--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আটাইতকৈ চৰ্চিত প্ৰেম কাহিনীৰ ভিতৰত অন্যতম অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনী। সময় বহু বাগৰি গ’ল যদিও এই প্ৰেম কাহিনীৰ চৰ্চা কোনোদিন কম হোৱা নাই। এই প্ৰেম কাহিনীৰ আৰম্ভণি হৈছিল ১৯৭৬ চনৰ 'ড’ আনজানে'(Do Anjaane)ছবিৰ ছেটৰ পৰা। কিন্তু সেইসময়ত অমিতাভ বিবাহিত আছিল। ১৯৭৩ চনত অভিনেত্ৰী জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অমিতাভ বচ্চন। যাৰ বাবে অসফল হৈ ৰৈছিল অমিতাভ-ৰেখাৰ প্ৰেম৷ আজিও অমিতাভৰ সৈতে থকা সম্পৰ্কৰ কাহিনীয়ে ৰেখাৰ পিছ এৰা নাই৷ ৰেখা আৰু অমিতাভ পৃথক হৈছিল যদিও তেওঁলোকৰ সম্পৰ্কৰ সেই কথাবোৰে আজিও ভিন্ন কাৰণত সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰে। অমিতাভে ৰেখাৰ প্ৰেমত পৰাৰ সময়ত বলীউডত এটা বাতৰি বিয়পি পৰিছিল যে অমিতাভে অতি সোনকালে জয়াৰ পৰা পৃথক হ’ব। ৰেখাৰ বাবে অমিতাভ-জয়াৰ সংসাৰ ভাঙি যোৱাৰ উপক্ৰম হৈছে। নিজৰ সংসাৰখন ভাঙি থানবান হৈ যোৱাৰ ভয়ত কঁপি উঠিছিল জয়া। গোটেই কথাবোৰ পৰিস্কাৰ কৰিবৰ বাবে এদিন জয়া বচ্চনে ৰেখাক তেওঁৰ ঘৰত ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰে। সেই সময়ত অমিতাভ মুম্বাইৰ বাহিৰত আছিল, জয়াই সেই সুযোগৰ সদব্যৱহাৰ কৰিলে। জয়াৰ নিমন্ত্ৰণ পাই ৰেখা অমিতাভৰ ঘৰত উপস্থিত হয়। জয়াই অতিথি ৰেখাক যথেষ্ট আদৰ-সাদৰ কৰে। সুন্দৰকৈ ৰেখাক ৰাতিৰ সাঁজ আপ্যায়ন কৰে জয়া ভাদুৰীয়ে। ৰেখাৰ সৈতে মধুৰ ব্যৱহাৰ কৰি বহুত কথাও পাতিছিল জয়াই। সকলোখিনি ঠিকেই চলি আছিল। জয়াৰ ব্যৱহাৰত মুগ্ধ হৈ ৰেখাৰো মন ভৰিছিল। কিন্তু ৰেখাই জয়াৰ পৰা বিদায় লৈ ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে জয়াই এনে এষাৰ কথা ক’লে যি কথা শুনি ৰেখাৰ মুখৰ ৰঙেই বদলি হৈ গৈছিল। সেই কথা শুনাৰ পাছতেই অমিতাভৰ পৰা দূৰত্ব বজাই চলিছিল ৰেখাই। কি কৈছিলে জয়াই ৰেখাক? জয়াই ৰেখাক কৈছিল ''অমিতাভ কেৱল মোৰ আৰু মই কেতিয়াও অমিতাভৰ পৰা আঁতৰি নাযাওঁ।'' জয়াৰ এই কথাটো শুনি ৰেখাই বুজি পাইছিল যে তেওঁৰ আৰু অমিতাভৰ সম্পৰ্কৰ কোনো ভৱিষ্যৎ নাই। গতিকে আঁতৰি থকাই মংগল। এই ঘটনাৰ পাছতেই ৰেখাই অমিতাভ বচ্চনৰ পৰা দূৰত্ব ৰক্ষা কৰি চলিছিল,যি কথা খোদ নিজে ব্যক্ত কৰিছে ৰেখাই। আৰু পঢ়কঃ পাকিস্তানত এলিয়েনৰ প্ৰৱেশ! আকাশত দেখা পোৱা গ’ল ইউএফঅ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু