--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ  নতুন উপ-প্ৰকাৰ  জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।   যোৱা ২৪ ঘণ্টাত ১০০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে  উদ্বেগ বাঢ়ি আহিছে। প্ৰশ্ন উত্থাপিত হৈছে এনে পৰিস্থিতিত   পুনৰ কোভিড ভেকছিন ল'বলগীয়া হ’ব নেকি?

দেশৰ কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। ইণ্ডিয়া-এছএআৰএছ-চিঅ'ভি২ জিনোমিক্স কনচৰ্টিয়ামৰ মুৰব্বী ড০ এন কে অৰোৰাই কয় যে নতুন প্ৰজাতিয়ে আশংকা বৃদ্ঘি কৰিলেও  পৃথক ভেকছিনৰ কোনো প্ৰয়োজন নহ’ব। কিন্তু তেওঁ সাৱধানতাৰ বিষয়ত অধিক  জোৰ দিছে। ডাঃ অৰোৰাই কয়  যে ৬০  বছৰ বা তাতকৈ অধিক বয়সৰ লোক, যাৰ কোমৰ্বিডিটি আছে বা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল,তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন। তেওঁ ক'লে, " সপ্তাহত   বিভিন্ন অঞ্চলত নতুন উপ-প্ৰকাৰ উপস্থিতি ধৰা পৰিছে। ।

 আমি এতিয়ালৈকে কোভিডৰ  ৪০০  ৰো অধিক উপ-প্ৰকাৰ বিচাৰি পাইছো। কিন্তু সৌভাগ্যক্ৰমে, কোনো অমাইক্ৰন প্ৰকাৰ অধিক বিপজ্জনক নহয় বা চিকিৎসালয়ত ভৰ্তি হোৱাৰো প্ৰয়োজন নহয়। "
ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই কৈছে  যে যোৱা এমাহত বিশ্বজুৰি কৰোনাৰ ঘটনা ৫২ শতাংশ বৃদ্ধি পাইছে। কিন্তু এয়া স্পষ্ট নহয় যে কিমান শতাংশ লোক নতুন উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক