--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ বহু মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া চাইট এক্সত নিজৰ প্ৰফাইল সলনি কৰিছে। সকলোৱে নিজৰ নামৰ পাছফালে লিখিছে 'মোদী কা পৰিবাৰ'। উল্লেখ্য যে ২০১৯ বৰ্ষতো লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো নেতাই নিজৰ নামৰ সন্মুখত লিখিছিল ‘মে ভি চৌকিদাৰ’। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ইউ পিৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌয্যই নিজৰ প্ৰফাইলত লিখিছে 'মোদী কা পৰিবাৰ'।ইয়াৰ উপৰিও বিজেপিৰ বিধায়ক শলাভ মণি ত্ৰিপাঠীয়েও নিজৰ নামৰ সন্মুখত লিখিছে 'মোদী কা পৰিবাৰ'।

দৰাচলতে আজি তেলেংগানাৰ আদিলাবাদত এখন বৈঠক অনুষ্ঠিত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে কয় যে মোৰ কোনো পৰিয়াল নাই কিন্তু সমগ্ৰ দেশ মোৰ পৰিয়াল। ইয়াৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু অমিত শ্বাহে নিজৰ নামৰ পাছত মোদী কা পৰিবাৰ লিখিছিল।

দেওবাৰে বিহাৰত ৰাষ্ট্ৰীয় জনতা দলৰ এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ঠাট্টা কৰিছিল লালু প্ৰসাদ যাদৱে। অনুমান কৰা হৈছে যে আজি আদিলাবাদতো প্ৰধানমন্ত্ৰীয়ে সেই প্ৰশ্নৰে উত্তৰ প্ৰদান কৰে। ইয়াৰ পাছত বিজেপি নেতাসকলে ছ’চিয়েল মিডিয়া চাইটত নিজৰ নামৰ পাছত ‘মোদী কা পৰিবাৰ’ সংযোজন কৰে।

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো নামৰ পাছত 'মোদী কা পৰিবাৰ' সন্নিৱিষ্ট কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক