--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোষ্টা ৰিকা উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰৰ পৃষ্ঠৰ পৰা প্ৰায় দুমাইল (অৰ্থাৎ ৩.২ কিলোমিটাৰ) তলত বাস কৰে এটা অক্টোপাছৰ পৰিয়ালে। শেহতীয়াকৈ সাগৰীয় বিজ্ঞানীসকলে অক্টোপাছৰ অজ্ঞাত জগতখন আৱিষ্কাৰ কৰিছে। ২০ জনীয়া বিজ্ঞানীৰ এটা দলে যোৱা মাহত তিনি সপ্তাহৰ সাগৰীয় অভিযানত নামিছিল। তেতিয়াই গম পোৱা গ’ল। তাৰপাছতে স্থানীয় প্ৰশাসন আৰু বৈজ্ঞানিক সমাজে অঞ্চলটোৰ ৰক্ষণাবেক্ষণৰ কামত সক্ৰিয় হৈ পৰিছে।

এই আৱিষ্কাৰৰ গুৰুত্ব বিশ্লেষণ কৰি শ্বমিট অ’চেন ইনষ্টিটিউটৰ কাৰ্যবাহী সঞ্চালক জ্যোতিকা বীৰমানীয়ে কয় যে, “সমুদ্ৰপৃষ্ঠৰ পৰা ২৮০০ মিটাৰতকৈও অধিক গভীৰতাত এখন অক্টোপাছ নাৰ্চাৰী পোৱা গৈছে।”

গৱেষণাৰ বাবে নিৰ্মিত বিশেষ জলযান "ফেলক'ৰ"ৰ দ্বাৰা সাগৰৰ গভীৰতালৈ গৈছিল বিজ্ঞানীসকলে। বাটত তেওঁলোকে ‘ড’ৰাডো আউটক্ৰ’প’ নামৰ এটা বিশেষ শিলৰ অঞ্চল দেখিলে। ২০১৩ চনত বিজ্ঞানীসকলে এই স্থানত অক্টোপাছৰ কণী দেখিছিল। তেওঁ বুজিলে যে সেই ঠাইখনেই হৈছে অক্টোপাছে কণী পৰা ঠাই। বিজ্ঞানীসকলে এনে দৃশ্য আগতে কেতিয়াও দেখা নাই।


কিন্তু সেই সময়ত স্পষ্টভাৱে জানিব পৰা নাছিল। অক্টোপাছৰ প্ৰজননৰ বাবে এই অঞ্চলটো সম্ভৱপৰ নে নহয় সেয়া প্ৰশ্নবোধক হৈ উঠিছিল। কাৰণ গভীৰ সাগৰৰ অক্টোপাছে শীতল পৰিৱেশ পছন্দ কৰে। কিন্তু সাগৰৰ সেই অংশত উষ্ণতা তুলনামূলকভাৱে বেছি।

শেহতীয়াকৈ এক অভিযানত বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে ‘ড’ৰাডো আউটক্ৰ’প’ অক্টোপাছৰ সক্ৰিয় নাৰ্চাৰী। অক্টোপাছৰ জন্মও পৰ্যবেক্ষণ কৰিছে। বিজ্ঞানীসকলে কয় যে ইয়াত অক্টোপাছৰ পৰিয়ালটো মূলতঃ মুছ’কট’পাছ প্ৰজাতিৰ। ইহঁতৰ আকাৰ সৰুৰ পৰা মধ্যমীয়া। বিজ্ঞানীসকলে অনুমান কৰিছে যে এই প্ৰজাতিটো নতুন কিবা এটা হ’ব পাৰে।

ইমান দিনে সাগৰৰ এই অঞ্চলটো সম্পূৰ্ণ অসুৰক্ষিত আছিল। বিজ্ঞানীসকলে এতিয়া সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে