--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বজাৰত পোৱা কালজিৰা এবিধ সকলোৰে পৰিচিত মচলা। সাধাৰণ -চৰ্দী আদিত মিঠাতেলৰ সৈতে কালজিৰা গৰম কৰি মালিছ কৰিলে যথেষ্ট সুফল পোৱা যায়। কেৱল মছলা হিচাবেই নহয়, কালজিৰাৰ পৰা লাভ কৰা তেল বজাৰত কিনিবলৈ পোৱা যায়। কালজিৰাৰ তেলে আমাক বহু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
 
কালজিৰা বা কালঞ্জী তেল নাইজেলা ছেটিভা নামৰ গছৰ পৰা হোৱা ক’লা গুটিৰ পৰা প্ৰস্তুত কৰা হয়। ছাল আৰু চুলিৰ শ্ৰীবৃদ্ধিৰ বাবেও এই তেল  ব্যৱহাৰ কৰা হয়।

কালঞ্জী তেলৰ কেইটামান উপকাৰীতা এনেধৰণৰ  

কৰ্কটপ্ৰতিৰোধী :

কালঞ্জী তেলত থকা কাৰ্চিন’জেনিক প্ৰপাৰ্টিয়ে কিছুমান ধৰণৰ কেঞ্চাৰ (ব্লাড কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ, আন্ত্ৰিক কেঞ্চাৰ আদি) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এগিলাচ সতেজ আঙুৰৰ ৰসত ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক।এই মিশ্ৰণখিনি প্ৰতিদিনে তিনিবাৰকৈ সেৱন কৰিলে ভাল ফল লাভ কৰিব।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে :

এক সংখ্যক মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়। কালঞ্জী তেলে আমাৰ ৰক্তচাপৰ পৰিমান নিয়ন্ত্ৰণ কৰি এইক্ষেত্ৰত সকাহ দিব পাৰে। মাত্ৰ ১/২ চাহ চামুচ তেল একাপ গৰম চাহ বা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খাওক।

হৃদৰোগত উপকাৰী :

কাৰ্ডিঅ’ভেছকুলাৰ হেলথ্ ধৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী আৰু কালঞ্জী তেলে এইক্ষেত্ৰত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। আপুনি ১/২ চাহ চামুচ তেল একাপ সতেজ ছাগলীৰ গাখীৰৰ সৈতে প্ৰতিদিনে ৰাতিপুৱা ২-৩ সপ্তাহ একেলেথাৰিয়ে খাওক। ইয়ে হাৰ্ট এটেক আৰু আন কাৰ্ডিঅ’ভেছকুলাৰ সমস্যা দূৰত থাকিব।

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ

কালঞ্জী তেলে আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে, ইয়াক মধুমেহ প্ৰতিৰোধ তথা পৰিচালনাৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। একাপ সতেজ ব্লেক টীৰ (চাহৰ) সৈতে ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু নিশা ইয়াক সেৱন কৰিলে এমাহৰ ভিতৰত ভাল ফলাফল দিব পাৰে।

বৃক্কৰ পাত্থৰ :

একাপ গৰম পানীৰ সৈতে ২ চাহ চামুচ বিশুদ্ধ মৌ আৰু ১/২ চাহ চামুচ কালঞ্জী তেলৰ মিশ্ৰণ সেৱন আমাৰ কিডনিৰ বাবে অত্যন্ত উপযোগী। ই অংগসমূহক ইয়াৰ স্বাভাৱিক কামকাজ কৰি যোৱাত সহায় কৰাৰ লগতে পাত্থৰ হোৱাত বাধা দিয়ে।

চুলিৰ বাবেঃ

কালঞ্জি তেলত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টি-ইনফ্লেমেটৰী গুণো সৰ্বোত্তম।ইয়াক চুলিৰ বাবে সৰ্বশ্ৰেষ্ঠ তেলৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ই চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰে  আৰু চুলি পুনৰ গজোৱাত সহায় কৰে বুলি ভেষজ বিশাৰদসকলে  কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement