--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি ২০২২ বৰ্ষৰ ২৬ আগষ্টত    গুলাম নবী আজাদে ৫২ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটাই কংগ্ৰেছ ত্যাগ কৰিছিল। পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত তেওঁ  ৰাহুল গান্ধীক আক্ৰমণ কৰিছিল। তেওঁ ৰাহুলে দল চলোৱাৰ সক্ষমতাকলৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছিল।

কিন্তু চাৰি মাহৰ পিছত যেন খং শাম কাটিছে আজাদৰ। সেয়ে তেওঁ পুনৰ কংগ্ৰেছলৈ উভতি আহিব পাৰে বুলি এতিয়া চৰ্চা চলিছে। আজাদে কাশ্মীৰত নিজাকৈ দল খুলিছিল যদিও উধাব পৰা নাই। ইপনে কাশ্মীৰত কংগ্ৰেছৰ বাবে আজাদ এজডন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। এনে সমীকৰণৰ মাজতে আজাদে হয়তো পুনৰ কংগ্ৰেছলৈ উভতি আহিব পাৰে বুলি বিভিন্ন মহলত আলোচনা হৈছে।   সূত্ৰ অনুসৰি গুলাম নবীৰ এসময়ৰ সহকৰ্মী অখিলেশ প্ৰসাদ সিং আৰু জি-২৩ ৰ অন্যতম নেতা ভূপিন্দৰ সিঙে কংগ্ৰেছলৈ উভতি অহাৰ পথ প্ৰশস্ত কৰিছে।

আজাদে অক্টোবৰ মাহত,তেওঁৰ অনুগামীসকলকলৈ  'ডেমক্ৰেটিক আজাদ পাৰ্টি' গঠন কৰিছিল। কিন্তু ৪ মাহত, গুলাম নবী আজাদৰ মোহভঙ্গ হ’ল  নেকি? সংবাদ সংস্থাৰ মতে  কংগ্ৰেছলৈ উভতি অহাৰ বাবে  আজাদে পথ মসৃণ কৰি তুলিছে। আলোচনা চলি আছে। এই ক্ষেত্ৰত অখিলেশ, ভূপিন্দৰ আৰু অম্বিকা চোনীক দায়িত্ব দিয়া হৈছে বুলিও জানিব পৰা গৈছে।

গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজাদে কৈছিল যে কেৱল কংগ্ৰেছেহে বিজেপিক প্ৰতিহত কৰিব পাৰিব। তেওঁ এয়াও কৈছিল যে তেওঁ কংগ্ৰেছৰ নীতিৰ বিৰোধী নাছিল। তেওঁৰ সমস্যাটো কংগ্ৰেছৰ দুৰ্বল ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ বাবেহে হৈছিল। আজাদৰ এনে মন্তব্যৰ মাজতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আহ্বায়ক দিগ্বিজয় সিঙে ৰাজহুৱাভাৱে তেওঁক পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement