠ শাক, বাদাম, কণী৷  কমলা আৰু সাগৰীয়  খাদ্যই চকুৰ স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰিব পাৰে।

 আপোনাৰ চকুযুৰি ইচ্ছাকৃতভাৱে বা অভ্যাসবশতঃ মোহাৰি থাকিলে  আপোনাৰ দৃষ্টিশক্তিৰ কিছু ক্ষতি হ'ব পাৰে। চকু মোহাৰিলে  আপোনাৰ চকুৰ পতাৰ তলত থকা ৰক্তনলীবোৰ ভাঙি যাব  পাৰে। যেতিয়া চকুত চাপ পৰে , চকু ঘঁহি থকাৰ সলনি ঠাণ্ডা কম্প্ৰেছ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক।

চানগ্লাছ পৰিধান নকৰিলে আপোনাৰ চকুত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। আমাৰ চকুযুৰি  অতিবেঙুনীয়া ৰশ্মি আৰু বতৰৰ উপাদানৰ প্ৰতি অসুৰক্ষিত যি আমাৰ দৃষ্টিশক্তিক  বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। নিয়মীয়াকৈ সঠিক চানগ্লাছ পিন্ধিলে মেকুলাৰ ডিজেনাৰেচনক প্ৰতিহত কৰিব পাৰে। ইয়াৰ বাহিৰেও, চানগ্লাচে আপোনাৰ চকুত প্ৰৱেশ কৰিব পৰা বতাহ আৰু ধুলি অৱৰোধ কৰি ড্ৰাই-আই চিণ্ড্ৰোমৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা