--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আকৌ আহিছে কোভিড৷ গতিকে সাৱধান হ’বৰ হ’ল৷ কোভিডৰ নতুন উত্থানৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে দেশৰ কেইবা খনো ৰাজ্যলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত শুক্ৰবাৰে ৭৯৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে৷ ১০৯ দিনৰ পিছত দেশত সক্ৰিয় ৰোগীৰ সংখ্যাই  ৫,০০০ ৰ সীমা অতিক্ৰম কৰিছে।

দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৫,০২৬ গৰাকীলৈ  লৈ বৃদ্ধি হৈছে৷  সংক্ৰমণৰ হৰ ০.০১%, আনহাতে  মৃত্যুৰ হাৰ ১.১৯% বুলি প্ৰকাশ কৰা হৈছে।

এতিয়ালৈকে দেশত কোভিডত আক্ৰান্ত হোৱা  মুঠ লোকৰ সংখ্যা এতিয়া ৪.৪৬ কোটি (৪,৪৬,৯৩,৫০৬)হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে যে বিগত ২৪ ঘণ্টাত কোভিডত  পাঁচজন লোকৰ  মৃত্যুৰ ঘটনাৰ সৈতে মুঠ মৃত্যুৰ সংখ্যা ৫,৩০,৭৯৫ লৈ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় পুনৰুদ্ধাৰৰ হাৰ ৯৮.৮০ % ৷ এতিয়ালৈকে দেশত ৪,৪১,৫৭,৬৮৫ গৰাকী লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে৷

যিহেতু দৈনিক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বৃদ্ধি লক্ষ্য কৰা হৈছে, সেয়ে স্বাস্থ্য মন্ত্ৰালয়ে সংক্ৰমণৰ অধিক আশংকা থকা   ছয়খন ৰাজ্য - মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকলৈ এই বিষয়ত পত্ৰ লিখিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক