--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বংগত বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰাৰ কথা আছিল যদিও মাতৃ হীৰাবেন মোদীৰ মৃত্যুৰ বাবেই তেওঁ বংগলৈ আজি যাব নোৱাৰিলে৷ ভাৰ্চুৱেলীয়েই তেওঁ আজি বন্দে ভাৰত এক্সপ্ৰেছ খন মুকলি কৰে৷ দেশৰ ৰে'ল ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে শুকুৰবাৰে বংগত বন্দে ভাৰত এক্সপ্ৰেছ নামৰ এখন উচ্চ গতিৰ ৰে'লখন  উদ্বোধন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে৷  তেওঁৰ মাতৃৰ মৃত্যুৰ বাবে তেওঁ বংগলৈ  আহিব নোৱাৰিলে। তেওঁ আহমেদাবাদৰ পৰা উদ্বোধনী অনুষ্ঠানত ভাৰ্চুৱেলী  উপস্থিত থাকে। নিজে উপস্থিত থাকিব নোৱাৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বংগবাসীৰ ওচৰতো ক্ষমা বিচাৰিছে। উদ্বোধনী ভাষণত মোদীৰ মুখত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা শুনা গ’ল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ  'বন্দে ভাৰত এক্সপ্ৰেছ’ এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰাও চলা আৰম্ভ হ’ল ৷ ভাৰতৰ মিনি বুলেট ৰে’ল হিচাবে পৰিচিত  'বন্দে ভাৰত এক্সপ্ৰেছ’ অহা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলৈ ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী পশ্চিমবংগলৈ অহাৰ কথা আছিল৷কিন্তু মাতৃৰ বিয়োগৰ বাবে মোদীয়ে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়৷  প্ৰধানমন্ত্ৰীমোদীয়ে শুক্ৰবাৰে কলকাতাত উপস্থিত হোৱাৰ কথা আছিল। মোদীয়ে  সেই দিনাই হাওৰা ষ্টেচনৰ পৰা 'বন্দে ভাৰত' এক্সপ্ৰেছ উদ্বোধন কৰাৰ কথা আছিল । কেৱল সেয়াই নহয় তেওঁ ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এখন বৈঠকতো উপস্থিত থকাৰ কথা আছিল৷ উল্লেখ্য হাওৰাৰ পৰা 'বন্দে ভাৰত' নিউ জলপাইগুৰিলৈ চলিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক