--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক প্ৰগতিৰ  ক্ষেত্ৰত দেশৰ কোন কেইখন ৰাজ্য আগবাঢ়ি আছে? শেহতীয়া প্ৰকাশিত প্ৰতিবেদন অনুসৰি অসম, বিহাৰ আৰু ঝাৰখণ্ডে সামাজিক প্ৰগতিৰ অন্তিম শাৰীত স্থান লাভ কৰিছে। মিজোৰামৰ আইজল, হিমাচল প্ৰদেশৰ চোলান আৰু চিমলা জিলাসমূহ সামাজিক প্ৰগতিৰ ক্ষেত্ত প্ৰথম তিনিটা স্থানত আছে।

সামাজিক প্ৰগতিৰ সূচীত ৰাজ্যসমূহৰ তালিকাত পশ্চিম বংগ চতুৰ্থ স্থানত আছে। প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদে প্ৰস্তুত কৰা প্ৰতিবেদনত সামাজিক প্ৰগতিৰ সূচীত পশ্চিম বংগ চতুৰ্থ শ্তানত থকা  ৰাজ্যৰ ভিতৰত আছে৷ চতুৰ্থ স্থান আছে  নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ ৰাজ্য গুজৰাটো।

প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে শেহতীয়াকৈ  'সামাজিক প্ৰগতিৰ সূচকঃ ভাৰতৰ ৰাজ্য আৰু জিলা' শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সামাজিক প্ৰগতিৰ সূচীৰ ওপৰত ভিত্তি কৰি ছয়টা শ্ৰেণীৰ ৰাজ্য সৃষ্টি কৰা হৈছে।  অতি উচ্চ মানৰ সামাজিক প্ৰগতি,  উচ্চ মানৰ সামাজিক প্ৰগতি,  মাজভাগত থকা উচ্চ মানৰ প্ৰগতি,  নিম্ন মানৰ সামাজিক প্ৰগতি,  অতি নিম্ন মানৰ সামাজিক প্ৰগতি।

প্ৰথম শাৰীত, পুডুচেৰী, লক্ষদ্বীপ, চণ্ডীগড়ৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ আছে৷ এই শ্ৰেণীত  গোৱা, ছিকিম, মিজোৰাম, তামিলনাডু, হিমাচল প্ৰদেশ আৰু কেৰালাও আছে৷ বিজেপি শাসিত গুজৰাট আৰু হাৰিয়ানা চতুৰ্থ শ্ৰেণীত আছে। মহাৰাষ্ট্ৰ, ৰাজস্থান, ছত্তীশগড়, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ত্ৰিপুৰাও এই শ্ৰেণীতে আছে।

অসম, বিহাৰ আৰু ঝাৰখণ্ড  অতি নিম্ন মানৰ সামাজিক প্ৰগতিৰ শ্ৰেণীত স্থান পাইছে। 
সামাজিক প্ৰগতিৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা ৰাজ্য খন হৈছে পুডুচেৰী৷ অসমৰ স্থান হৈছে ৩৪৷ বিহাৰ ৩৫ আৰু ঝাৰখণ্ড ৩৬ সংখ্যক স্থানত আছে৷

প্ৰতিবেদন খন প্ৰস্তুত কৰৰ ক্ষেত্ৰত আগভাগ লোৱা  ইনষ্টিটিউট ফৰ কম্পিটিটিভনেছৰ অধ্যক্ষ অমিত কাপুৰে কয় যে মানুহৰ মুখ্য প্ৰয়োজনীয়তা, সুস্থতাৰ হাৰ আৰু সুযোগ সৃষ্টিৰ দৰে  তিনিটা মাপকাঠিৰ আধাৰত সামাজিক প্ৰগতিৰ সূচী প্ৰস্তুত কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু