--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত হিমাচল প্ৰদেশত কোনোমতে ৰক্ষা পৰিল কংগ্ৰেছ চৰকাৰ। মুখ্যমন্ত্ৰীৰ গাদী অক্ষত থাকিল সুখৱিন্দৰ সিং সুখুৰ। ৰাজ্যসভাৰ হিমাচল প্ৰদেশৰ আসনৰ নিৰ্বাচনত ৬গৰাকীকৈ কংগ্ৰেছী বিধায়কে কৰিছিল ক্ৰছ ভোটিং। ইয়াৰ বাবেই ক্ষমতাচ্যুত হোৱাৰ সংকটৰ সৃষ্টি হৈছিল কংগ্ৰেছী চৰকাৰৰ। কিন্তু হিমাচল বিধানসভাৰ অধ্যক্ষই ক্ৰছ ভোটিং কৰা কংগ্ৰেছী বিধায়কসকলক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰে। 

বিধানসভাৰ অধ্যক্ষৰ এই পদক্ষেপেই ৰক্ষা কৰে সুখুৰ চৰকাৰক। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন। নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী অভিষেক সিংভীৰ বিজয় নিশ্চিত আছিল। কিন্তু ৬ কংগ্ৰেছী বিধায়কে সিংভীৰ পৰিৱৰ্তে বিজেপি প্ৰাৰ্থীক ভোট দিয়াত পৰাস্ত হৈছিল সিংভী। এই সমগ্ৰ ঘটনাক্ৰমে সুখুৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰো ইংগিত বহন কৰিছিল। বিৰোধী দলৰ নেতা তথা প্ৰাক্তন তথা বিজেপি মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে মুখ্যমন্ত্ৰী সুখুৰ পদত্যাগ দাবী কৰিছিল। 

আনকি, সুখুৱে পদত্যাগ কৰা বুলিও চৰ্চা আৰম্ভ হৈছিল। ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কুচকাৱাজো আৰম্ভ কৰিছিল। কিন্তু একেবাৰে নিৰাশাজনক পৰিস্থিতিৰ পৰা পুনৰুত্থান ঘটিল সুখু চৰকাৰৰ। হিমাচল বিধানসভাৰ অধ্যক্ষই ক্ৰছ ভোটিং কৰা ৬ কংগ্ৰেছী বিধায়কক অযোগ্য ঘোষণা কৰাৰ পাছতে সংখ্যাগৰিষ্ঠতাৰ নম্বৰ সলনি হ’ল। ৬৮ জনীয়া হিমাচল বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ নম্বৰ হৈছে ৩৫। এতিয়া ৬জন বিধায়ক অযোগ্য হৈ পৰাত এই নম্বৰ হ’লহি ৩২। প্ৰথমতে বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল ৪০জন। বৰ্তমান বিধানসভাত কংগ্ৰেছৰ ৩৪ জন বিধায়ক। 

গতিকে, সংখ্যাগৰিষ্ঠতাৰ সংখ্যা অতিক্ৰম কৰিছে বৰ্তমান কংগ্ৰেছে। বিজেপিয়ে অপাৰেচন লটাছৰ অধীনত হিমাচলত কংগ্ৰেছী চৰকাৰৰ পতন ঘটোৱাৰ প্ৰয়াস কৰিছিল। বিগত সময়ত কৰ্ণাটক, মহাৰাষ্ট্র আৰু মধ্যপ্ৰদেশত অপাৰেচন লটাছ চলাই বিজেপিয়ে। পতন ঘটাইছিল কংগ্ৰেছ আৰু অন্য বিৰোধী দলৰ চৰকাৰৰ। কিন্তু হিমাচল প্ৰদেশত সফল নহ’ল অপাৰেচন লটাছ। হিমাচল বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰী সুখুৰ দৃঢ় স্থিতি সফল হ’ব নিদিলে ৰাজ্যখনত অপাৰেচন লটাছ। 

লোকসভা নিৰ্বাচনৰ পূৰ্বে হিমাচল প্ৰদেশত সুখু চৰকাৰৰ পতনে নিশ্চিতভাৱে হ্ৰাস কৰিলেহেঁতেন কংগ্ৰেছৰ আত্মবিশ্বাস। কিন্তু কোনো প্ৰকাৰে সুখু চৰকাৰ ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে কংগ্ৰেছ হাইকমাণ্ডে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু