--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংঘাত নিৰাময় হৈছে অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ৷ পুনৰ বিজেপিৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’৷ 

বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে চলিত মাহতে পুনৰ বৈঠকত মিলিত হ’বলৈ সাজু হৈছে আৰু পৰৱৰ্তী বৈঠকতে আগন্তুক নিৰ্বাচনৰ বাবে আসনৰ ভাগ-বটোৱাৰা সম্পৰ্কেও বিস্তৃতৰূপত আলোচনা কৰা হ’ব জানিব পৰা গৈছে৷ 

নেতাসকলৰ উপলব্ধতা সাপেক্ষে ১৯ ডিচেম্বৰত দিল্লীত বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷
তিনিখন হাৰ্টলেণ্ড ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পাছত আসনৰ ভাগ-বটোৱাৰা কংগ্ৰেছৰ বাবে এক কঠিন পৰীক্ষা হ’ব বুলি ধাৰণা কৰা হৈছে। কংগ্ৰেছে ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ হাতত হেৰুৱাইছিল৷ আনহাতে, মধ্য প্ৰদেশত ক্ষমতালৈ ঘূৰি আহিবলৈ ব্যৰ্থ হৈছিল।

কংগ্ৰেছেও সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে মতভেদ সমাধান কৰিছে৷ পাঁচখন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ পাছত এনেধৰণৰ প্ৰথমখন বৈঠকত তেওঁ উপস্থিত থাকিব বুলি আশা কৰা হৈছে৷ যোৱা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়াৰ নেতাসকলৰ পূৰ্বৰ এখন বৈঠক পিছুৱাই দিয়া হৈছিল, যেতিয়া অখিলেশ যাদৱ, নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীকে ধৰি বহুনেতাই সেই বৈঠকত উপস্থিত নথকাটো পূৰ্বানুমান কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু