--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি ২০২২ বৰ্ষৰ ২৬ আগষ্টত    গুলাম নবী আজাদে ৫২ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটাই কংগ্ৰেছ ত্যাগ কৰিছিল। পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত তেওঁ  ৰাহুল গান্ধীক আক্ৰমণ কৰিছিল। তেওঁ ৰাহুলে দল চলোৱাৰ সক্ষমতাকলৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছিল।

কিন্তু চাৰি মাহৰ পিছত যেন খং শাম কাটিছে আজাদৰ। সেয়ে তেওঁ পুনৰ কংগ্ৰেছলৈ উভতি আহিব পাৰে বুলি এতিয়া চৰ্চা চলিছে। আজাদে কাশ্মীৰত নিজাকৈ দল খুলিছিল যদিও উধাব পৰা নাই। ইপনে কাশ্মীৰত কংগ্ৰেছৰ বাবে আজাদ এজডন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। এনে সমীকৰণৰ মাজতে আজাদে হয়তো পুনৰ কংগ্ৰেছলৈ উভতি আহিব পাৰে বুলি বিভিন্ন মহলত আলোচনা হৈছে।   সূত্ৰ অনুসৰি গুলাম নবীৰ এসময়ৰ সহকৰ্মী অখিলেশ প্ৰসাদ সিং আৰু জি-২৩ ৰ অন্যতম নেতা ভূপিন্দৰ সিঙে কংগ্ৰেছলৈ উভতি অহাৰ পথ প্ৰশস্ত কৰিছে।

আজাদে অক্টোবৰ মাহত,তেওঁৰ অনুগামীসকলকলৈ  'ডেমক্ৰেটিক আজাদ পাৰ্টি' গঠন কৰিছিল। কিন্তু ৪ মাহত, গুলাম নবী আজাদৰ মোহভঙ্গ হ’ল  নেকি? সংবাদ সংস্থাৰ মতে  কংগ্ৰেছলৈ উভতি অহাৰ বাবে  আজাদে পথ মসৃণ কৰি তুলিছে। আলোচনা চলি আছে। এই ক্ষেত্ৰত অখিলেশ, ভূপিন্দৰ আৰু অম্বিকা চোনীক দায়িত্ব দিয়া হৈছে বুলিও জানিব পৰা গৈছে।

গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজাদে কৈছিল যে কেৱল কংগ্ৰেছেহে বিজেপিক প্ৰতিহত কৰিব পাৰিব। তেওঁ এয়াও কৈছিল যে তেওঁ কংগ্ৰেছৰ নীতিৰ বিৰোধী নাছিল। তেওঁৰ সমস্যাটো কংগ্ৰেছৰ দুৰ্বল ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ বাবেহে হৈছিল। আজাদৰ এনে মন্তব্যৰ মাজতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আহ্বায়ক দিগ্বিজয় সিঙে ৰাজহুৱাভাৱে তেওঁক পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি