--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পোহৰৰ উৎসৱ দীপাৱলী… মাজত মাথোঁ কেইটামান ঘণ্টা বাকী৷ ইতিমধ্যে ৰাজ্যজুৰি চলিছে দিপাৱলীৰ প্ৰস্তুতি৷ ঘৰৰ চৌপাশে চাকি জ্বলোৱাত আজিৰেই ব্যস্ত হৈছে গৃহিণীসকল। ইলেক্ট্ৰিক লাইটৰ সহায়তেই হওক বা মিঠাতেলৰ চাকিৰেই হওক আন্ধাৰ আঁতৰাই উজলি উঠিব পোহৰৰ শিখা৷ কিন্তু আপুনি দীপাৱলী উদযাপন কৰিবলৈ যাওঁতেই হ’ব লাগিব সাৱধান৷ নহ’লে আপুনি পৰিব পাৰে বিপদত৷ দীপাৱলীৰ ফটকা কিমান হানিকাৰক আপোনাৰ বাবে, সেয়া হয়টো আপুনি কল্পনাও কৰিব পৰা নাই!


ফটকা বা আটচবাজী ফুটাই দীপাৱলী উদযাপন কৰাৰ মাদকতাই সুকীয়া৷ যদিও ইয়াৰ বাবে প্ৰশাসনে জাৰি কৰিছে নতুন নিয়ম, তথাপি এটা ফটকা নুফুটোৱাকৈ আপুনি হয়টো নাথাকিব৷ ফটকা ফুটাবলৈ যাওঁতেই হওক সাৱধান৷ ফটকাৰ ধোঁৱাই আপোনাক কৰিব পাৰে ক্ষতি৷ ই চকুৰ বাবে বহু হানিকাৰক৷ সেয়ে ফটকা ফুটাবলৈ সদায় দূৰত্ব বজায় ৰাখক আৰু চকুত পৰিধান কৰক চচমা৷

প্ৰতিখন ঘৰৰ ল’ৰা-ছোৱালীয়েই ফুলজাৰি-ফটকা ব্যৱহাৰ কৰে। অভিভাৱকসকলে ঘৰত ফুলজাৰি জ্বলোৱা শিশুৰ ওপৰত চকু ৰাখিব লাগিব। তেওঁলোকে বুজাব লাগিব কেনেকৈ বিপদৰ পৰা বচাব পাৰে। ফটকা-ফুলজাৰি জ্বলোৱাৰ আগতে, হাতৰ সন্মুখত সদায়ে এবাল্টি পানী ৰাখিব লাগে। যাতে যদি কোনো বিপদ নপৰে, জুই আৰম্ভণিতে নিৰ্বাপিত কৰিব পাৰি।

দীৱালীৰ সময়ত দুচকীয়া বাহন লৈ যাওঁতে হওক সাৱধান৷ বহুলোকে ৰাস্তাত বহু ৰকমৰ ফটকা জ্বলায়, যাৰ ফলত হঠাৎ আপোনাৰ গালৈ অথবা চকুলৈ পৰিব পাৰে ফটকাৰ ছিটিকনি। গতিকে হেলমেট ব্যৱহাৰ কৰাটো বাঞ্চনীয়। যদি কিবা ঘটে, আপুনি নিজে ঔষধ গ্ৰহণ বা প্ৰয়োগ নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ চকুবোৰ অতি সংবেদনশীল শৰীৰৰ অংশ। ভুল ঔষধে যথেষ্ট ক্ষতি কৰিব পাৰে।

দীপাৱলীৰ সময়ত জুইলগা ঘটনাই সংবাদ শিৰোনাম দখল কৰে৷ গতিকে ঘৰৰ কাষত যিকোনো ফটকা বা বোমা ফুটালে হওক সাৱধান৷ ঘৰৰ পৰা দূৰৈত ফুটাওক আটবাজি৷ দীপাৱলী উদযাপন কৰাৰ আগতে এই কথাবোৰ মনত ৰাখিব লাগিব। ঘৰৰ বৃদ্ধ আৰু সৰু লোকসকলৰ প্ৰতি অতিৰিক্ত মনোযোগ দিব লাগিব। লেম্প জ্বলোৱাৰ সময়ত মনত ৰাখিব যে কোনো দুৰ্ঘটনা সংঘটিত নহয়। তেতিয়াহে আপোনাৰ দীপাৱলী পাৰ হ’ব সুকলমে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ