--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আকৌ আহিছে কোভিড৷ গতিকে সাৱধান হ’বৰ হ’ল৷ কোভিডৰ নতুন উত্থানৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে দেশৰ কেইবা খনো ৰাজ্যলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত শুক্ৰবাৰে ৭৯৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে৷ ১০৯ দিনৰ পিছত দেশত সক্ৰিয় ৰোগীৰ সংখ্যাই  ৫,০০০ ৰ সীমা অতিক্ৰম কৰিছে।

দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৫,০২৬ গৰাকীলৈ  লৈ বৃদ্ধি হৈছে৷  সংক্ৰমণৰ হৰ ০.০১%, আনহাতে  মৃত্যুৰ হাৰ ১.১৯% বুলি প্ৰকাশ কৰা হৈছে।

এতিয়ালৈকে দেশত কোভিডত আক্ৰান্ত হোৱা  মুঠ লোকৰ সংখ্যা এতিয়া ৪.৪৬ কোটি (৪,৪৬,৯৩,৫০৬)হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে যে বিগত ২৪ ঘণ্টাত কোভিডত  পাঁচজন লোকৰ  মৃত্যুৰ ঘটনাৰ সৈতে মুঠ মৃত্যুৰ সংখ্যা ৫,৩০,৭৯৫ লৈ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় পুনৰুদ্ধাৰৰ হাৰ ৯৮.৮০ % ৷ এতিয়ালৈকে দেশত ৪,৪১,৫৭,৬৮৫ গৰাকী লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে৷

যিহেতু দৈনিক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বৃদ্ধি লক্ষ্য কৰা হৈছে, সেয়ে স্বাস্থ্য মন্ত্ৰালয়ে সংক্ৰমণৰ অধিক আশংকা থকা   ছয়খন ৰাজ্য - মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকলৈ এই বিষয়ত পত্ৰ লিখিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ