--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হ’বলগীয়া I.N.D.I.Aৰ বৈঠকত অংশগ্ৰহণ কৰিব আম আদমী পাৰ্টীয়ে। এই কথা নিশ্চিত কৰিছে আপৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

সাংবাদিকৰ সৈতে কথা পাতি তেওঁ কয় যে হয়, আমি মুম্বাইলৈ যাম আৰু যি কৌশল গ্ৰহণ কৰা হ’ব সেই বিষয়ে অৱগত কৰা হ’ব। এই বৈঠক ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব। বহু বিষয়ত অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ মাজত মতানৈক্য দেখাৰ পাছত তেওঁ সভাত উপস্থিত থাকিব নে নাই তাত সন্দেহৰ সৃষ্টি হৈছিল। এতিয়া পৰিস্থিতি স্পষ্ট হৈ পৰিছে যে এই বৈঠকত মুখ্যমন্ত্ৰী কেজৰিৱালে অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত ২৬টাতকৈও অধিক ৰাজনৈতিক দলৰ প্ৰায় ৮০জন নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান ২৬টা দল মিত্ৰতা গোটৰ অংশ আৰু দুদিনীয়া বৈঠকত আৰু কিছু দলে মিত্ৰতাত যোগদান কৰিবলৈ সাজু হৈছে। এই বৈঠকত মিত্ৰজোঁটৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰিও কেজৰিৱালে ঠিকাভিত্তিক কৰ্মচাৰীসকলক নিয়মীয়া কৰাৰ কথাও ঘোষণা কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক