--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিগন্ত বিস্তৃত সাগৰৰ পাৰ। দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি অৱসৰ লৈছে নুছৰত জাহানে। হালধীয়া স্নানবস্ত্ৰত ৰ’দৰ চুমা পৰিছে। খোলা চুলিৰে সাগৰৰ পাৰত নুছৰতৰ মোহনীয় ৰূপ। ওঁঠত ৰঙা লিপষ্টিক, চকুত ছানগ্লাছ… কি যে এক আৱেদন, কি যে এক সৌন্দৰ্য! ছবিত নহয়, বাহিৰত লেন্সবন্দী নুছৰত জাহান। শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে তেওঁ। ইনষ্টাগ্ৰামত ছবি প’ষ্ট কৰাৰ পাছতে শিৰোনামত সাংসদ-অভিনেত্ৰীগৰাকী। স্নানবস্ত্ৰত এক নাটকীয় ভংগীত সাংসদ অভিনেত্ৰী। বিগত সময়ছোৱাত তেওঁক লৈ নানা বিতৰ্কৰ সূত্ৰপাত হৈছিল। সকলো কথাক একাষৰীয়া কৰি কিছু খোলা, কিছু আৱৰি থকা পোছাকেৰে সাগৰৰ পাৰত ব্যস্ত বাসন্তী নুছৰত। মন-প্ৰাণ হৰি নিয়া এ‌ই ছবি ইনষ্টাগ্ৰামত প’ষ্ট কৰি তেওঁ লিখিছে, ‘মোক সাগৰৰ পাৰলৈ লৈ ব’লা।’ কিহৰ বাবে এই আৱদাৰ অভিনেত্ৰীগৰাকীৰ? সেইবিষয়ে নাজানে, নুবুজে তেওঁৰ অনুৰাগীয়ে। ব্যস্ততাই আমুৱাইছে নেকি নুছৰতক? তাকো নকয় অভিনেত্ৰীয়ে। পাছে ব্যস্ত অভিনেত্ৰীগৰাকীয়ে প’ষ্ট কৰা ছবিবোৰ বৰ্তমানৰ নহয়, অৱসৰ বিনোদনৰ বাবে পূৰ্বে যোৱা পুৰণি ছবিবোৰ প’ষ্ট কৰিয়েই লভিছে সন্তুষ্ট। অৱশ্যে, এই ছবিবোৰ যে তাৰেই ইংগিত দিছে সেই বিষয়ে সহজে ধাৰণা কৰি লৈছে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু