--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰৰ মাটিৰ পৰা সফলতাৰে নিষ্কাশন কৰি উলিওৱা হৈছে অক্সিজেন। শেহতীয়া পৰীক্ষা-নিৰীক্ষাত নাছাই লাভ কৰিছে এই সফলতা। অৱশ্যে এই চন্দ্ৰটো হৈছে পৰীক্ষাগাৰত বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা এটা কৃত্ৰিম চন্দ্ৰ। চন্দ্ৰপৃষ্ঠত পোৱা মাটিৰে নিৰ্মাণ কৰা হৈছে এই চন্দ্ৰপৃষ্ঠ। তাৰ ওপৰত বিশেষ পৰীক্ষা-নিৰীক্ষা কৰিয়েই উদ্ধাৰ কৰা হ’ল অক্সিজেন গেছ।

নাছাই আৰ্টেমিছ অভিযানত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে চন্দ্ৰৰ মাটিৰ ওপৰত কৰা এই গৱেষণাৰ ফলাফলে এক নতুন দিশ দিব বুলি ভাৱে মহাকাশ বিশেষজ্ঞসকলে।

পৰীক্ষাগাৰত নিৰ্মিত চন্দ্ৰৰ মাটি হৈছে বিশেষভাৱে প্ৰস্তুত কৰা গুড়ি মাটি। এই মাটিয়েই আচলতে চন্দ্ৰপৃষ্ঠত বিয়পি থাকে। সেই মাটিৰ পৰা বায়ুশূন্য পৰিৱেশত (vacuum environment)অক্সিজেনৰ সফল নিষ্কাশন এইটোৱেই প্ৰথম। এই সফলতাই নাছাৰ পুনৰ নতুন চিন্তাৰ বাট মুকলি কৰিছে।

মহাকাশচাৰীসকলেও একেদৰেই চন্দ্ৰত গৈ অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। জীয়াই থকাৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ উপাদান উপলব্ধ হ’লে জীৱনৰ সন্ধান চলোৱা সহজ হ’ব। নাছাৰ মহাকাশ বিজ্ঞানীসকলেও তেনেকৈয়ে ভাবে। পৰৱৰ্তী পদক্ষেপসমূহ In-Situ Resource Utilization প্ৰক্ৰিয়াত লোৱা হ’ব।

অক্সিজেন দীৰ্ঘদিন ধৰি চন্দ্ৰৰ মাটিৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ আহিছে। উশাহ-নিশাহৰ উপৰিও অক্সিজেনে চন্দ্ৰ ভ্ৰমণকে ধৰি আন বহুতো কঠিন সমস্যা সমাধান কৰিব পাৰে। এই সন্দৰ্ভত নাছাই এক বিবৃতি প্ৰকাশ কৰিছে। কোৱা হৈছে, এই পৰীক্ষাৰ জৰিয়তে দেখা গ’ল যে চন্দ্ৰৰ মাটিৰ পৰা অক্সিজেন প্ৰস্তুত কৰা সম্ভৱ। ইয়াৰ উপৰিও নিয়মিতভাৱে উৎপন্ন হোৱা অক্সিজেনে জটিল মুহূৰ্ততো মানুহক জীয়াই থাকিবলৈ সহায় কৰিব। একে সময়তে বাহিৰৰ জগতখনলৈ যাত্ৰা কৰাৰ পথো সহজ হ’ব।

নাছাৰ কাৰ্ব’থাৰ্মেল ৰিডাকচন ডেম’ষ্ট্ৰেচন দলটোৱে জনছন স্পেচ চেণ্টাৰত এই পৰীক্ষা-নিৰীক্ষা চলাইছিল। ১৫ ফুট ব্যাসৰ বৃত্তাকাৰ লেতেৰা তাপ শূন্য কক্ষত (dirty thermal vacuum chamber) এই পৰীক্ষা কৰা হয়। এই চেম্বাৰটোক কিয় লেতেৰা বুলি কোৱা হয়? সেই কাৰণো নাছাৰ পৰা জানিব পৰা গৈছে। এই চেম্বাৰৰ ভিতৰত অশুদ্ধ নমুনাও পৰীক্ষা-নিৰীক্ষা কৰিব পৰা যায় বুলি কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ