--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশু-ডাঙৰ সকলোৰে প্ৰিয় কোমল আৰু গুলপীয়া কটন কেণ্ডি হৈ পৰিব পাৰে মাৰাত্মক।  চেনী চিৰাপেৰে তৈয়াৰ কৰা এই কটন কেণ্ডিয়ে আনকি কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগৰো সৃষ্টি কৰিব পাৰে। শেহতীয়া পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাই সেয়াই প্ৰমাণ কৰিছে। মেলা বা বজাৰত সততে উপলব্ধ হোৱাকটন কেণ্ডি  শিশুসকলে বৰ ভালপায়। কিন্তু গৱেষকসকলে এই কপাহী কেণ্ডিৰ বিষয়ে যি কৈছে সেয়া যথেষ্ট ভয়ানক।

 গৱেষকসকলৰ মতে কটন কেণ্ডিয়ে  শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। সেয়েহে, খাদ্য সুৰক্ষা আয়ুক্তই সকলো বিষয়াক বিষয়টো পুনৰীক্ষণ কৰিবলৈ আৰু খাদ্য সুৰক্ষা তথা  মান আইন, ২০০৬-ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  নিৰ্দেশ দিছে। তামিলনাডু চৰকাৰে ৰাজ্যখনত কটন  কেণ্ডিৰ বিক্ৰী নিষিদ্ধ কৰিছে। পুডুচেৰীয়েও সেই একেই সিদ্ধান্ত  সিদ্ধান্ত লৈছে।

শেহতীয়াকৈকেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিষয়াসকলে এটা অনুসন্ধানৰ সময়ত কটন  কেণ্ডিত  বিষাক্ত ৰাসায়নিক পদাৰ্থ বিচাৰি পাইছে। ইয়াৰ পিছতে  পুডুচেৰী প্ৰশাসনে কটন কেণ্ডিৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। 

কটন কেণ্ডি খোৱাৰ  ফলত কৰ্কট ৰোগ হ'ব পাৰে বুলি গৱেষকসকলে কৈছে। পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তামিলচাই সৌন্দৰৰাজনে অলপতে তেওঁৰ অফিচিয়েল ছচিয়েল মিডিয়া একাউণ্টত কটন  কেণ্ডিৰ বিৰুদ্ধে  নিষেধাজ্ঞাৰ জাৰি কৰাৰ বিষয়ে জনতাক অৱগত কৰিবলৈ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। 

ভিডিঅ'টোত, তেওঁ ৰাইজক শিশুৰ বাবে কটন কেণ্ডি ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল।  কিয়নো ইয়াত থকা  ৰাসায়নিক পদাৰ্থবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গৱেষণাত পোৱা গৈছে যে কটন কেণ্ডিত ৰোডামাইন-বি নামৰ এবিধ বিষাক্ত পদাৰ্থ থাকে। এই ৰাসায়নিক পদাৰ্থবিধ অতি বিপজ্জনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ