--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিক্ষাৰীসকলে হাত পাতে। আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। কিন্তু এনে এগৰাকী ভিক্ষাৰীয়েই এক লাখ টকা দান কৰিছে উৰিষ্যাৰ জগন্নাথ মন্দিৰত। তাৰপাছতে তীব্ৰ চৰ্চা চলিছে ভিক্ষাৰীগৰাকীক লৈ। ঘটনাটোত অবাক হৈ পৰে জগন্নাথ মন্দিৰ কমিটি।

টুলু বেহেৰা নামৰ এই মহিলা ভিক্ষাৰীগৰাকী বিগত কুৰি বছৰ ধৰি বিখ্যাত জগন্নাথ মন্দিৰত ভিক্ষাবৃত্তি কৰি আহিছে। ভিক্ষা কৰিয়েই জীৱন পাৰ কৰিছে। কিন্তু এতিয়া বয়স হৈছে। সেয়ে ভীক্ষাৰী জীৱনত সাঁচতীয়া এক লাখ টকা তেওঁ মন্দিৰটোক দান কৰিলে।

কটক চহৰৰ বাসিন্দা টুলুৱে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰফুল্ল বেহেৰাৰ স’তে। কিন্তু বিবাহৰ পাছতে মৃত্যু হয় স্বামীৰ। তাৰপাছতে সম্বলহীন হৈ জগন্নাথ মন্দিৰত ভীক্ষাবৃত্তি আৰম্ভ কৰে টুলুৱে। জগন্নাথ মন্দিৰতে ২০ বছৰ ধৰি তেওঁ ভীক্ষা খুঁজি জীয়াই থাকে।

ভীক্ষা পোৱা টকাৰেই তেওঁ প’ষ্ট অফিচত এক লাখ টকা সঞ্চয় কৰিবলৈ সক্ষম হয়। তাৰপাছতে সিদ্ধান্ত লয় যে সকলো টকা তেওঁ জগন্নাথ মন্দিৰলৈ দান দিব। টুলুৰ যুক্তি হ’ল জীৱনৰ বিয়লী বেলাত উপনীত হৈছে তেওঁ। সেয়ে এইখিনি টকাৰ প্ৰয়োজন নাই।

 “মই বাচি থকাৰ বাবে প্ৰভু জগন্নাথৰ ওচৰত ঋণী। মই জীৱনৰ শেষৰ পৰ্যায়ত উপনীত হৈছো। টকাৰে কি কৰিম? সেয়ে সৰ্বশক্তিমানৰ হাতত সপি দিলো।”- সংবাদ মাধ্যমৰ আগত টুলুৱে কয়।

টুলুৱে আগবঢ়োৱা দান গ্ৰহণ কৰিবলৈ প্ৰথমে অমান্তি হৈছিল মন্দিৰ কমিটিয়ে। কিন্তু উপৰ্যুপৰি টুলুৰ অনুৰোধত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু