--°C
Loading...
Listen to Article
2 min read
80%
.ডিজিটেল ডেস্কঃ বিয়া বুলি ক’লেই আনন্দ৷ তাতে আকৌ নিজৰ বিয়া৷ নিজৰ বিয়াৰ দিনটোতে আনন্দতে আত্মহাৰা হৈ পৰা দৰাই বন্ধুবৰ্গৰ সৈতে পুৱাৰে পৰাই বহিল মদৰ আড্ডাত৷ মদ খাই খাই আবেলিলৈ য’তে আছিল তাতে শুই পৰিল দৰা৷ঘৰৰ মানুহেও নাপালে দৰাৰ কোনো সন্ধান৷ 

ঘটনাটো উত্তৰ প্ৰদেশৰ চুলতানগঞ্জৰ মিৰ্জাপুৰ গাঁৱৰ।নিজৰ বিয়াৰ দিনাই মদ খাই বেহুচ হৈ পৰা দৰাই পিছদিনা নিচা ফটাৰ পিছতহে ধৰিব পাৰিলে যে যোৱা নিশা তেওঁ বিয়া পাতিবলৈ যাব লাগিছিল৷ পিছদিনা যেতিয়া দৰাৰ বিয়াৰ কথা মনত পৰিল, তেওঁ কইনাৰ ঘৰলৈ একপ্ৰকাৰ দৌৰি গ’ল। নিশা বিয়া পাতিবলৈ নহা দৰাক পাই কইনা পক্ষই তেওঁক আবদ্ধ কৰি ৰাখিলে।

 অৱশ্যে  দৰাৰ স্বৰূপ ওলাই পৰাত কইনাই সেই যুৱকজনৰ সৈতে বিয়া হ’বলৈ  অস্বীকাৰ কৰে৷ দৰাৰ ঘনিষ্ঠ একাংশ লোকে প্ৰকাশ ৰা মতে  দৰাই তেওঁৰ বিবাহৰ আনন্দতে তেওঁৰ কিছু সহকৰ্মীৰ এক বিশেষ স্থানত  সুৰাৰ পাৰ্টি কৰিবলৈ আৰম্ভ কৰিছিল আৰু যেতিয়া তেওঁ জ্ঞান হেৰুৱাই পেলাইছিল৷  নিশালৈকে কাহালগাওঁৰ এণ্টিচাক গাঁৱৰ কইনাৰ ঘৰত হাহাকাৰ লাগিছিল৷ 

খবৰ বিয়পি পৰিছিল যে দৰা নিৰুদ্দেশ৷ কিন্তু পিছদিনাহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হয়৷ কইনা ঘৰে এই ঘটনাৰ পিছতে দৰাৰ পৰা  বিয়াৰ প্ৰস্তুতিৰ বাবে হোৱা খৰচ দাবী কৰিছে৷   ঘটনাটোৰ পিছতে কইনাইকয়, "মদ্যপান কৰা  এনে  ল’ৰাৰ সৈতে  মই বিয়াত বহিব নোৱাৰো৷  ল’ৰাৰ ঘৰে মিছা কথা কৈ  বিয়া কৰিবলৈ  ষড়যন্ত্ৰ কৰিছিল। লৰা ইতিমধ্যে বিবাহিতও।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু