--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ বহু মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া চাইট এক্সত নিজৰ প্ৰফাইল সলনি কৰিছে। সকলোৱে নিজৰ নামৰ পাছফালে লিখিছে 'মোদী কা পৰিবাৰ'। উল্লেখ্য যে ২০১৯ বৰ্ষতো লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো নেতাই নিজৰ নামৰ সন্মুখত লিখিছিল ‘মে ভি চৌকিদাৰ’। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ইউ পিৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌয্যই নিজৰ প্ৰফাইলত লিখিছে 'মোদী কা পৰিবাৰ'।ইয়াৰ উপৰিও বিজেপিৰ বিধায়ক শলাভ মণি ত্ৰিপাঠীয়েও নিজৰ নামৰ সন্মুখত লিখিছে 'মোদী কা পৰিবাৰ'।

দৰাচলতে আজি তেলেংগানাৰ আদিলাবাদত এখন বৈঠক অনুষ্ঠিত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে কয় যে মোৰ কোনো পৰিয়াল নাই কিন্তু সমগ্ৰ দেশ মোৰ পৰিয়াল। ইয়াৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু অমিত শ্বাহে নিজৰ নামৰ পাছত মোদী কা পৰিবাৰ লিখিছিল।

দেওবাৰে বিহাৰত ৰাষ্ট্ৰীয় জনতা দলৰ এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ঠাট্টা কৰিছিল লালু প্ৰসাদ যাদৱে। অনুমান কৰা হৈছে যে আজি আদিলাবাদতো প্ৰধানমন্ত্ৰীয়ে সেই প্ৰশ্নৰে উত্তৰ প্ৰদান কৰে। ইয়াৰ পাছত বিজেপি নেতাসকলে ছ’চিয়েল মিডিয়া চাইটত নিজৰ নামৰ পাছত ‘মোদী কা পৰিবাৰ’ সংযোজন কৰে।

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো নামৰ পাছত 'মোদী কা পৰিবাৰ' সন্নিৱিষ্ট কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু