--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আটাইতকৈ চৰ্চিত প্ৰেম কাহিনীৰ ভিতৰত অন্যতম অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনী। সময় বহু বাগৰি গ’ল যদিও এই প্ৰেম কাহিনীৰ চৰ্চা কোনোদিন কম হোৱা নাই। এই প্ৰেম কাহিনীৰ আৰম্ভণি হৈছিল ১৯৭৬ চনৰ 'ড’ আনজানে'(Do Anjaane)ছবিৰ ছেটৰ পৰা। কিন্তু সেইসময়ত অমিতাভ বিবাহিত আছিল। ১৯৭৩ চনত অভিনেত্ৰী জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অমিতাভ বচ্চন। যাৰ বাবে অসফল হৈ ৰৈছিল অমিতাভ-ৰেখাৰ প্ৰেম৷ আজিও অমিতাভৰ সৈতে থকা সম্পৰ্কৰ কাহিনীয়ে ৰেখাৰ পিছ এৰা নাই৷ ৰেখা আৰু অমিতাভ পৃথক হৈছিল যদিও তেওঁলোকৰ সম্পৰ্কৰ সেই কথাবোৰে আজিও ভিন্ন কাৰণত সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰে। অমিতাভে ৰেখাৰ প্ৰেমত পৰাৰ সময়ত বলীউডত এটা বাতৰি বিয়পি পৰিছিল যে অমিতাভে অতি সোনকালে জয়াৰ পৰা পৃথক হ’ব। ৰেখাৰ বাবে অমিতাভ-জয়াৰ সংসাৰ ভাঙি যোৱাৰ উপক্ৰম হৈছে। নিজৰ সংসাৰখন ভাঙি থানবান হৈ যোৱাৰ ভয়ত কঁপি উঠিছিল জয়া। গোটেই কথাবোৰ পৰিস্কাৰ কৰিবৰ বাবে এদিন জয়া বচ্চনে ৰেখাক তেওঁৰ ঘৰত ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰে। সেই সময়ত অমিতাভ মুম্বাইৰ বাহিৰত আছিল, জয়াই সেই সুযোগৰ সদব্যৱহাৰ কৰিলে। জয়াৰ নিমন্ত্ৰণ পাই ৰেখা অমিতাভৰ ঘৰত উপস্থিত হয়। জয়াই অতিথি ৰেখাক যথেষ্ট আদৰ-সাদৰ কৰে। সুন্দৰকৈ ৰেখাক ৰাতিৰ সাঁজ আপ্যায়ন কৰে জয়া ভাদুৰীয়ে। ৰেখাৰ সৈতে মধুৰ ব্যৱহাৰ কৰি বহুত কথাও পাতিছিল জয়াই। সকলোখিনি ঠিকেই চলি আছিল। জয়াৰ ব্যৱহাৰত মুগ্ধ হৈ ৰেখাৰো মন ভৰিছিল। কিন্তু ৰেখাই জয়াৰ পৰা বিদায় লৈ ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে জয়াই এনে এষাৰ কথা ক’লে যি কথা শুনি ৰেখাৰ মুখৰ ৰঙেই বদলি হৈ গৈছিল। সেই কথা শুনাৰ পাছতেই অমিতাভৰ পৰা দূৰত্ব বজাই চলিছিল ৰেখাই। কি কৈছিলে জয়াই ৰেখাক? জয়াই ৰেখাক কৈছিল ''অমিতাভ কেৱল মোৰ আৰু মই কেতিয়াও অমিতাভৰ পৰা আঁতৰি নাযাওঁ।'' জয়াৰ এই কথাটো শুনি ৰেখাই বুজি পাইছিল যে তেওঁৰ আৰু অমিতাভৰ সম্পৰ্কৰ কোনো ভৱিষ্যৎ নাই। গতিকে আঁতৰি থকাই মংগল। এই ঘটনাৰ পাছতেই ৰেখাই অমিতাভ বচ্চনৰ পৰা দূৰত্ব ৰক্ষা কৰি চলিছিল,যি কথা খোদ নিজে ব্যক্ত কৰিছে ৰেখাই। আৰু পঢ়কঃ পাকিস্তানত এলিয়েনৰ প্ৰৱেশ! আকাশত দেখা পোৱা গ’ল ইউএফঅ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু