--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশু-ডাঙৰ সকলোৰে প্ৰিয় কোমল আৰু গুলপীয়া কটন কেণ্ডি হৈ পৰিব পাৰে মাৰাত্মক।  চেনী চিৰাপেৰে তৈয়াৰ কৰা এই কটন কেণ্ডিয়ে আনকি কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগৰো সৃষ্টি কৰিব পাৰে। শেহতীয়া পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাই সেয়াই প্ৰমাণ কৰিছে। মেলা বা বজাৰত সততে উপলব্ধ হোৱাকটন কেণ্ডি  শিশুসকলে বৰ ভালপায়। কিন্তু গৱেষকসকলে এই কপাহী কেণ্ডিৰ বিষয়ে যি কৈছে সেয়া যথেষ্ট ভয়ানক।

 গৱেষকসকলৰ মতে কটন কেণ্ডিয়ে  শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। সেয়েহে, খাদ্য সুৰক্ষা আয়ুক্তই সকলো বিষয়াক বিষয়টো পুনৰীক্ষণ কৰিবলৈ আৰু খাদ্য সুৰক্ষা তথা  মান আইন, ২০০৬-ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  নিৰ্দেশ দিছে। তামিলনাডু চৰকাৰে ৰাজ্যখনত কটন  কেণ্ডিৰ বিক্ৰী নিষিদ্ধ কৰিছে। পুডুচেৰীয়েও সেই একেই সিদ্ধান্ত  সিদ্ধান্ত লৈছে।

শেহতীয়াকৈকেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিষয়াসকলে এটা অনুসন্ধানৰ সময়ত কটন  কেণ্ডিত  বিষাক্ত ৰাসায়নিক পদাৰ্থ বিচাৰি পাইছে। ইয়াৰ পিছতে  পুডুচেৰী প্ৰশাসনে কটন কেণ্ডিৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। 

কটন কেণ্ডি খোৱাৰ  ফলত কৰ্কট ৰোগ হ'ব পাৰে বুলি গৱেষকসকলে কৈছে। পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তামিলচাই সৌন্দৰৰাজনে অলপতে তেওঁৰ অফিচিয়েল ছচিয়েল মিডিয়া একাউণ্টত কটন  কেণ্ডিৰ বিৰুদ্ধে  নিষেধাজ্ঞাৰ জাৰি কৰাৰ বিষয়ে জনতাক অৱগত কৰিবলৈ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। 

ভিডিঅ'টোত, তেওঁ ৰাইজক শিশুৰ বাবে কটন কেণ্ডি ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল।  কিয়নো ইয়াত থকা  ৰাসায়নিক পদাৰ্থবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গৱেষণাত পোৱা গৈছে যে কটন কেণ্ডিত ৰোডামাইন-বি নামৰ এবিধ বিষাক্ত পদাৰ্থ থাকে। এই ৰাসায়নিক পদাৰ্থবিধ অতি বিপজ্জনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ