--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বংগত বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰাৰ কথা আছিল যদিও মাতৃ হীৰাবেন মোদীৰ মৃত্যুৰ বাবেই তেওঁ বংগলৈ আজি যাব নোৱাৰিলে৷ ভাৰ্চুৱেলীয়েই তেওঁ আজি বন্দে ভাৰত এক্সপ্ৰেছ খন মুকলি কৰে৷ দেশৰ ৰে'ল ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে শুকুৰবাৰে বংগত বন্দে ভাৰত এক্সপ্ৰেছ নামৰ এখন উচ্চ গতিৰ ৰে'লখন  উদ্বোধন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে৷  তেওঁৰ মাতৃৰ মৃত্যুৰ বাবে তেওঁ বংগলৈ  আহিব নোৱাৰিলে। তেওঁ আহমেদাবাদৰ পৰা উদ্বোধনী অনুষ্ঠানত ভাৰ্চুৱেলী  উপস্থিত থাকে। নিজে উপস্থিত থাকিব নোৱাৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বংগবাসীৰ ওচৰতো ক্ষমা বিচাৰিছে। উদ্বোধনী ভাষণত মোদীৰ মুখত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা শুনা গ’ল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ  'বন্দে ভাৰত এক্সপ্ৰেছ’ এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰাও চলা আৰম্ভ হ’ল ৷ ভাৰতৰ মিনি বুলেট ৰে’ল হিচাবে পৰিচিত  'বন্দে ভাৰত এক্সপ্ৰেছ’ অহা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলৈ ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী পশ্চিমবংগলৈ অহাৰ কথা আছিল৷কিন্তু মাতৃৰ বিয়োগৰ বাবে মোদীয়ে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়৷  প্ৰধানমন্ত্ৰীমোদীয়ে শুক্ৰবাৰে কলকাতাত উপস্থিত হোৱাৰ কথা আছিল। মোদীয়ে  সেই দিনাই হাওৰা ষ্টেচনৰ পৰা 'বন্দে ভাৰত' এক্সপ্ৰেছ উদ্বোধন কৰাৰ কথা আছিল । কেৱল সেয়াই নহয় তেওঁ ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এখন বৈঠকতো উপস্থিত থকাৰ কথা আছিল৷ উল্লেখ্য হাওৰাৰ পৰা 'বন্দে ভাৰত' নিউ জলপাইগুৰিলৈ চলিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু