--°C
Loading...
Listen to Article
2 min read
80%
.ডিজিটেল ডেস্কঃ বিয়া বুলি ক’লেই আনন্দ৷ তাতে আকৌ নিজৰ বিয়া৷ নিজৰ বিয়াৰ দিনটোতে আনন্দতে আত্মহাৰা হৈ পৰা দৰাই বন্ধুবৰ্গৰ সৈতে পুৱাৰে পৰাই বহিল মদৰ আড্ডাত৷ মদ খাই খাই আবেলিলৈ য’তে আছিল তাতে শুই পৰিল দৰা৷ঘৰৰ মানুহেও নাপালে দৰাৰ কোনো সন্ধান৷ 

ঘটনাটো উত্তৰ প্ৰদেশৰ চুলতানগঞ্জৰ মিৰ্জাপুৰ গাঁৱৰ।নিজৰ বিয়াৰ দিনাই মদ খাই বেহুচ হৈ পৰা দৰাই পিছদিনা নিচা ফটাৰ পিছতহে ধৰিব পাৰিলে যে যোৱা নিশা তেওঁ বিয়া পাতিবলৈ যাব লাগিছিল৷ পিছদিনা যেতিয়া দৰাৰ বিয়াৰ কথা মনত পৰিল, তেওঁ কইনাৰ ঘৰলৈ একপ্ৰকাৰ দৌৰি গ’ল। নিশা বিয়া পাতিবলৈ নহা দৰাক পাই কইনা পক্ষই তেওঁক আবদ্ধ কৰি ৰাখিলে।

 অৱশ্যে  দৰাৰ স্বৰূপ ওলাই পৰাত কইনাই সেই যুৱকজনৰ সৈতে বিয়া হ’বলৈ  অস্বীকাৰ কৰে৷ দৰাৰ ঘনিষ্ঠ একাংশ লোকে প্ৰকাশ ৰা মতে  দৰাই তেওঁৰ বিবাহৰ আনন্দতে তেওঁৰ কিছু সহকৰ্মীৰ এক বিশেষ স্থানত  সুৰাৰ পাৰ্টি কৰিবলৈ আৰম্ভ কৰিছিল আৰু যেতিয়া তেওঁ জ্ঞান হেৰুৱাই পেলাইছিল৷  নিশালৈকে কাহালগাওঁৰ এণ্টিচাক গাঁৱৰ কইনাৰ ঘৰত হাহাকাৰ লাগিছিল৷ 

খবৰ বিয়পি পৰিছিল যে দৰা নিৰুদ্দেশ৷ কিন্তু পিছদিনাহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হয়৷ কইনা ঘৰে এই ঘটনাৰ পিছতে দৰাৰ পৰা  বিয়াৰ প্ৰস্তুতিৰ বাবে হোৱা খৰচ দাবী কৰিছে৷   ঘটনাটোৰ পিছতে কইনাইকয়, "মদ্যপান কৰা  এনে  ল’ৰাৰ সৈতে  মই বিয়াত বহিব নোৱাৰো৷  ল’ৰাৰ ঘৰে মিছা কথা কৈ  বিয়া কৰিবলৈ  ষড়যন্ত্ৰ কৰিছিল। লৰা ইতিমধ্যে বিবাহিতও।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক