--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত হিমাচল প্ৰদেশত কোনোমতে ৰক্ষা পৰিল কংগ্ৰেছ চৰকাৰ। মুখ্যমন্ত্ৰীৰ গাদী অক্ষত থাকিল সুখৱিন্দৰ সিং সুখুৰ। ৰাজ্যসভাৰ হিমাচল প্ৰদেশৰ আসনৰ নিৰ্বাচনত ৬গৰাকীকৈ কংগ্ৰেছী বিধায়কে কৰিছিল ক্ৰছ ভোটিং। ইয়াৰ বাবেই ক্ষমতাচ্যুত হোৱাৰ সংকটৰ সৃষ্টি হৈছিল কংগ্ৰেছী চৰকাৰৰ। কিন্তু হিমাচল বিধানসভাৰ অধ্যক্ষই ক্ৰছ ভোটিং কৰা কংগ্ৰেছী বিধায়কসকলক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰে। 

বিধানসভাৰ অধ্যক্ষৰ এই পদক্ষেপেই ৰক্ষা কৰে সুখুৰ চৰকাৰক। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন। নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী অভিষেক সিংভীৰ বিজয় নিশ্চিত আছিল। কিন্তু ৬ কংগ্ৰেছী বিধায়কে সিংভীৰ পৰিৱৰ্তে বিজেপি প্ৰাৰ্থীক ভোট দিয়াত পৰাস্ত হৈছিল সিংভী। এই সমগ্ৰ ঘটনাক্ৰমে সুখুৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰো ইংগিত বহন কৰিছিল। বিৰোধী দলৰ নেতা তথা প্ৰাক্তন তথা বিজেপি মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে মুখ্যমন্ত্ৰী সুখুৰ পদত্যাগ দাবী কৰিছিল। 

আনকি, সুখুৱে পদত্যাগ কৰা বুলিও চৰ্চা আৰম্ভ হৈছিল। ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কুচকাৱাজো আৰম্ভ কৰিছিল। কিন্তু একেবাৰে নিৰাশাজনক পৰিস্থিতিৰ পৰা পুনৰুত্থান ঘটিল সুখু চৰকাৰৰ। হিমাচল বিধানসভাৰ অধ্যক্ষই ক্ৰছ ভোটিং কৰা ৬ কংগ্ৰেছী বিধায়কক অযোগ্য ঘোষণা কৰাৰ পাছতে সংখ্যাগৰিষ্ঠতাৰ নম্বৰ সলনি হ’ল। ৬৮ জনীয়া হিমাচল বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ নম্বৰ হৈছে ৩৫। এতিয়া ৬জন বিধায়ক অযোগ্য হৈ পৰাত এই নম্বৰ হ’লহি ৩২। প্ৰথমতে বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল ৪০জন। বৰ্তমান বিধানসভাত কংগ্ৰেছৰ ৩৪ জন বিধায়ক। 

গতিকে, সংখ্যাগৰিষ্ঠতাৰ সংখ্যা অতিক্ৰম কৰিছে বৰ্তমান কংগ্ৰেছে। বিজেপিয়ে অপাৰেচন লটাছৰ অধীনত হিমাচলত কংগ্ৰেছী চৰকাৰৰ পতন ঘটোৱাৰ প্ৰয়াস কৰিছিল। বিগত সময়ত কৰ্ণাটক, মহাৰাষ্ট্র আৰু মধ্যপ্ৰদেশত অপাৰেচন লটাছ চলাই বিজেপিয়ে। পতন ঘটাইছিল কংগ্ৰেছ আৰু অন্য বিৰোধী দলৰ চৰকাৰৰ। কিন্তু হিমাচল প্ৰদেশত সফল নহ’ল অপাৰেচন লটাছ। হিমাচল বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰী সুখুৰ দৃঢ় স্থিতি সফল হ’ব নিদিলে ৰাজ্যখনত অপাৰেচন লটাছ। 

লোকসভা নিৰ্বাচনৰ পূৰ্বে হিমাচল প্ৰদেশত সুখু চৰকাৰৰ পতনে নিশ্চিতভাৱে হ্ৰাস কৰিলেহেঁতেন কংগ্ৰেছৰ আত্মবিশ্বাস। কিন্তু কোনো প্ৰকাৰে সুখু চৰকাৰ ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে কংগ্ৰেছ হাইকমাণ্ডে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ