--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰৰ মাটিৰ পৰা সফলতাৰে নিষ্কাশন কৰি উলিওৱা হৈছে অক্সিজেন। শেহতীয়া পৰীক্ষা-নিৰীক্ষাত নাছাই লাভ কৰিছে এই সফলতা। অৱশ্যে এই চন্দ্ৰটো হৈছে পৰীক্ষাগাৰত বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা এটা কৃত্ৰিম চন্দ্ৰ। চন্দ্ৰপৃষ্ঠত পোৱা মাটিৰে নিৰ্মাণ কৰা হৈছে এই চন্দ্ৰপৃষ্ঠ। তাৰ ওপৰত বিশেষ পৰীক্ষা-নিৰীক্ষা কৰিয়েই উদ্ধাৰ কৰা হ’ল অক্সিজেন গেছ।

নাছাই আৰ্টেমিছ অভিযানত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে চন্দ্ৰৰ মাটিৰ ওপৰত কৰা এই গৱেষণাৰ ফলাফলে এক নতুন দিশ দিব বুলি ভাৱে মহাকাশ বিশেষজ্ঞসকলে।

পৰীক্ষাগাৰত নিৰ্মিত চন্দ্ৰৰ মাটি হৈছে বিশেষভাৱে প্ৰস্তুত কৰা গুড়ি মাটি। এই মাটিয়েই আচলতে চন্দ্ৰপৃষ্ঠত বিয়পি থাকে। সেই মাটিৰ পৰা বায়ুশূন্য পৰিৱেশত (vacuum environment)অক্সিজেনৰ সফল নিষ্কাশন এইটোৱেই প্ৰথম। এই সফলতাই নাছাৰ পুনৰ নতুন চিন্তাৰ বাট মুকলি কৰিছে।

মহাকাশচাৰীসকলেও একেদৰেই চন্দ্ৰত গৈ অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। জীয়াই থকাৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ উপাদান উপলব্ধ হ’লে জীৱনৰ সন্ধান চলোৱা সহজ হ’ব। নাছাৰ মহাকাশ বিজ্ঞানীসকলেও তেনেকৈয়ে ভাবে। পৰৱৰ্তী পদক্ষেপসমূহ In-Situ Resource Utilization প্ৰক্ৰিয়াত লোৱা হ’ব।

অক্সিজেন দীৰ্ঘদিন ধৰি চন্দ্ৰৰ মাটিৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ আহিছে। উশাহ-নিশাহৰ উপৰিও অক্সিজেনে চন্দ্ৰ ভ্ৰমণকে ধৰি আন বহুতো কঠিন সমস্যা সমাধান কৰিব পাৰে। এই সন্দৰ্ভত নাছাই এক বিবৃতি প্ৰকাশ কৰিছে। কোৱা হৈছে, এই পৰীক্ষাৰ জৰিয়তে দেখা গ’ল যে চন্দ্ৰৰ মাটিৰ পৰা অক্সিজেন প্ৰস্তুত কৰা সম্ভৱ। ইয়াৰ উপৰিও নিয়মিতভাৱে উৎপন্ন হোৱা অক্সিজেনে জটিল মুহূৰ্ততো মানুহক জীয়াই থাকিবলৈ সহায় কৰিব। একে সময়তে বাহিৰৰ জগতখনলৈ যাত্ৰা কৰাৰ পথো সহজ হ’ব।

নাছাৰ কাৰ্ব’থাৰ্মেল ৰিডাকচন ডেম’ষ্ট্ৰেচন দলটোৱে জনছন স্পেচ চেণ্টাৰত এই পৰীক্ষা-নিৰীক্ষা চলাইছিল। ১৫ ফুট ব্যাসৰ বৃত্তাকাৰ লেতেৰা তাপ শূন্য কক্ষত (dirty thermal vacuum chamber) এই পৰীক্ষা কৰা হয়। এই চেম্বাৰটোক কিয় লেতেৰা বুলি কোৱা হয়? সেই কাৰণো নাছাৰ পৰা জানিব পৰা গৈছে। এই চেম্বাৰৰ ভিতৰত অশুদ্ধ নমুনাও পৰীক্ষা-নিৰীক্ষা কৰিব পৰা যায় বুলি কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি