--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে জানো যে মানুহৰ সুস্বাস্থ্য আৰু শক্তিশালী জীৱনশৈলীৰ বাবে সেউজীয়া শাক-পাচলি আৰু ফল-মূল অত্যন্ত প্ৰয়োজনীয়। এইবোৰে মানুহক শক্তি দিয়াৰ উপৰিও নানাবিধ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু, সম্প্ৰতি নিৰ্ভেজাল আৰু সতেজ শাক-পাচলি আৰু ফল-মূল বজাৰত পোৱাটো কঠিন। বজাৰত পোৱা ভেজাল শাক-পাচলি আৰু ফল-মূল খাই আমি প্ৰতিদিনে শৰীৰৰ ক্ষতি কৰি আহিছো।

উৎপাদনকাৰী আৰু অসাধু ব্যৱসায়ীসকলে শাক-পাচলি আৰু ফল-মূলবোৰ ডাঙৰ কৰিবলৈ, সতেজ দেখাবলৈ আৰু আকৰ্ষণীয় কৰিবলৈ আজিকালি মানুহৰ শৰীৰৰ ক্ষতি কৰিব পৰা নানাবিধ বিষাক্ত পদাৰ্থ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য আৰু কৃত্ৰিম ৰাসায়নিক ৰং আদি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰাৰ উপৰি কেঁচা ফল-মূলবোৰ ৰাসায়নিক পদাৰ্থ দি কৃত্ৰিমভাৱে পকাই শাক-পাচলি আৰু ফল-মূল আদিৰ ভেজালকৰণ কৰি আহিছে। সেইবোৰ ক্ষতি কৰিব পৰা বিষাক্ত পদাৰ্থ শাক-পাচলি আৰু ফল-মূলত ৰৈ যায় আৰু এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰোঁতে ই আমাৰ শৰীৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে।

ৰাসায়নিক সাৰ মানুহৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলাই জানেনে?
সাৰ হৈছে সম্ভাৱ্য ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণ যিবোৰ উদ্ভিদে শোষণ কৰিব পাৰে আৰু সম্ভৱতঃ শস্য, শাক-পাচলিৰ জৰিয়তে খাদ্য শৃংখলত প্ৰৱেশ কৰিব পাৰে।  সেইবোৰৰ বাহিৰেও মানুহৰ স্বাস্থ্যৰ ওপৰত ৰাসায়নিক সাৰে প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পেলায়। সৰু সৰু বিৰূপ স্বাস্থ্যজনিত প্ৰভাৱৰ পৰা আৰম্ভ কৰি কিছুমান ডাঙৰ স্বাস্থ্যজনিত বিপদলৈকে সাৰে ক্ষতি কৰিব বিচাৰো। অজৈৱিক সাৰ ব্যৱহাৰ কৰি খেতি কৰা খাদ্য শস্য কম পুষ্টিকৰ বুলি জনা যায়, কিয়নো ই মূলতঃ ইয়াৰ পুষ্টিকৰ মূল্যতকৈ উদ্ভিদৰ দ্ৰুত বৃদ্ধিক লক্ষ্য কৰি লয়।

ইয়াৰ উপৰিও ৰাসায়নিক সাৰত বহুলভাৱে ব্যৱহৃত এমোনিয়াম নাইট্ৰেটৰ সংস্পৰ্শলৈ আহিলে চকু আৰু ছালত বিষ হ’ব পাৰে, যাৰ ফলত জ্বলা-পোৰাৰ অনুভূতি হ’ব পাৰে। এই ৰাসায়নিক যৌগই উশাহ ল’লে নাক, ডিঙি, হাওঁফাওঁতো বিষ হ’ব পাৰে।

ৰাসায়নিক সাৰে ইয়াত পোৱা গধুৰ ধাতুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ভিতৰত সীহ, কেডমিয়াম, ইউৰেনিয়াম আদিয়ে বৃক্ক, যকৃত, হাওঁফাওঁত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই গধুৰ ধাতুবোৰ মানুহৰ স্বাস্থ্যৰ অন্যান্য বিপদৰ সৈতেও জড়িত।

এই ৰাসায়নিক পদাৰ্থই  টাইপ ২ ডায়েবেটিছ আৰু কৰ্কট ৰোগ কৰিব পাৰে। ৰাষ্টাৰ কাষত বিক্ৰী কৰা ফলৰ ৰসবোৰত নানা বীজাণু মিহলি হৈ ডয়েৰিয়া, ডিচেণ্ট্ৰি আদি ৰোগ কৰিব পাৰে। এনেদৰে স্বাস্থ্যৰ বাবে একান্ত প্ৰয়োজনীয় শাক-পাচলি আৰু ফল-মূল আদিক ভেজাল কৰি আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে। সেয়েহে আমি কেৱল বতৰত উপলব্ধ সতেজ ফল আৰু জৈৱিক ভাবে উৎপাদন কৰা শাক-পাচলিহে খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক