--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে প’ষ্ট দিওঁতে প্ৰভাৱ আৰু প্ৰসাৰক লৈ সাৱধান হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ে গভীৰভাৱে কৈছে। ২০১৮ চনত মহিলা সাংবাদিকৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰে ফেচবুক পোষ্ট এটা শ্বেয়াৰ কৰাৰ অভিযোগত গোচৰৰ সন্মুখীন হোৱা অভিনেতা তথা তামিলনাডুৰ প্ৰাক্তন বিধায়ক এছ ভে শ্বেখেৰৰ দাখিল কৰা আবেদন খাৰিজ কৰি এইদৰে কয় আদালতে।

ন্যায়াধীশ বি আৰ গাভাই আৰু পি কে মিশ্ৰৰ বিচাৰপীঠে শ্বেখেৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। গোচৰৰ আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাজনক বিচাৰপীঠে কয় যে, ‘যদি কোনোবাই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ প্ৰভাৱ আৰু প্ৰসাৰতাৰ প্ৰতি অধিক সাৱধান হ’ব লাগে।

বেঞ্চখনে পৰ্যবেক্ষণ কৰে যে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ’ব লাগে। ইয়াত কোৱা হৈছে যে যদি কোনোবাই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰে, তেন্তে তেওঁ ইয়াৰ পৰিণতিৰ সন্মুখীন হ’বলৈও সাজু হ’ব লাগে।

বেঞ্চে কয়- “আমি এনে এটা যুগত বাস কৰিছো য’ত ছ’চিয়েল মিডিয়াই কাৰ্যতঃ পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ জীৱন দখল কৰি লৈছে। ছ’চিয়েল মিডিয়াত প্ৰেৰণ/ফৰৱাৰ্ড কৰা এটা বাৰ্তাই অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ কোণ-কোণত উপনীত হ’ব পাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস