ডিজিটেল ডেস্ক: আজিৰে পৰা সোণাপুৰ ‘জুবিনক্ষেত্ৰ’ত ৰাজ্যবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথমটো জুবিন দিৱস। শ্ৰদ্ধা, ভক্তি আৰু শোকাকুল পৰিৱেশে সমগ্ৰ জুবিনক্ষেত্ৰখন আৱৰি ধৰিছে।
লাখ লাখ অনুৰাগীৰ আগমনলৈ লক্ষ্য ৰাখি সমগ্ৰ ক্ষেত্ৰখন যুদ্ধকালীন তৎপৰতাৰে চাফ-চিকুণ কৰি এক দিব্য পৰিৱেশৰ সৃষ্টি কৰা হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী ফুলৰ পাপৰি আৰু নতুন গামোচাৰে অতি সুন্দৰভাৱে সুশোভিত কৰা হৈছে।
চৰকাৰী পৃষ্ঠপোষকতাত পৰিবহন, সুৰক্ষা, খোৱাপানী, চিকিৎসা শিবিৰ আৰু বিশ্ৰামাগাৰৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে যাতে দূৰ-দূৰণিৰ পৰা অহা ভক্ত-অনুৰাগীয়ে কোনো দুৰ্যোগ বা সমস্যাৰ সন্মুখীন নহয়।
আজি প্ৰথম দিনটোত পুৱাৰ ভাগত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱাৰ পিছতে আবেলিলৈ অনুষ্ঠিত হ'ব নাম-প্ৰসঙ্গ।
দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ থাকিব সাংস্কৃতিক কাৰ্যসূচী। অন্তিম দিনা অৰ্থাৎ তৃতীয় দিনা ভাগৱত পাঠ আৰু ঐতিহ্যমণ্ডিত ভাওনা প্ৰদৰ্শনৰ জৰিয়তে পৱিত্ৰ সমাপ্তি।
উল্লেখ্য যে জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ অসমীয়া জাতিৰ স্পন্দন। এই পৱিত্ৰ দিনকেইটিত অনুৰাগীসকলে ধৈৰ্য, সাহস আৰু প্ৰশাসনলৈ সহযোগিতা আগবঢ়াই তিনিদিনীয়া কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱাত সহায় কৰিব লাগিব।
ক্ষেত্ৰখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি প্লাষ্টিক বৰ্জন আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰখাটো প্ৰতিজনৰ নৈতিক দায়িত্ব।