--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন পাকিস্তানী পেচাৰ শ্বোয়াইব আখতাৰৰ কথা মনত পেলাই দিয়ে ক্ৰিকেট বিশ্বৰ শিশুস্বৰূপ ওমানৰ এগৰাকী ফাষ্ট বলাৰে। তেওঁ হৈছে মহম্মদ ইমৰান।

ৰান আপৰ পৰা বলিং একচনলৈকে ইমৰাণৰ শৰীৰৰ গঠন বা চুলিৰ ষ্টাইল শ্বোৱেইবৰ দৰে। শেহতীয়াকৈ ওমানৰ ঘৰুৱা টি-২০ লীগত ইমৰাণৰ বলিঙৰ ভিডিঅ’ ভাইৰেল হৈছে।

যদিও ওমানত ক্ৰিকেট খেলিছিল, তথাপিও ইমৰাণৰ জন্ম প্ৰকৃততে শ্বোৱেইবৰ দেশ পাকিস্তানতে। ক্ৰিকেটৰ প্ৰতি আসক্তিৰ বাবে তেওঁ কিশোৰ অৱস্থাত ঘৰৰ পৰা পলাই গৈছিল। 

ইমৰানে সংবাদ মাধ্যম 'ইণ্ডিয়ান এক্সপ্ৰেছ’ক দিয়া এক সাক্ষাৎকাৰত কয় যে তেওঁ প্ৰথমে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ ডেৰা ইছমাইল খান গাঁৱৰ বাসিন্দা আছিল।

ইমৰাণ সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত আছিল। কিন্তু পৰিয়ালৰ লোকে বিচাৰিছিল যে তেওঁলোকৰ পুত্ৰই ক্ৰিকেটত নহয়, পাকিস্তান সেনাবাহিনীত যোগদান কৰক। পৰিয়ালটোৰ সেই আশাৰ ওপৰত ইমৰানে পানী ঢালি দিলে।

১৮ বছৰীয়া ইমৰানে ক্ৰিকেট খেলিবলৈ ঘৰৰ পৰা পলাই গৈ কৰাচী পালেহি। ২০১২ চনৰ এটা শীতকালীন নিশা আছিল সেয়া। ডিচেম্বৰ মাহৰ সেই শীতকালীন নিশা ঘৰত এটা অনুষ্ঠান আছিল বুলি তেওঁ কয়। অনুষ্ঠানৰ অচিলা লৈ তেওঁ পলায় যায়।

ইমৰাণৰ ভাষাত "সেইদিনা ৰাতি আমি আমাৰ ঘৰত ৰাতিৰ আহাৰ খাই থাকোঁতে পলাই গৈছিলোঁ। দেউতাই সদায় বিচাৰিছিল মই সেনাবাহিনীত যোগদান কৰো। কিন্তু মোৰ কেৱল ক্ৰিকেট খেলাৰ মন আছিল। সেয়ে সকলো টোপনি অহাত মই গাঁৱৰ ঘৰৰ পৰা ওলাই আহি কৰাচীলৈ পলাই আহিলোঁ।’’

শীতৰ ঠাণ্ডা নিশা ঘৰৰ পৰা ওলাই আহি ইমৰাণ এখন ট্ৰাকত উঠিল। তাৰ লগত নামমাত্ৰ টকা আছিল। ইয়াৰ পিছত প্ৰায় হাজাৰ কিলোমিটাৰ পাৰ হৈ তেওঁ কৰাচী পালেগৈ। তিনিদিন ট্ৰাকত উঠি কৰাচী পালেগৈ। তিনিদিনৰ অন্তত ইমৰানে কৰাচীৰ কে ডি এ ক্ৰিকেট খেলপথাৰত উপস্থিত হয়। মহম্মদ নৈম নামৰ এজন প্ৰাক্তন ক্ৰিকেটাৰে সেই খেলপথাৰত নতুন ক্ৰিকেটাৰৰ প্ৰস্তুতি চলি থকা বুলি খবৰটোক অৱগত কৰে।




জাতীয় দলত সুযোগ নোপোৱা সত্ত্বেও স্বাধীনতাৰ পাছত উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় অঞ্চলত ক্ৰিকেট খেলিছিল নৈমে। তেওঁৰ পৰামৰ্শ মতেই ইমৰানে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ কৰাচী পালেগৈ। 

ইমৰানে ক’লে, “কেডিএ পাওঁতে তেওঁলোকে মোক পিছদিনা আহিবলৈ ক’লে। সেই সময়ত মই ক’লো, ‘ভাই, মই ঘৰৰ পৰা পলাই আহিছো। মোৰ থাকিবলৈও ঠাই নাই।’’

সেই নিশা ইমৰাণৰ বিচাৰ নহ’লেও ইমৰানক কেডিএৰ খেলপথাৰত থাকিবলৈ দিয়া হৈছিল। তেওঁ ক'লে, "কৰাচীৰ সেই নিশাটো মই কেতিয়াও পাহৰিব নোৱাৰো। হাড়লৈকে জমা হৈ আছিলোঁ। মোৰ টোপনিও নাছিল। মই প্ৰাৰ্থনা কৰি আছিলো যে ৰাতিটো কেনেবাকৈ পাৰ হৈ যাওক। মই ভাবো সেই নিশাটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ দীঘলীয়া ৰাতি!’’

পিছদিনা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ইমৰানে। কৰাচীৰ ১৯ বছৰ অনুৰ্ধ দলতো স্থান লাভ কৰে। ইমৰাণৰ ভাষাত, "মই ছখন মেচত ২১টা উইকেট দখল কৰিলোঁ। ৰছিদ লতিফ একাডেমীৰ বিৰুদ্ধে মই এহছান আলী, সাদ আলী, ফৰাজ আলীকে ধৰি চাৰিজন লোকক আউট কৰিলোঁ।’’

২০১৩ চনত পাকিস্তানৰ এটা মোবাইল নিৰ্মাতা কোম্পানীয়ে সমগ্ৰ দেশতে লাউড বলাৰৰ বাবে ট্ৰায়েল চলাইছিল। ইয়াৰ চোৱাচিতাৰ দায়িত্বত আছিল পাকিস্তানৰ প্ৰাক্তন বলাৰ ৱাছিম ​​আক্ৰাম। ইমৰানে আকৌ এবাৰ সকলোৰে চকু কপালত তুলিলে। তেওঁ কয় যে মই ঘণ্টাত ১৪৩ কিলোমিটাৰ বেগেৰে বলিং কৰি দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছিলো। আনকি আক্ৰমেও প্ৰশংসা কৰিছিল।

ইমৰাণে কয়- "মই ভাবিছিলো, এইবাৰ জীৱন সলনি হ'ব। কিন্তু সেই সকলোবোৰ নহ'ল।'' তেওঁ দাবী কৰে যে, "পাকিস্তান ক্ৰিকেটত ৰাজনীতি চলি আছে... ইয়াত উপযুক্ত মানুহক চিনি নাপালে বহু দূৰলৈ যাব নোৱাৰি।"

ইমৰানে কয়- “মই সৰুৰে পৰা শ্বোৱেইব আখটাৰৰ খেল চাই ডাঙৰ হৈছো। আমাৰ গাঁৱৰ বহুতেই তেওঁৰ দৰে বল লৈ দৌৰে। কিন্তু কেৱল মইহে শ্বোয়াইবৰ দৰে নিখুঁতভাৱে দৌৰিব পাৰো। সৰুতে মই টেনিছ বল টেপ কৰিছিলোঁ। ২০১০ চনত এখন গাঁৱৰ প্ৰতিযোগিতাত বলিং কৰি থাকোঁতে এজন ব্যক্তিয়ে কৈছিল, ‘মই শ্বোয়াইব আখতাৰৰ দৰেই বলিং কৰো।’

গতি বা বলিং একচনত সাদৃশ্য থকাৰ পিছতো ইমৰানে শ্বোৱেইবৰ দৰে পাকিস্তানৰ জাতীয় দলত স্থান লাভ কৰিব নোৱাৰিলে। পাকিস্তানৰ হৈ ২৩ আৰু ২৫ বছৰ অনুৰ্ধ দলত স্থান পোৱাৰ পিছতো প্ৰথম শ্ৰেণীৰ প্ৰতিযোগিতা বা জাতীয় দলত স্থান নাপালে তেওঁ।

২০১৭ চনত পাকিস্তান ক্ৰিকেট লীগত "লাহোৰ কালাণ্ডাৰছ"ৰ ট্ৰাইলৰ সময়ত ইমৰানে পাকিস্তানৰ প্ৰাক্তন পেচাৰ আকিব জাভেদৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ কয়, ‘ট্ৰাইলত প্ৰথমবাৰ বলিং কৰাৰ পিছত আকিবে দৌৰি আহি ক’লে, ‘আপকি বলিং মেইন জান হায়।’ কালাণ্ডাৰছৰ হৈ এজন ব্যক্তিয়েও মোৰ ফোন নম্বৰ বিচাৰিলে। কিন্তু সেই ফোন কলটো কেতিয়াও নাহিল।’’

২০১৯ চনত ইমৰাণৰ এজন বন্ধুৱে তেওঁৰ বলিঙৰ ভিডিঅ’ ইউটিউবত আপলোড কৰিছিল। ভাইৰেল হোৱাৰ পিছত তেওঁক ওমানৰ টি-২০ লীগত খেলিবলৈ ফোন আহিছিল। ওমানত খেলাৰ সুযোগ পালেও ইমৰাণৰ জীৱন কেৱল ক্ৰিকেটতে নাছিল। ক্ৰিকেটৰ উপৰিও তেওঁ চিচিটিভি কেমেৰা স্থাপনৰ কামো কৰে। ইমৰানে মাহে ৭০ হাজাৰ পাকিস্তানী টকা উপাৰ্জন কৰে।

ইমৰানে কয় যে তেওঁ ১২ ঘণ্টীয়া শ্বিফ্টৰ আধা দৰমহা পৰিয়াললৈ পঠিয়াব লাগে। আজিকালি ওমানত আজাইবা একাদশ দলৰ হৈ বলিং কৰে ইমৰানে। তেওঁৰ ভাষাত, "হঠাতে মোৰ ভিডিঅ' ভাইৰেল হৈ গ'ল। ফলত ৰাতিটোৰ ভিতৰতে মই বিখ্যাত হৈ পৰিলোঁ। ইয়াৰ উপৰিও এই ফ্ৰেঞ্চাইজিৰ হৈ খেলিবলৈ এতিয়া ছয়-সাত ঘণ্টা কামৰ প্ৰয়োজন। ফলত আজিকালি অধিক ক্ৰিকেট খেলিব পাৰিছো।’’

২৯ বছৰীয়া ইমৰানে এতিয়াও নিজৰ সপোনৰ খেদি ফুৰিছে। তেওঁ কয়, ‘আজাইবাৰ মুৰব্বী কোট দলিপ মেণ্ডিছ আৰু তেওঁৰ উপ-মাজহাৰ চেলেম খান অতি সহায়ক। তেওঁলোকে ক’লে, পৃথিৱীৰ যিকোনো টি-২০ লীগত খেলাৰ ক্ষমতা মোৰ আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু