--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ দ্বিতীয় গভীৰতম ‘নীল গহ্বৰ’ৰ স্থান বিচাৰি উলিয়াইছে বিজ্ঞানীসকলে। এই বিশাল গহ্বৰটোৰ সন্ধান মেক্সিকোৰ ইউকাটান উপদ্বীপৰ এখন বিলত পোৱা গৈছে। সাগৰৰ তলৰ এই বিশাল গহ্বৰটোৰ আয়তন ১ লাখ ৪৭ হাজাৰ বৰ্গফুট।

লাইভছায়েন্সৰ এক প্ৰতিবেদন অনুসৰি চেতুমাল উপসাগৰৰ তলত ইয়াক আৱিষ্কাৰ কৰা হৈছে। প্ৰসংগক্ৰমে ২০২১ চনত এই বিশাল ‘চিংকহ’ল’টো পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ এই গহ্বৰৰ বিষয়ে বিতং তথ্য সাগৰীয় বিজ্ঞানৰ পত্ৰিকাত প্ৰকাশ পাইছে।

সাগৰৰ এই বিশাল গাঁতটো কেনেকৈ সৃষ্টি হৈছিল? ডিস্কভাৰী ডট কমৰ প্ৰতিবেদন অনুসৰি, এই অঞ্চলত চূণশিল প্ৰচুৰ পৰিমাণে পোৱা যায়। সাগৰৰ তলতো চূণশিল আছে। পানীৰ সংস্পৰ্শত হোৱা এটা শিলৰ ক্ষয়ৰ বাবে লাহে লাহে ই শিলটো এটা বৃহৎ গহ্বৰৰ ৰূপ ল’লে।

এই গহ্বৰৰ পানী গাঢ় নীলা আৰু ক’লা। মূলতঃ এক প্ৰকাৰৰ বেক্টেৰিয়াৰ বাবে পানীৰ ৰং অতি ক’লা হয়। আকাশৰ পৰা চালে এই গহ্বৰটোক জলাশয় বুলি ভুল কৰিব পাৰি।

এই বিশাল গাঁতটোক ​​স্থানীয় ভাষাত ‘তাম জা’ বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে ‘গভীৰ পানী’। এই গহ্বৰত অক্সিজেন নাই। তাৰোপৰি পানীৰ ৰং ইমানেই ক’লা যে সূৰ্যৰ পোহৰো ইয়াৰ ভিতৰলৈ যাব নোৱাৰে। বিজ্ঞানীসকলে এই অক্সিজেনমুক্ত গহ্বৰৰ তলত কিবা জীৱ আছে নেকি সেই বিষয়ে অনুসন্ধান চলাই আছে।

উল্লেখ্য যে দক্ষিণ চীন সাগৰত তেনে এটা বিশাল ‘নীলা গাঁত’ আছে। যাৰ গভীৰতা ৯৮০ ফুট। এই গাঁতটোক ​​‘ড্ৰেগন হোল’ বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী