--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক প্ৰগতিৰ  ক্ষেত্ৰত দেশৰ কোন কেইখন ৰাজ্য আগবাঢ়ি আছে? শেহতীয়া প্ৰকাশিত প্ৰতিবেদন অনুসৰি অসম, বিহাৰ আৰু ঝাৰখণ্ডে সামাজিক প্ৰগতিৰ অন্তিম শাৰীত স্থান লাভ কৰিছে। মিজোৰামৰ আইজল, হিমাচল প্ৰদেশৰ চোলান আৰু চিমলা জিলাসমূহ সামাজিক প্ৰগতিৰ ক্ষেত্ত প্ৰথম তিনিটা স্থানত আছে।

সামাজিক প্ৰগতিৰ সূচীত ৰাজ্যসমূহৰ তালিকাত পশ্চিম বংগ চতুৰ্থ স্থানত আছে। প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদে প্ৰস্তুত কৰা প্ৰতিবেদনত সামাজিক প্ৰগতিৰ সূচীত পশ্চিম বংগ চতুৰ্থ শ্তানত থকা  ৰাজ্যৰ ভিতৰত আছে৷ চতুৰ্থ স্থান আছে  নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ ৰাজ্য গুজৰাটো।

প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে শেহতীয়াকৈ  'সামাজিক প্ৰগতিৰ সূচকঃ ভাৰতৰ ৰাজ্য আৰু জিলা' শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সামাজিক প্ৰগতিৰ সূচীৰ ওপৰত ভিত্তি কৰি ছয়টা শ্ৰেণীৰ ৰাজ্য সৃষ্টি কৰা হৈছে।  অতি উচ্চ মানৰ সামাজিক প্ৰগতি,  উচ্চ মানৰ সামাজিক প্ৰগতি,  মাজভাগত থকা উচ্চ মানৰ প্ৰগতি,  নিম্ন মানৰ সামাজিক প্ৰগতি,  অতি নিম্ন মানৰ সামাজিক প্ৰগতি।

প্ৰথম শাৰীত, পুডুচেৰী, লক্ষদ্বীপ, চণ্ডীগড়ৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ আছে৷ এই শ্ৰেণীত  গোৱা, ছিকিম, মিজোৰাম, তামিলনাডু, হিমাচল প্ৰদেশ আৰু কেৰালাও আছে৷ বিজেপি শাসিত গুজৰাট আৰু হাৰিয়ানা চতুৰ্থ শ্ৰেণীত আছে। মহাৰাষ্ট্ৰ, ৰাজস্থান, ছত্তীশগড়, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ত্ৰিপুৰাও এই শ্ৰেণীতে আছে।

অসম, বিহাৰ আৰু ঝাৰখণ্ড  অতি নিম্ন মানৰ সামাজিক প্ৰগতিৰ শ্ৰেণীত স্থান পাইছে। 
সামাজিক প্ৰগতিৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা ৰাজ্য খন হৈছে পুডুচেৰী৷ অসমৰ স্থান হৈছে ৩৪৷ বিহাৰ ৩৫ আৰু ঝাৰখণ্ড ৩৬ সংখ্যক স্থানত আছে৷

প্ৰতিবেদন খন প্ৰস্তুত কৰৰ ক্ষেত্ৰত আগভাগ লোৱা  ইনষ্টিটিউট ফৰ কম্পিটিটিভনেছৰ অধ্যক্ষ অমিত কাপুৰে কয় যে মানুহৰ মুখ্য প্ৰয়োজনীয়তা, সুস্থতাৰ হাৰ আৰু সুযোগ সৃষ্টিৰ দৰে  তিনিটা মাপকাঠিৰ আধাৰত সামাজিক প্ৰগতিৰ সূচী প্ৰস্তুত কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক