--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিক্ষাৰীসকলে হাত পাতে। আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। কিন্তু এনে এগৰাকী ভিক্ষাৰীয়েই এক লাখ টকা দান কৰিছে উৰিষ্যাৰ জগন্নাথ মন্দিৰত। তাৰপাছতে তীব্ৰ চৰ্চা চলিছে ভিক্ষাৰীগৰাকীক লৈ। ঘটনাটোত অবাক হৈ পৰে জগন্নাথ মন্দিৰ কমিটি।

টুলু বেহেৰা নামৰ এই মহিলা ভিক্ষাৰীগৰাকী বিগত কুৰি বছৰ ধৰি বিখ্যাত জগন্নাথ মন্দিৰত ভিক্ষাবৃত্তি কৰি আহিছে। ভিক্ষা কৰিয়েই জীৱন পাৰ কৰিছে। কিন্তু এতিয়া বয়স হৈছে। সেয়ে ভীক্ষাৰী জীৱনত সাঁচতীয়া এক লাখ টকা তেওঁ মন্দিৰটোক দান কৰিলে।

কটক চহৰৰ বাসিন্দা টুলুৱে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰফুল্ল বেহেৰাৰ স’তে। কিন্তু বিবাহৰ পাছতে মৃত্যু হয় স্বামীৰ। তাৰপাছতে সম্বলহীন হৈ জগন্নাথ মন্দিৰত ভীক্ষাবৃত্তি আৰম্ভ কৰে টুলুৱে। জগন্নাথ মন্দিৰতে ২০ বছৰ ধৰি তেওঁ ভীক্ষা খুঁজি জীয়াই থাকে।

ভীক্ষা পোৱা টকাৰেই তেওঁ প’ষ্ট অফিচত এক লাখ টকা সঞ্চয় কৰিবলৈ সক্ষম হয়। তাৰপাছতে সিদ্ধান্ত লয় যে সকলো টকা তেওঁ জগন্নাথ মন্দিৰলৈ দান দিব। টুলুৰ যুক্তি হ’ল জীৱনৰ বিয়লী বেলাত উপনীত হৈছে তেওঁ। সেয়ে এইখিনি টকাৰ প্ৰয়োজন নাই।

 “মই বাচি থকাৰ বাবে প্ৰভু জগন্নাথৰ ওচৰত ঋণী। মই জীৱনৰ শেষৰ পৰ্যায়ত উপনীত হৈছো। টকাৰে কি কৰিম? সেয়ে সৰ্বশক্তিমানৰ হাতত সপি দিলো।”- সংবাদ মাধ্যমৰ আগত টুলুৱে কয়।

টুলুৱে আগবঢ়োৱা দান গ্ৰহণ কৰিবলৈ প্ৰথমে অমান্তি হৈছিল মন্দিৰ কমিটিয়ে। কিন্তু উপৰ্যুপৰি টুলুৰ অনুৰোধত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক